তিনিচুকীয়া: সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)য়ে জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসন বিচাৰি ৰাজপথত সংগ্ৰাম কৰি আহিছে । কিন্তু জনগোষ্ঠীটোৰ ৰাইজক সদায় প্ৰতিখন চৰকাৰে ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি আহিছে । গতিকে ৰাজপথৰ সংগ্ৰামখন অধিক সবলৰূপে আগবঢ়াই নিয়াৰ পোষকতা কৰি ৰাইজ ওলাই আহিছে ৰাজপথলৈ । আটাছুৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অসমৰ বিভিন্ন ঠাইত তাই আহোম জনগোষ্ঠীৰ ৰাইজে প্ৰতিবাদ কৰি অহাৰ লগতে আটাছু কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে মঙলবাৰে তিনিচুকীয়া জিলা তাই আহোম ছাত্র সন্থাৰ উদ্যোগত নিউ তিনিচুকীয়া ৰে'ল ষ্টেচনত ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
শতাধিক ৰাইজে ইণ্টাৰচিটি ৰে’ল অৱৰোধ কৰি জনজাতিকৰণৰ দাবীত তিনিচুকীয়াৰ আকাশ-বতাহ কঁপাই তোলে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি আটাছুৰ তিনিচুকীয়া জিলাৰ মুখ্য উপদেষ্টা নৱজিৎ বৰুৱা, সভাপতি নয়ন বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক সৌমাৰজিৎ কোঁৱৰে জনগোষ্ঠীৰ ৰাইজক আগন্তুক পঞ্চায়ত নিৰ্বাচনত দাবীসমূহৰ বিষয়ে উত্থাপন নকৰা প্ৰতিটো ৰাজনৈতিক দলৰ কৰ্মকৰ্তাক পশুখেদা দিবলৈ আহ্বান জনায় ।
আহোমক হিতাধিকাৰী সজাবলৈ চেষ্টা মুখ্য়মন্ত্ৰীৰ :
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটাছুৰ কেন্দ্ৰীয় সভাপতি চাও মিলন বুঢ়াগোহাঁইয়ে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয়, “তাই আহোম জনগোষ্ঠীৰ দুখ-দুৰ্দশা আৰু দাবীসমূহ বিষয়ে গুৰুত্ব দিবলৈ বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সময় নাই । বিগত লোকসভা নিৰ্বাচনত যোৰহাট আৰু ডিব্রুগড় সমষ্টিত মুখথেকেছা খাই মুখ্যমন্ত্ৰীয়ে কেৱল আহোম জনগোষ্ঠীৰ ৰাইজক হিতাধিকাৰী সজাবলৈ অহৰহ চেষ্টা কৰি বিভিন্ন পন্থা অৱলম্বন কৰিছে । প্ৰয়োজন হ'লে তাই আহোমক ক্ষন্তেকীয়াকৈ বিভিন্ন সুবিধা দিব; কিন্তু জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে সুৰক্ষিত হোৱাকৈ জনজাতিকৰণ নিদিয়ে । কাৰণ জনজাতিকৰণ দিলে মুখ্যমন্ত্ৰীৰ আসন থৰক-বৰক হ'ব ।"
তেওঁ পুনৰ কয়, "তাই আহোমৰ যিসকল নেতা-কৰ্মী বিজেপি দলত আছে সিহঁতেও দুদিনীয়া সুবিধাৰ স্বাৰ্থত নিজ জনগোষ্ঠীটোক মাহী আইৰ চকুৰে চাই আছে । গতিকে মুখ্যমন্ত্ৰীৰ প্ৰিয়পাত্ৰ ভাবি তেওঁ ৰচা তাই আহোমৰ ধ্বংসযজ্ঞত সহযোগ কৰি আছে । যিদিনা মুখ্যমন্ত্ৰীৰ আসন হিমন্ত বিশ্ব শৰ্মাৰ পৰা যাব সেইদিনাৰ পৰা আমাৰ জনগোষ্ঠীৰ সেই বদনবোৰৰো সমাজত স্থান নাইকিয়া কৰি দিব সিহঁতৰ গুৰুসদৃশ হিমন্ত বিশ্ব শৰ্মাই । আহোম জনগোষ্ঠীৰ দক্ষ বিধায়কক মন্ত্ৰিত্ব প্ৰদান নকৰে মুখ্যমন্ত্ৰীয়ে,কাৰণ আহোমৰ দক্ষতাক ভয় কৰে । সেয়েহে যোগেন মহনৰ দৰে অকৰ্মণ্য এজনক মন্ত্ৰিত্ব প্ৰদান কৰি থৈছে যিজনে একো এটা সিদ্ধান্ত নিজেই ল'বও নোৱাৰে, কামো কৰিব নোৱাৰে ।
তাই ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ দাবী :
তেওঁ কয়, "ৰাজহ মন্ত্ৰী হৈ থাকোতে বানৰ কবলত পৰি কাঁইটীয়া শিবিৰত বছৰ বছৰ ধৰি বসবাস কৰি থকা ২১ টা পৰিয়ালক ভূমি প্ৰদান কৰিম বুলি ৰাজহুৱাকৈ মিছা মতা যোগেন মহনক মুখ্যমন্ত্ৰীয়ে সৰ্বকালৰ বাবে মন্ত্ৰিত্ব দি থাকিব কাৰণ তেওঁ হয় হুজুৰ কৈ থকা মন্ত্ৰী । তেওঁকো এইবাৰ আমি এসেকা দিব লাগিব ভালকৈ । তাই ভাষাৰ শিক্ষক প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ কাৰ্যকালত ২০০ জনক নিযুক্তি দিছিল, সেই হিতেশ্বৰ শইকীয়াৰে ৰাজনৈতিক শিষ্য বুলি স্বীকাৰ কৰা হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক গুৰুৰ পৰৱৰ্তী সিদ্ধান্ত হিচাপে থকা তাই ভাষা শিক্ষক নিযুক্তি এজনো আজিলৈকে দিয়া নাই । অনতিপলমে তাই ভাষাৰ শিক্ষক নিযুক্তি নিদিলে আহোম জনগোষ্ঠীৰ ছাত্র-ছাত্ৰী সকলেও হিমন্ত বিশ্ব শৰ্মাক বেঁকা চকুৰে চাবলৈ আৰম্ভ কৰিব লাহেকৈ । মুঠৰ ওপৰত এই সমূহ সমস্যাৰ সমাধান হিচাপে আমি ৰাজনৈতিক সংগ্ৰাম কৰিব লাগিব । "
এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিক আহোম অধ্যুষিত অঞ্চলত তিতা-কেঁহা দেখুৱাই দিবলৈ ৰাইজক আহ্বান জনাই তেওঁ কয়, "আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ আগত ৰাজনৈতিকভাৱে বিজেপি দলটোক এশিকনি দিবলৈ সাজু হ'বলৈ ৰাইজক আহ্বান জনাইছো ৷ ”
প্ৰতাৰণা কৰা লোকক শিক্ষা দিয়াৰ আহ্বান :
আটাছুৰ কেন্দ্ৰীয় উপদেষ্টা অনিল গগৈয়ে কয়, “আহোম জনগোষ্ঠীৰ ৰাইজ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হওক যাতে বিজেপিয়ে ভোট বিচাৰি আহোতে আমাৰ জনগোষ্ঠীক প্ৰতাৰণা কৰা লোকক উচিত শিক্ষা দিব পাৰে । আহোমৰ নামত কেৱল ৰাজনীতি কৰি নিজৰ উন্নয়ন কৰিছে । গতিকে ৰাইজ সময় থাকোতে বুজি উঠক আৰু জাতিৰ বদন সকলক চিনি থওক ৷ গাঁৱে গাঁৱে প্রতিবাদ কৰিবলৈ সকলোকে একগোট কৰি জনগোষ্ঠীটোৰ লাখ লাখ লোকক লগত লৈ অহৰহ প্ৰতিবাদ কৰিলেহে এই মিছলীয়া চৰকাৰখনে আহোমৰ ভয় খাব ।” এই কাৰ্যসূচীৰ অন্তত তিনিচুকীয়া জিলা আটাছুয়ে বিভিন্ন দাবীৰ সমৰ্থনত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।