অমৃতপাল সিঙৰ আৰু এজন সহযোগীক ডিব্ৰুগড়ৰ পৰা পঞ্জাবলৈ নিয়াৰ প্ৰস্তুতি
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থকা অমৃতপাল সিঙৰ সহযোগীক পাঞ্জাবলৈ লৈ যোৱাৰ সম্ভাৱনা । পঞ্জাব আৰক্ষীৰ দল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত ।

Published : April 9, 2025 at 3:53 PM IST
ডিব্ৰুগড়: কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ২০২৩ চনৰ এপ্ৰিলৰ পৰা 'ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ লগতে আন সহযোগী খালিস্তানী কাৰাবন্দীয়ে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত দিন কটাই আহিছিল । ৱাৰিছ পঞ্জাব দেৰ সমৰ্থক, সাংসদ অমৃত পাল সিঙৰ সৈতে আন ৯ গৰাকী সহযোগীক আজনালা আৰক্ষী থানাত হোৱা আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত ২০২৩ চনত গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (NSA) অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল ।
কিন্তু ইয়াৰ মাজতে ডিব্ৰুগড়ত কাৰাবন্দী হৈ থকা ৭ জনৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত পঞ্জাব চৰকাৰে গ্ৰহণ নকৰাত ইতিমধ্যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁলোকক পঞ্জাব আৰক্ষীৰ দলে নিজৰ জিম্মাত পঞ্জাবলৈ লৈ গৈছে ।
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দুটা ভাগত অমৃতপাল সিঙৰ সহযোগীক ২০ মাৰ্চত পঞ্জাবলৈ লৈ যোৱা হয়। ইয়াৰ পাছতে অমৃতপাল সিঙৰ আন এজন সহযোগীক ২৫ মাৰ্চত পঞ্জাবলৈ লৈ যোৱাৰ পাছত বুধবাৰে পুনৰ আন এজনক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাবলৈ নিয়া হ'ব । বুধবাৰে পাপলপ্ৰীত সিং নামৰ বন্দীজনক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাবলৈ স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে ।
জানিব পৰা মতে পাপলপ্ৰীত সিঙৰ এন এছ এৰ ম্যাদ বুধবাৰে সমাপ্ত হৈছে । ইতিমধ্যে পঞ্জাব আৰক্ষীৰ দল আহি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছে । যাৱতীয় আইনী কাম শেষ হ'লে এন এছ এৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা অমৃতপাল সিঙৰ সহযোগীগৰাকীক পঞ্জাবলৈ লৈ যোৱা হ'ব ।
এই ক্ষেত্ৰত পঞ্জাবৰ পৰা অধিবক্তাই কয়, "পাপলপ্ৰীত সিঙক পঞ্জাবলৈ নিয়া হ'ব । যাৱতীয় নথি-পত্ৰ জমা দিয়া হৈছে । আজিৰ ভিতৰতে তেওঁক নিয়াৰ সম্ভাৱনা আছে ।"

