ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যটন দিৱসত কাজিৰঙাত দেখা গ’ল সোণালী বাঘ

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:12 PM IST

Golden Tiger in Kaziranga: ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ দিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X ত পোষ্ট কৰিলে সোণালী বাঘৰ ফটো ৷ সোণালী বাঘৰ আবিৰ্ভাৱ প্ৰসংগই কাজিৰঙালৈ পৰ্যটকৰ আগমণ বৃদ্ধি কৰাৰ আশা প্ৰকাশ কৰিছে ৷

National Tourism Day 2024
ৰাষ্ট্ৰীয় পৰ্যটন দিৱসত কাজিৰঙাত দেখা গ’ল সোণালী বাঘ
ৰাষ্ট্ৰীয় পৰ্যটন দিৱসত কাজিৰঙাত দেখা গ’ল সোণালী বাঘ

কাজিৰঙা, ২৫ জানুৱাৰী : প্ৰতি বছৰে ২৫ জানুৱাৰীৰ দিনটোত ভাৰতত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হিচাপে পালন কৰা হয় ৷ মানুহে কেৱল পৰ্যটনৰ জৰিয়তে বিভিন্ন অভিজ্ঞতা লাভ কৰাই নহয় বৰঞ্চ ই বহু লোকক কৰ্মসংস্থাপনৰ সুবিধাও প্ৰদান কৰে ৷ ১৯৪৮ চনৰে পৰা উদযাপন কৰি অহা এই পৰ্যটন দিৱসৰ উদ্দেশ্য হ’ল পৰ্যটন উদ্যোগটোৰ সৰ্বাংগীন উন্নয়ন ৷ এইবাৰৰ পৰ্যটন দিৱসৰ প্ৰাকক্ষণত কাজিৰঙাত প্ৰত্যক্ষ কৰা হৈছে সোণালী বাঘ ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ বননিত শেহতীয়াকৈ প্ৰত্যক্ষ কৰা সোণালী বাঘে ইয়াৰ সৌন্দৰ্যত যেন সুৱগা চৰাইছে ৷ ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ দিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোণালী বাঘৰ ফটো X ত পোষ্ট কৰি লিখে যে, মেজেষ্টিক বিউটি ৷ শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা বিৰল সোণালী বাঘ দেখা গৈছে ।

বাঘটোৰ বিচৰণৰ দৃশ্যই অনুপম জৈৱ-বৈচিত্ৰৰে চহকী অসমৰ সেউজ-সোণোৱালী অপৰূপ সৌন্দৰ্যকে প্ৰতিফলিত কৰিলেও জানিব পৰা মতে-বাঘটোৰ সোণালী ৰঙৰ কাৰণ হয়তো জেনেটিক ৷ অথবা শাৰীৰিক কোনো বিশেষ কাৰণত হয়তো সলনি হ’ব পাৰে বাঘটোৰ বৰণ ৷ এতিয়া পৰ্যটন দিৱসৰ দিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পোষ্টত সোণালী বাঘৰ ছবিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

ইয়াৰ উপৰিও ট্যুৰিষ্ট গাইড বুদ্ধেশ্বৰ কোঁৱৰৰ কেমেৰাত বন্দী হয় সোণালী বাঘটোৰ ভিডিঅ’ ৷ স্বাভাৱিকতে সোণালী বাঘৰ আবিৰ্ভাৱ প্ৰসংগই কাজিৰঙালৈ পৰ্যটকৰ আগমণ বৃদ্ধি কৰাৰ আশা প্ৰকাশ কৰিছে ৷

এই দিৱস উদযাপন আৰম্ভ হৈছিল ১৯৪৮ চনৰ পৰা ৷ ১৯৯৮ চনত পৰ্যটন আৰু যোগাযোগ মন্ত্ৰীৰ নেতৃত্বত পৰ্যটন বিভাগ স্থাপন কৰা হয় ৷ পৰ্যটনই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগাব পাৰে তাৰ গুৰুত্ব বুজি প্ৰথমে পৰ্যটন যাতায়ত সমিতি গঠন কৰা হয় ৷ গঠন হোৱাৰ প্ৰায় তিনিবছৰ পিচত অৰ্থাৎ ১৯৫১ চনত কলকাতা আৰু চেন্নাইত পৰ্যটন দিৱসৰ আঞ্চলিক কাৰ্যালয় স্থাপন কৰা হয় ৷ তাৰ পিচত দিল্লী, মুম্বাই আৰু কলকাতাতো পৰ্যটন কাৰ্যালয় স্থাপন কৰা হয় ৷ প্ৰতি বছৰে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উদযাপন কৰা হয় এক ভিন্ন বিষয়বস্তুৰে ৷ এইবাৰ ইয়াৰ বিষয়বস্তু হৈছে “Stable Journey, Timeless Memory” ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ বিশেষত্ব তথা তাৎপৰ্য কি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.