ETV Bharat / health

ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ বিশেষত্ব তথা তাৎপৰ্য কি জানেনে ?

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 11:36 AM IST

National Tourism Day 2024: প্ৰতি বছৰে ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয় । পৰ্যটনে কেৱল আনন্দ আৰু অভিজ্ঞতা প্ৰদান কৰাই নহয় ই বহু লোকক কৰ্মসংস্থাপনৰ সুবিধাও প্ৰদান কৰে । দেশৰ জিডিপি বৃদ্ধিত পৰ্যটনৰো ডাঙৰ ভূমিকা আছে ৷ গতিকে এই দিৱস কিয় উদযাপন কৰা হয় তথা এই দিৱসৰ আৰম্ভণি কেনেকৈ হ’ল, এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

National Tourism Day 2024 date, history and significance
ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ বিশেষত্ব

প্ৰতি বছৰে ২৫ জানুৱাৰীৰ দিনটোত ভাৰতত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস হিচাপে পালন কৰা হয় ৷ মানুহে কেৱল পৰ্যটনৰ জৰিয়তে বিভিন্ন অভিজ্ঞতা লাভ কৰাই নহয় বৰঞ্চ ই বহু লোকক কৰ্মসংস্থাপনৰ সুবিধাও প্ৰদান কৰে ৷ দেশৰ জিডিপি বৃদ্ধিত পৰ্যটনৰ বিশেষ ভূমিকা আছে ৷

ইয়াৰ গুৰুত্ব আলোকপাত কৰাৰ উদ্দেশ্যেৰে এই দিৱস উদযাপন আৰম্ভ কৰা হৈছিল ৷ এই দিৱসটোৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কথাৰ লগতে এই দিৱসটো কোনটো থিম লৈ পালন কৰা হৈছে সেই বিষয়ে জানো আহক ৷

ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ ইতিহাস

এই দিৱস উদযাপন আৰম্ভ হৈছিল ১৯৪৮ চনৰ পৰা ৷ ১৯৯৮ চনত পৰ্যটন আৰু যোগাযোগ মন্ত্ৰীৰ নেতৃত্বত পৰ্যটন বিভাগ স্থাপন কৰা হয় ৷ পৰ্যটনই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগাব পাৰে তাৰ গুৰুত্ব বুজি প্ৰথমে পৰ্যটন যাতায়ত সমিতি গঠন কৰা হয় ৷ গঠন হোৱাৰ প্ৰায় তিনিবছৰ পিচত অৰ্থাৎ ১৯৫১ চনত কলকাতা আৰু চেন্নাইত পৰ্যটন দিৱসৰ আঞ্চলিক কাৰ্যালয় স্থাপন কৰা হয় ৷ তাৰ পিচত দিল্লী, মুম্বাই আৰু কলকাতাতো পৰ্যটন কাৰ্যালয় স্থাপন কৰা হয় ৷

ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ বিষয়বস্তু

প্ৰতি বছৰে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উদযাপন কৰা হয় এক ভিন্ন বিষয়বস্তুৰে ৷ এইবাৰ ইয়াৰ বিষয়বস্তু হৈছে “Stable Journey, Timeless Memory” ৷

ৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ গুৰুত্ব

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ পৰ্যটনস্থলীসমূহ কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰা ৷ ইয়াৰ জৰিয়তে ভাৰতৰ অৰ্থনীতি শক্তিশালী হয় ৷ ইয়াৰ বাহিৰেও পৰ্যটন প্ৰতিখন দেশৰ বাবে কৰ্মসংস্থাপনৰ এক বৃহৎ উৎস, গতিকে এই দিৱস উদযাপনৰ এটা উদ্দেশ্য হ’ল কৰ্মসংস্থাপনৰ প্ৰসাৰ ৷

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটন দিৱসৰ মাজত পাৰ্থক্য

ভাৰতত বছৰত দুবাৰকৈ পৰ্যটন দিৱস পালন কৰা হয় ৷ ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰাৰ বিপৰীতে ২৭ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয় ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 2024: ভোটদান কেৱল অধিকাৰেই নহয় দায়িত্বও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.