ETV Bharat / state

তেজপুৰত বিজ্ঞান দিৱসত ৩২ টা প্ৰকল্পৰে শিক্ষক-অভিভাৱকৰ দৃষ্টি আকৰ্ষণ ছাত্ৰ-ছাত্ৰীৰ

National Science Day at Tezpur : যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন । ৩২ টা প্ৰকল্পৰে শিক্ষক-অভিভাৱকৰ দৃষ্টি আকৰ্ষণ ছাত্ৰ-ছাত্ৰীৰ ।

যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 8:40 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ, ২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত ৩২ টা প্ৰকল্প প্ৰস্তুত আৰু প্ৰদৰ্শনৰ উপৰি প্ৰকল্পৰ বিষয়ে সাৱলীল উপস্থাপনেৰে বুধবাৰে শিক্ষক-অভিভাৱকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ বিদ্যালয়খনৰ তত্ত্বাৱধায়ক শিক্ষকৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰা বিজ্ঞান মনস্কতাই প্ৰকৃততে আধুনিক শিক্ষাৰ উত্তৰণকেই সূচাইছে বুলি মন্তব্য কৰে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নলিনীকান্ত বড়োৱে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ লগতে বিজ্ঞানী চি ভি ৰমণ আৰু ৰমণ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰে ৷ উল্লেখ্য যে বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৰ উদ্যোগত কাৰ্যত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মানসিক, শৈক্ষিক আৰু সামাজিক বিকাশৰ বাবে প্ৰত্যেক বছৰেই বহল ভিত্তিত সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে ৷

এইবাৰ অটল টিংকাৰিং লেবৰ পৰা শিক্ষয়িত্ৰী নিংকু নিশা নেওগৰ তত্ত্বাৱধানত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী তথা ব্যক্তিৰ সুবিধা হোৱা প্ৰকল্পসহৰ ৬ টা উন্নতমানৰ প্ৰকল্প প্ৰস্তুত কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় ৷ একেদৰে শিক্ষয়িত্ৰী সুমন দেৱীৰ তত্ত্বাৱধানত ৫ টা আৰু জ্যেষ্ঠ শিক্ষক দ্বিজেন নাথ, কুলেন পাটোৱাৰী আৰু প্ৰশান্ত কুমাৰ নাথৰ তত্ত্বাৱধানত বাকী প্ৰকল্পসমূহ প্ৰস্তুত কৰাৰ লগতে প্ৰদৰ্শন কৰা হয় ৷ আনহাতে, বুধবাৰে পুৱা প্ৰথমে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা প্ৰকল্পসমূহ প্ৰণালীবদ্ধভাৱে এটা কোঠাত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় ৷

ইয়াতেই সকলোৱে প্ৰকল্পসমূহ মুকলিকৈ প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পিচতে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বকুল কুৰ্মীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মনোগ্ৰাহী বক্তব্য প্ৰদান কৰে গাভৰু শিক্ষা খণ্ড, তেজপুৰৰ সমল ব্যক্তি তথা উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পংকজকান্তি দেৱৰয়ে ৷

তেওঁ শিক্ষা তথা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিভিন্ন দিশৰ উদাহৰণ দি শিক্ষকসকলক উদ্বুদ্ধ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে ৷ শিক্ষয়িত্ৰী নিংকু নিশা নেওগে আঁত ধৰা সভাখনত বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে বৰ্তমানৰ প্ৰতিযোগিতামুখী শিক্ষাৰ ব্যাখ্যা দাঙি ধৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান মনস্কতাৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰাৰ সমান্তৰালভাৱে লক্ষ্যপ্ৰাপ্তিৰ বাবে নিৰ্বাচন কৰি লোৱা প্ৰতিযোগিতাতত নিজৰ স্থান নিশ্চিত কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰাৰ বাবে আহ্বান জনায় ৷

প্ৰধানত প্ৰধান শিক্ষক বড়োৰ নিজা উদ্যোগ আৰু তৎপৰতাত বিদ্যালয়খন আৰু বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন দিশত ব্যুৎপত্তি আৰ্জন কৰা পৰিলক্ষিত হৈছে ৷ মন কৰিবলগীয়া যে বিদ্যালয়খন বহু অভাৱেৰে জৰ্জৰিত ৷ তৎসত্ত্বেও নিজা শৈক্ষিক কৰ্মসূচীত বাধা আহিব দিয়া নাই ৷ কৃষি কৰ্ম, গছপুলি ৰোপণ, জীৱিকা নিদানকে ধৰি বিভিন্ন শৈক্ষিক কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰে ।

অভিভাৱক আৰু ৰাইজৰ সমাদৰ লাভ কৰা বিদ্যালয়খনত কিন্তু নাই আই চি টি, এন এছ কিউৰ বিভাগ ৷ আনকি ছাত্ৰীৰ প্ৰস্ৰাৱগাৰো অনুপযোগী, শিক্ষকৰ জিৰণি কোঠাৰ অৱস্থা তথৈবচ ৷ এইদিশত ঊৰ্ধ্বতন কৰ্তৃপক্ষই চকু দিয়াটো বিচাৰিছে অভিভাৱক-ৰাইজে ৷

লগতে পঢ়ক :কলিয়াবৰৰ বিমলা একাডেমীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন