ETV Bharat / state

দীপাংক নাথৰ নাম মুখত ল’বলৈয়ো ঘিণ লাগে নগাঁও জিলা ছাত্ৰ সন্থাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 4:51 PM IST

AASU Leaders Joins BJP: আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই । আছুক নেতৃত্ব দিয়াৰ সময়ত বিভিন্ন জিলা ছাত্ৰ সন্থাক ভাগ ভাগ কৰাৰো চেষ্টা চলাইছিল বুলিও কয় জিলা ছাত্ৰ সন্থাই ৷

AASU Leaders Joins BJP
দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে গৰজি উঠিল নগাঁও আছু
দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ নগাঁও জিলা আছুৰ

নগাঁও, 1 ফেব্ৰুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব দি নাগৰিকত্ব সংশোধনী আইনৰ লগতে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ সক্ষম হোৱাৰ পিছত হঠাৎ বিজেপি দলতেই যোগদান কৰা আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্নজন ৷ বৃহস্পতিবাৰে ই টি ভি ভাৰতৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই ।

ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিজেপিত যোগদান কৰা আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথক 'জাতীয় গাদ্দাৰ' আখ্যা নগাঁও জিলা ছাত্ৰ সন্থাৰ ৷ সদৌ অসম ছাত্ৰ সন্থা এৰি বিজেপিত যোগদান কৰা দীপাংক কুমাৰ নাথে আছুক নেতৃত্ব দিয়াৰ সময়তো বিজেপিৰ এজেন্ট হিচাপে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰাই ৷

আছুক নেতৃত্ব দিয়াৰ সময়ত বিভিন্ন জিলা ছাত্ৰ সন্থাক ভাগ ভাগ কৰাৰো চেষ্টা চলাইছিল বুলিও ই টি ভি ভাৰতৰ সন্মুখত অভিযোগ উত্থাপন কৰিছে নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদকে ৷ আনকি দীপাংক কুমাৰ নাথে ছাত্ৰ সন্থা এৰি মুকলিকৈ বিজেপিত যোগদান কৰাত বৰ্তমানৰ আছু নেতৃত্ব পূৰ্বতকৈ অধিক শক্তিশালী হোৱা বুলিও মন্তব্য কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদকে ৷

ইফালে প্ৰাক্তন আছু নেতা দীপাংক কুমাৰ নাথক ভণ্ড জাতীয়তাবাদী আখ্যা দি তেওঁৰ নাম মুখত ল’বলৈও ঘিণ লগা হৈছে বুলি উল্লেখ কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৷ দীপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰাৰ বাবে আছুৰ বিশেষ ক্ষতি হ’ব বুলি নাভাবে বুলি কয় নেতা দুজনে ৷ বৰঞ্চ ইয়াৰ বাবে বৰ্তমান ছাত্ৰ সন্থা অধিক শক্তিশালী হ’ব বুলি মন্তব্য কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৷

উল্লেখ্য যে, দেওবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ আৰু প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাসৰ লগতে আছুৰ কেইবাজনো প্ৰাক্তন নেতা-কৰ্মীয়ে দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ এই যোগদানৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

আছুৰ লগতে বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে এই প্ৰাক্তন আছু নেতা কেইজনক বিশেষকৈ দীপাংক কুমাৰ নাথক গৰিহণা দিয়াৰ লগতে চোকা ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ আছুৰ 'কা' বিৰোধী আন্দোলনৰ নেতৃত্ব দি, বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দীপাংক কুমাৰ নাথে পুনৰ বিজেপিতেই যোগদান কৰাৰ বাবে তেওঁৰ প্ৰতি আছুৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : মাতৃভাষা হত্যাৰ ষড়যন্ত্ৰ কৰিছে ৰাজ্য চৰকাৰে: নগাঁও জিলা ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.