মাতৃভাষা হত্যাৰ ষড়যন্ত্ৰ কৰিছে ৰাজ্য চৰকাৰে: নগাঁও জিলা ছাত্ৰ সন্থা
AASU Protest in Nagaon : ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মাতৃভাষা হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ নগাঁও জিলা ছাত্ৰ সন্থাৰ ৷ চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৷

Published : February 1, 2024 at 4:01 PM IST
নগাঁও, 1 ফেব্ৰুৱাৰী : নগাঁৱত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৷ চৰকাৰ বিৰোধী শ্ল’গানেৰে সংগঠনটোৱে কঁপালে নগাঁৱৰ ৰাজপথ ৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মাতৃভাষা হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ নগাঁও জিলা ছাত্ৰ সন্থাৰ ৷
ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম অসমীয়া মাধ্যমৰ বিপৰীতে ইংৰাজী মাধ্যমত কৰাৰ বাবে ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছৰ পৰাই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে ৷ আনকি বহু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল নকৰাত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল ছাত্ৰ সন্থা ৷
বৃহস্পতিবাৰেও চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে নগাঁও জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় সমিতিৰ আহ্বানত পুনৰ গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ নগাঁও চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদী সমদলত চৰকাৰ বিৰোধী নানা শ্ল’গানেৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে নগাঁৱৰ ৰাজপথ ৷ নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা উলিওৱা সমদলত ছাত্ৰ সন্থাৰ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী উত্থাপন কৰে নগাঁও জিলা ছাত্ৰ সন্থাই ৷ ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় অসমীয়া মাধ্যমৰ বিপৰীতে ইংৰাজী মাধ্যমত ব্যৱস্থা কৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজ্য চৰকাৰে মাতৃভাষা হত্যাৰ ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গই ৷ চৰকাৰৰ এই সিদ্ধান্ত বাতিল নকৰিলে পৰৱৰ্তী সময়ত আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখাৰো হুংকাৰ প্ৰদান কৰে নগাঁও জিলা ছাত্ৰ সন্থাই ৷ বৃহস্পতিবাৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা, সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি জিলা ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক : উত্তপ্ত মনোহাৰী চাহ বাগিচা, শ্ৰমিকৰ হুংকাৰ- হিটলাৰী শাসন নচলিব

