ETV Bharat / state

কোকৰাঝাৰত মোৰ কোনো প্ৰতিদ্বন্দ্বী নাই: সাংসদ নৱ শৰণীয়াৰ হুংকাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 5:56 PM IST

Lok Sabha Elections 2024 : "কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াৰ কোনো বিকল্প নাই ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা মই নিৰ্বাচন খেলিমেই । মোৰ মনোনয়ন-পত্ৰও গ্ৰহণ হ'ব আৰু নিৰ্বাচনতো জয়যুক্ত হ'ম ।" এই দাবী সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷

লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া
লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া

লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰতিক্ৰিয়া

কোকৰাঝাৰ, ২৮ ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচন সমাগত । মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে নিৰ্বাচন আয়োগে দেশৰ সাধাৰণ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ সম্ভাৱনা আছে । আনহাতে, আগন্তুক নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধী উভয় পক্ষই । লগতে নিজকে প্ৰস্তুত কৰাৰ ব্যস্ত প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল । তাৰ মাজতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই নিজক লৈ এক ডাঙৰ ঘোষণা কৰিছে ।

উল্লেখ্য যে ভুৱা জনজাতিৰ জাতিগত প্ৰমাণ-পত্ৰৰ বাবে আইনী মেৰপাকত আবদ্ধ হৈ পৰা কোকৰাঝাৰ জনজাতি লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই পুনৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে ৷ কেৱল নিৰ্বাচন খেলাই নহয়, তেওঁৰ মনোনয়ন-পত্ৰ গ্ৰহণ হ'ব আৰু নিৰ্বাচনত জয়যুক্ত হ'ব বুলিও দাবী কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে ৷

বুধবাৰে সাংসদ নৱ কুমাৰ শৰণীয়াই সংবাদ মাধ্যমৰ আগত কয় যে আইনী প্ৰতিবন্ধকতা নেওচি কোকৰাঝাৰ লোকসভা সমষ্টিটোৰ পৰা তেওঁ পুনৰনিৰ্বাচন খেলিব ৷ আনহাতে, তেওঁৰ বিৰুদ্ধে যিমানেই ষড়যন্ত্ৰ নকৰক কিয়, সেয়া কেতিয়াও সফল নহয় বুলিও কয় নৱ শৰণীয়াই ৷ ইয়াৰ বিপৰীতে ষড়যন্ত্ৰ ৰচিলেও সেয়া ওফৰাই তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও প্ৰকাশ কৰে ৷ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন-পত্ৰও গ্ৰহণ হ'ব আৰু নিৰ্বাচনতো জয়যুক্ত হ'ব বুলি লগতে দাবী কৰে ৷

ইয়াৰ কাৰণ হিচাপে কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াৰ কোনো বিকল্প নাই বুলি নিজে উল্লেখ কৰে ৷ আনহাতে, হাগ্ৰামা মহিলাৰী বা প্ৰমোদ বড়ো কেতিয়াও নৱ কুমাৰ শৰণীয়াৰ বিকল্প হ'ব নোৱাৰে বুলিও দৃঢ়তাৰে প্ৰকাশ কৰে ৷ ইয়াৰ উপৰি কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলিও তেওঁ দাবী কৰে ৷ ইপিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় যে এই জনজাতিকৰণ শীঘ্ৰে হ'ব লাগে । লগতে বিটিআৰ এলেকাৰ ভূমি পট্টাৰ সমস্যা সমাধান কৰিব লাগে বুলিও উল্লেখ কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷

লগতে পঢ়ক :দিল্লীত গেৰুৱা বসন পিন্ধিবলৈ সাজু ৰাণা গোস্বামী; যোৰহাটত মিশ্ৰিত প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.