ETV Bharat / state

নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছমুক্ত ভাৰতৰ সপোন পূৰণ নহয়: গৌৰৱ গগৈ

Gourav Gogoi at Barak Valley : ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সপোন দেখিছে যে ভাৰতৰ ৰাজনীতি কংগ্ৰেছমুক্ত হ'ব । কিন্তু সেয়া জানো হৈছে । বৰাকত উপস্থিত হৈ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ।

দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকত সাংসদ গৌৰৱ গগৈ
দুদিনীয়া ভ্ৰমণসূচীৰে বৰাকত সাংসদ গৌৰৱ গগৈ
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 7:06 PM IST

2 Min Read
Choose ETV Bharat
শিলচৰত নিৰ্বাচনী কাৰ্যালয় মুকলি সাংসদ গৌৰৱ গগৈ ৰ

শিলচৰ, ২৮ ফেব্ৰুৱাৰী : দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে বুধবাৰে বৰাকত উপস্থিত হৈছে সংসদত বিৰোধী দলৰ উপ-দলপতি তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ । বুধবাৰে পুৱা ১১ বজাত তেওঁ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হয় । বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে সাংসদ গৌৰৱ গগৈক বৰাকৰ তিনিখন জিলাৰ কংগ্ৰেছ কৰ্মীসকলে উষ্ম অভিনন্দন তথা আদৰণি জনায় ।

উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত পৃথক পৃথক সভাত অংশগ্ৰহণ কৰিব গৌৰৱ গগৈয়ে । ইয়াৰে অংশ হিচাপে বুধবাৰে শিলচৰ বিমানবন্দৰৰ পৰা পোনে পোনে কাছাৰৰ উদাৰবন্দৰ ব্লক কংগ্ৰেছ কাৰ্যালয়ত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে গৌৰৱ গগৈয়ে । কাৰ্যালয়টো মুকলি কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত তেওঁ কয়, "দুই-এজন লোক দলৰ পৰা ওলাই গ'লেও কংগ্ৰেছৰ একো ক্ষতি নহয় ৷ বিজেপিৰ বেয়া দিনত যিসকলে দলটোক জীয়াই ৰাখিছিল, এতিয়া ভাল দিনত সেইসকলক আঁতৰাই কংগ্ৰেছৰ পৰা মানুহ নিছে মুখ্যমন্ত্ৰীয়ে ।"

উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ দলত্যাগ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ তেওঁৰ মতে, বেয়া দিনত দলৰ সৈতে যিসকল থাকিব, দলৰ ভাল দিন যেতিয়া আহিব তেতিয়া তেওঁলোকক বেছি মৰম আৰু গুৰুত্ব দিয়া হ'ব ৷ আনহাতে, আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰে ভাল হ'ব বুলি দাবী কৰে গৌৰৱ গগৈয়ে ৷

ইয়াৰ উপৰি বিভিন্ন দলৰ সৈতে মিত্ৰতা প্ৰায় সম্পন্ন হোৱাৰ পথত বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত কংগ্ৰেছৰ নিৰ্বাচনত যে ভাল আহিব তাত কোনো সন্দেহ নাই ৷ লগতে তেওঁ কয় যে ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সপোন দেখিছে যে ভাৰতৰ ৰাজনীতি কংগ্ৰেছমুক্ত হ'ব । কিন্তু এয়া সম্ভৱ হৈছে নেকি বুলিও প্ৰশ্ন কৰে সাংসদ গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক :সমষ্টি পুনৰ নিৰ্ধাৰণে কিদৰে সলনি কৰিলে নগাঁও লোকসভা সমষ্টিৰ ভোট বিন্যাস ?