ETV Bharat / state

চিবিআইৰ প্ৰতিবেদনে বাকৰুদ্ধ কৰিলে জোনমণিৰ মাতৃক

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 3:53 PM IST

SI Junmoni Rabha Death: "মোৰ ক’বলৈ আজি ভাষা নাই । CBI য়ে যি কৈছে মই মানি ল’ব নোৱাৰো । মইনো কি ক’ম ? যিমান ক’ব লগা আছিল কৈ দিলো ।" চি বি আইৰ তদন্তক লৈ সন্তুষ্ট নহয় জোনমণি ৰাভাৰ মাতৃ ।

SI Junmoni Rabha Death
চি বি আইৰ অভিযোগনামাক লৈ অসন্তুষ্ট জোনমণিৰ মাতৃ

গুৱাহাটী,৭ ফেব্ৰুৱাৰী: এছ আই জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত CBI তদন্তৰ প্ৰতিবেদনকলৈ সন্তুষ্ট নহয় জোনমণি ৰাভাৰ মাতৃ । চি বি আইয়ে দাখিল কৰা অভিযোগনামাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে মৃত জোনমণি ৰাভাৰ মাতৃয়ে । চি বি আইয়ে বুধবাৰে অভিযোগনামা দাখিল কৰাৰ পিচতে জোনমণি ৰাভা মাতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

"মোৰ ক’বলৈ আজি ভাষা নাই । CBI য়ে যি কৈছে মই মানি ল’ব নোৱাৰো । মই নো কি কম যিমান ক’ব লগা আছিল কৈ দিলো । যদি মোৰ ছোৱালী হাত ভৰি ভাঙি বিচনাত পৰি থাকিল হয় তেতিয়া ক’ব পাৰিলে হয় যে পথ দুৰ্ঘটনা হৈছিল নে কোনোবাই মাৰিছিল । এতিয়া একো সাক্ষী নাই প্ৰমাণ নাই । মোৰ হাতত যি প্ৰমাণ আছিল মই সকলো দিছো । এতিয়া ৰাইজে বিচাৰ কৰিব।" এইদৰে ক’লে জোনমণি ৰাভাৰ মাতৃয়ে ৷

উল্লেখ্য যে SI জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি CBI য়ে অভিযোগনামা দাখিল কৰিছিল । হত্যা অথবা চৰমপন্থাৰ কথা নস্যাৎ কৰে তদন্তকাৰী CBI দলে ৷

বিগত বৰ্ষৰ 15 মে’ত এক ৰহস্যজনক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ সেই সময়ৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই । 15 মে’ ৰ মাজনিশা কলিয়াবৰৰ জখলাবন্ধাৰ সৰুভগীয়াত এখন ট্ৰেইলৰৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱা অৱস্থাত গাড়ীৰ ভিতৰৰ পৰাই উদ্ধাৰ হৈছিল জোনমণি ৰাভাৰ মৃতদেহ ।

জোনমণি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পিচতেই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিছিল অসম আৰক্ষীৰ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়ে ৷ পৰৱৰ্তী সময়ত জোনমণি ৰাভাৰ পৰিয়াল তথা ৰাইজৰ দাবীক সঁহাৰি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল চি বি আই তদন্তৰ ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে জোনমণি ৰাভাৰ মৃত্যুৰ লগত সাঙোৰ খোৱা চাৰিটাকৈ গোচৰৰ তদন্তৰ দায়িত্ব অপৰ্ণ কৰিছিল CBI ক । অৱশেষত লাভলী কাটিয়াৰৰ নেতৃত্বত CBI এ নিজৰ তদন্ত সামৰি প্ৰকাশ কৰিলে প্ৰতিবেদন ৷ এই প্ৰতিবেদনত জোনমণিৰ মৃত্যু দুৰ্ঘটনাতেই হোৱা বুলি উল্লেখ কৰিছে তদন্তকাৰী সংস্থাটোৱে ৷

লগতে পঢ়ক: SI Junmoni Rabha Death: চলিয়েই আছে জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.