ETV Bharat / state

মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীৰ মংগল কামনাৰে যোৰহাটত এক লাখৰো অধিক বন্তি প্ৰজ্বলন

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:18 PM IST

Updated : Feb 1, 2024, 10:35 PM IST

Diyas lighting in jorhat: মৃৎশিল্পৰ লগত জড়িত শিল্পীসকলে চাকি বন্তি প্ৰস্তুত কৰি বিভিন্ন উৎসৱ পাৰ্বনত ৰাজ্যৰ চৌদিশ উজ্বলাই তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । অসমীয়া সমাজত মৃৎশিল্পীসকলৰ অৱদান অতুলনীয় ।

more than one lakh diyas lighting in jorhat
লক্ষাধিক বন্তি প্ৰজ্বলন

লক্ষাধিক বন্তি প্ৰজ্বলন

যোৰহাট, 1 ফেব্ৰুৱাৰী : এক মহান উদ্দেশ্য আগত লৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে যোৰহাটৰ বিশিষ্ট সমাজ সেৱক বীৰেণ দত্তই । সমাজ সেৱক বীৰেণ দত্তৰ নিজা প্ৰচেষ্টাত ৰাজ্যবাসীৰ কল্যাণ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে যোৰহাটৰ নিমাতিৰ ভিতৰককিলা কুমাৰ গাঁও পথাৰত এক লাখৰো অধিক বন্তি প্ৰজ্বলন কৰা হয় । লক্ষাধিক বন্তি প্ৰজ্বলনৰ জৰিয়তে আজি উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় নিমাতী ভিতৰ ককিলা গাঁৱৰ পথাৰত ।

বিশেষ দিনটোৰ উপলক্ষে পথৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰি পথছোৱা উজ্বলাই তোলে গাঁওবাসী ৰাইজে । এইসমূহ বন্তি সমাজ কৰ্মী বীৰেণ দত্তৰ তত্বাৱধানত নিৰ্মাণ কৰে নিমাতী ভিতৰককিলাৰ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকলে । যোৰহাট জিলাৰ নিমাতী ভিতৰককিলা কুমাৰ গাঁৱৰ সমূহ ৰাইজ আৰু থলুৱা মৃৎ শিল্পীসকলৰ বন্তি প্ৰজ্বলনৰ উদ্দেশ্যে হ’ল অসমবাসী ৰাইজৰ শান্তি কামনা ৷ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰি তেওঁ অসমক লৈ দেখা সপোন যাতে বাস্তৱত ৰূপায়িত হয় তাৰো কামনা কৰে গাঁওবাসীয়ে ।

আজি সন্ধিয়া মূল ভক্তি প্ৰদীপ প্ৰজ্বলনৰ উদ্বোধন কৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী জগন্নাথ দেৱগোস্বামীয়ে । কুমাৰসকলৰ এনে কৰ্মই অসমবাসীৰ জনগণৰ মাজলৈ শান্তি নমাই আনিব বুলি ভাষণত কয় সত্ৰাধিকাৰগৰাকীয়ে ।

আনহাতে কাৰ্যসূচীৰ আৰম্ভণিতেই আজি পুৱাই পতাকা উত্তোলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি মহেশ কলিতাই । তাৰ পাচতেই বৃক্ষৰোপন কৰি মাংগলিক মহাপুৰুষীয়া নাম কীৰ্তন আৰু মংগলাচৰণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । নটৰাজ সংগীত মহাবিদ্যালয়ে বৰগীত, গায়ন-বায়ন পৰিৱেশন কৰে ।

ইফালে দিনৰ ভাগত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি কুমাৰ সকলৰ মনোভাৱ প্ৰকাশ কৰি বক্তব্য ৰাখে বসন্ত কুমাৰ আৰু ড৹ মহানন্দ কুমাৰে । উক্ত অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে নামঘৰীয়া শিশুৰাম কলিতা, মহেশ দত্ত, তিলেশ্বৰ দত্ত, যোগেধৰ কলিতা, কোষেশ্বৰ কলিতা, কলা কলিতা, বিনোদ কলিতাৰ লগতে বিশিষ্ট মৃৎ শিল্পীসকলে । সন্ধিয়ালৈ নটৰাজ সংগীত মহিলা সংঘই "সাবিত্ৰী সত্যবান" নাটভাগি পৰিৱেশন কৰে ।

লগতে পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে সজাগতা : ছত্তীশগড়ৰ পৰা চাইকেলেৰে মৰিয়নীত উপস্থিত যুৱক

Last Updated : Feb 1, 2024, 10:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.