ETV Bharat / state

অসমত ৰোগীয়ে নাপায় উপযুক্ত চিকিৎসা, অভাৱ‌ হাজাৰ হাজাৰ চিকিৎসকৰ

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 5:48 PM IST

Scarcity of Doctors: অসমৰ স্বাস্থ্য বিভাগৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অসম চিকিৎসা সেৱা সংস্থাৰ সভাপতি ডাঃ কনক চন্দ্ৰ তালুকদাৰে ৷ ‘‘দুটা বছৰত প্ৰায় 4 শতাধিক চিকিৎসকৰ পদ খালি হৈ আছে ৷ ফলত ৰোগীয়ে উপযুক্ত চিকিৎসা পোৱা নাই’’- ডাঃ তালুকদাৰ ৷

More than 400 posts of doctors are lying vacant in Assam
অসমত অভাৱ‌ 5 হাজাৰ চিকিৎসকৰ
অসমত অভাৱ‌ 5 হাজাৰ চিকিৎসকৰ

গুৱাহাটী, 27 জানুৱাৰী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ চেষ্টা কৰাৰ কথা সততে আওৰাই থাকে ৷ কিন্তু এইখন অসমতে চৰকাৰী চিকিৎসালয়ত চিকিৎসকৰ অভাৱৰ বাবে ৰোগীয়ে চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । বৃহৎ বৃহৎ অট্টালিকা নির্মাণেৰে চিকিৎসা সেৱাত পৰিৱৰ্তনৰ কথা কোৱা মুখ্যমন্ত্ৰী শৰ্মা চৰকাৰৰ শাসনকালতে ৰাজ্যখনত প্ৰায় 400 চিকিৎসকৰ পদ খালী হৈ আছে । এই অভিযোগ উত্থাপন কৰিছে অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাৰ সভাপতি ডাঃ কনক চন্দ্ৰ তালুকদাৰে ৷

ই টি ভি ভাৰত, অসমৰ সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই উদ্বেগজনক তথ্য সদৰী কৰে ডাঃ তালুকদাৰে । তেওঁ কয়, ‘‘অসমৰ জনসংখ্যা অনুযায়ী দহ হাজাৰ চিকিৎসকৰ‌ প্ৰয়োজন কিন্তু অসমত বৰ্তমান চৰকাৰী চিকিৎসালয়ত 5000 চিকিৎসক আছে । তথাপিও এইখিনি চিকিৎসকেৰে কাম চলি আছে । কিন্তু যোৱা দুবছৰে ৰাজ্যখনত প্ৰায় 400 চিকিৎসকৰ পদ খালী হৈ থকাৰ বাবে চৰকাৰী চিকিৎসালয়ত অধিক অসুবিধাৰ সৃষ্টি হৈছে ।’’

চৰকাৰে চিকিৎসা সেৱাত পৰিৱৰ্তনৰ কথা কৈ আহিলেও ৰাজ্যৰ স্বাস্থ্য বিভাগত যুটীয়া স্বাস্থ্য সঞ্চালক, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়াৰ পদকে ধৰি প্ৰায় 200 ৰ পৰা 300 টা জ্যেষ্ঠ চিকিৎসকৰ পদ খালী হৈ আছে বুলি অভিযোগ উত্থাপন কৰে ডাঃ তালুকদাৰে ৷

তেওঁ লগতে কয়, ‘‘ খালী হৈ থকা চিকিৎসকৰ পদ পূৰণ নকৰাৰ বাবে ৰাজ্যখনৰ চিকিৎসা বিষয়া আৰু চিকিৎসকসকলৰ ওপৰত অধিক কামৰ বোজা পৰিছে । খালী পদসমূহ পূৰণ কৰা, পদোন্নতিৰ ব্যৱস্থা কৰা, স্বাস্থ্য সেৱা বিধিৰ সংশোধন কৰা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ সঞ্চালক পদত এগৰাকী চিকিৎসা বিজ্ঞানৰ লোকক নিযুক্তি দিয়াৰ সন্দৰ্ভত আমি দাবী জনাই আহিছো ৷ কিন্তু ৰাজ্য চৰকাৰখনে কোনো ব্যৱস্থা লোৱা নাই । চৰকাৰক বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো পদসমূহ পূৰণ কৰা নাই ।’’

আনহাতে, সংস্থাৰ দাবীসমূহ মীমাংসাৰ বাবে বিগত বৰ্ষৰ 3 আগষ্টত মুখ্যমন্ত্ৰীৰ সৈতে এখন বৈঠকো অনুষ্ঠিত হৈছিল । বৈঠকত মুখ্যমন্ত্ৰীয়ে 3 মাহৰ ভিতৰতে সংস্থাৰ দাবীসমূহ পুনৰীক্ষণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু বৰ্তমানেও ৰঙা ফিটাৰ মেৰপেচত সোমাই আছে আমাৰ দাবীসমূহ ৷ চৰকাৰে শীঘ্ৰে আমাৰ দাবীসমূহ পূৰণ কৰিব বুলি আশা কৰিছো বুলি ডাঃ তালুকদাৰে উল্লেখ কৰে ৷

উল্লেখ্য যে, প্ৰায়সমূহ জিলাত প্রয়োজনীয় চিকিৎসক নথকাত ৰোগীয়ে সময় মতে সঠিক চিকিৎসা নোপোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে । যি সময়ত ৰাজ্যখনত এখনৰ পাচত আনখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নির্মাণ হৈছে, তেনে সময়তে 400 চিকিৎসকৰ পদ পূৰণ কৰিব নোৱৰাটো ৰাজ্য চৰকাৰখনৰ চৰম ব্যর্থতা হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :চৰ্চাত থকা কংগ্ৰেছৰ কেবাজনো নেতাই লোকসভাত টিকট পোৱাটো নিশ্চিত : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.