ETV Bharat / state

গুৱাহাটী পৌৰ নিগমৰ আপৰ পাৰিষদ মাচুমা বেগমৰ স্বামীৰ বিজেপিত যোগদান

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 8:49 PM IST

গুৱাহাটী পৌৰ নিগমৰ একমাত্ৰ আপৰ পাৰিষদ মাচুমা বেগমৰ স্বামী বাবুল চহৰীয়াৰ বিজেপিত যোগদান ৷ প্ৰায় 300 শতাধিক আপৰ সদস্যসহ বিজেপিত যোগ দিয়ে চহৰীয়াই ৷

BJP joining program
aap members join bjp

গুৱাহাটী, 22 ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচন সমাগত ৷ ৰাজ্যৰ ৰাজনীতিত এতিয়া ঢৌ উঠিছে দল সলনিৰ ৷ কংগ্ৰেছ এৰি বহু নবীন-প্ৰবীণ নেতা ঢাপলি মেলিছে বিজেপি আৰু অগপলৈ ৷ বহুতেই যো-জা চলাই আছে দল সলনিৰ বাবে ৷ বাকী বিৰোধী দলৰ পৰাও নেতাৰ সোঁত বৈছে শাসকীয় দললৈ ৷ ৰাজনীতিত লুটিবাগৰ মৰাটো বৰ্তমান সময়ত তেনেই সাধাৰণ কথা ৷

শেহতীয়া দিনকেইটাত অসমৰ ৰাইজ এই দল সলনিৰ বিষয়টোৰ সৈতে একেবাৰে নাড়ীলৈকে পৰিচিত হৈ পৰিছে ৷ কিয়নো শেহতীয়া দিনকেইটাত অসমৰ ৰাইজে ৰাজনীতিকৰ ৰং সলনিৰ প্ৰক্ৰিয়াটো ভালদৰেই দেখিছে ৷ বৃহস্পতিবাৰে কংগ্ৰেছ এৰি বিজেপিত যোগ দিলে কংগ্ৰেছ নেতা তথা সদৌ অসম ছাত্ৰসন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে ৷ তেওঁৰ সৈতে আন বহুসংখ্যক নেতা-সদস্যই বিজেপিত যোগদান কৰে ৷ সেইসকলৰ ভিতৰত অন্যতম হৈছে বাবুল চহৰীয়া ৷

বিজেপিত যোগদান কৰা বাবুল চহৰীয়া কোন ? তেওঁ বিজেপিত যোগদান কৰা বিষয়টোনো কিয় চৰ্চালৈ আহিছে ? এনে কেতবোৰ প্ৰশ্ন নিশ্চয় আপোনাৰ মনতো উত্থাপন হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বাবুল চহৰীয়া হৈছে মাচুমা বেগমৰ স্বামী ৷ মাচুমা হৈছে গুৱাহাটী পৌৰ নিগমৰ আম আদমী পাৰ্টীৰ একমাত্ৰ পাৰিষদ ৷ মাচুমাৰ স্বামী বাবুল চহৰীয়াই বৃহস্পতিবাৰে শতাধিক আপৰ কৰ্মীক লগত লৈ গুৱাহাটীৰ বশিষ্ঠস্থিত অসম বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা দলটোত যোগ দিয়ে ৷ গুৱাহাটী পৌৰ নিগমৰ 42 নং ৱাৰ্ডৰ প্ৰায় শতাধিক আপৰ কৰ্মীক লগত লৈ বাবুল চহৰীয়াই বৃহস্পতিবাৰে বিজেপি দলৰ লগ লাগে ৷

আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক জয়ন্ত শইকীয়া, আপৰ গুৱাহাটী পৌৰনিগম সমিতিৰ সভাপতি সুৰুজ কুমাৰ দাস, উপ-সভাপতি মনজিৎ শইকীয়া, যুটীয়া সম্পাদক ইন্দ্ৰজিৎ ভট্টাচাৰ্য, ফিৰোজ চৌধুৰী আদিয়ে যোগদান কৰে বিজেপিত । যোগদান কাৰ্যসূচীত অংশ লৈ বাবুল চহৰীয়াই কয়, ‘‘আম আদমী পাৰ্টীত আমিয়েই গছ ৰোপণ কৰিলোঁ, কিন্তু দলটোত আমি ভাল অভিজ্ঞতা নাপালোঁ, সদায়ে বিষাক্ত অভিজ্ঞতাহে পালোঁ । সেয়েহে আমি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজক ভাল পাই সকলোৱে আলোচনা কৰি বিজেপিত যোগদান কৰিলোঁ ।’’

আনহাতে মাচুমা বেগমেও বিজেপিত যোগদান কৰিব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বাবুল চহৰীয়াই কয় যে এইটো তেওঁৰ একান্ত ব্যক্তিগত সিদ্ধান্ত ৷ এই বিষয়ে মাচুমা বেগমৰ লগত কোনো আলোচনা হোৱা নাই বুলিও জানিবলৈ দিয়ে বাবুল চহৰীয়াই ।

লগতে পঢ়ক: এৰি যোৱা ঘৰখনলৈ দলে-বলে আহিল শংকৰ প্ৰসাদ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.