ETV Bharat / state

নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব : পল্লৱ লোচন দাস

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 9:38 PM IST

Distribution of land pattas to 419 people
নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব : পল্লৱ লোচন দাস

Mission Basundhara 2.0 :আগন্তুক সময়ত বিৰোধী শূন্য হৈ পৰিব । এই দাবী বিজেপি সাংসদ পল্লৱ লোচন দাসৰ ৷

নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব : পল্লৱ লোচন দাস

তেজপুৰ ,২৩ ফেব্ৰুৱাৰী : "তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ’ব । মোদীৰ নেতৃত্বত চৰকাৰে যোৱা দুটা কাৰ্যকালত দেশৰ যথেষ্ট পৰিমাণে উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে ইয়াত কোনো দ্বিমত নাই ।" তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে এই মন্তব্য প্ৰকাশ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰ দৰং মহাবিদ্যালয়ত শুকুৰবাৰে মিছন বসুন্ধৰা ২.০ ৰ আঁচনিৰ অধীনত ভূমিহীন লোকক ভূমিৰ পট্টা বিতৰণ কৰা অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে কয় যে, বিজেপি দলত টিকট বিচৰাৰ কোনো নিয়ম নাই ৷ দলে কাক কেতিয়া কি দায়িত্ব পালন কৰিবলৈ কয় সেয়া দলৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল, গতিকে তেওঁ টিকট বিচৰা নিবিচৰাটো প্ৰধান বিষয় নহয় ।

সাংসদগৰাকীয়ে লগতে কয় যে, বৰ্তমান অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অফুৰন্ত উন্নয়ন সাধন হৈছে যাৰ ফলস্বৰূপে বিৰোধী দলৰ বিধায়ক, সদস্য নেতাই এতিয়া বিজেপি দললৈ ধাৱমান হৈছে ৷ হয়তো আগন্তুক সময়ত বিৰোধী শূন্য হৈ পৰিব । বৰ্তমান আৰু কোন সাংসদ বা নেতা বিজেপি দললৈ ধাৱমান হয় সেই সন্দৰ্ভত তেওঁ এতিয়াই মন্তব্য নকৰে ৷ কিন্ত কংগ্ৰেছৰ আৰু বহু নেতাই অসমত বিজেপি দললৈ অহাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, তেজপুৰত মিছন বসুন্ধৰা ২.০ ৰ অধীনত ৪১৯ গৰাকী হিতাধিকাৰীক ভূমিৰ পট্টা প্ৰদান কৰা হয় ৷ ইয়াৰে ১২ গৰাকী হিতাধিকাৰীক সাংসদ পল্লৱ লোচন দাসে আনুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কৰে । বাকী লোকসকলক আজিৰ ভিতৰতে বিভাগীয় কৰ্তৃপক্ষই ভূমি পট্টা প্ৰদান কৰে । এই মিছন বসুন্ধৰা ২.০ ত তেজপুৰ সমষ্টিৰ মুঠ ৮৫২৯ গৰাকী লোকৰ পৰা আবেদন গ্ৰহণ কৰিছিল ইয়াৰ ভিতৰত আজি ৪১৯ গৰাকী লোকক ভূমিৰ পট্টা বিতৰণ কৰে ।

আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ সামাজিক মাধ্যম 'X' পূৰ্বৰ টুইটাৰ যোগে জনায় যে মিছন বসুন্ধৰা ২.০ ৰ অধীনত প্ৰায় ২০০০ বৰ্গ কিলোমিটাৰ ভূমিৰ অধিকাৰ এতিয়া ২,০০,০০০ৰো অধিক পৰিয়ালৰ হাতত দৃঢ়ভাৱে আছে ইয়াৰে বেছিভাগেই আদিবাসী, দলিত আৰু অনুসূচিত জনজাতি সম্প্ৰদায়ৰ ৷

লগতে পঢ়ক : কিমান দূৰ আগবাঢ়িছে তিনি অপহৃতৰ সন্ধানৰ তদন্ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.