ETV Bharat / state

বিজেপি একমাত্ৰ দল যিয়ে ভাৰতবৰ্ষক আগুৱাই লৈ যাব: ৰূপজ্যোতি কুৰ্মী

BJP JOINING PROGRAM : "ভাৰতীয় জনতা পাৰ্টী একমাত্ৰ দল যিয়ে ভাৰতবৰ্ষক আগুৱাই লৈ যাব ৷ ভাৰতীয় জনতা পাৰ্টীয়ে একমাত্ৰ দল যোনে দুখীয়া ৰাইজৰ চকুৰ পানী মোহাৰিব, বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰিব ৷" ৰূপজ্যোতি কুৰ্মী ৷

BJP JOINING PROGRAM
বিজেপি একমাত্ৰ দল যিয়ে ভাৰতবৰ্ষক আগুৱাই লৈ যাব- ৰূপজ্যোতি কুৰ্মী
author img

By ETV Bharat Assamese Team

Published : February 1, 2024 at 10:09 PM IST

2 Min Read
Choose ETV Bharat
বিজেপি একমাত্ৰ দল যিয়ে ভাৰতবৰ্ষক আগুৱাই লৈ যাব- ৰূপজ্যোতি কুৰ্মী

টীয়ক, 1 ফেব্ৰুৱাৰী : "আমাৰ লক্ষ্য এটাই দেশখনক আগুৱাই নিয়াৰ ৷ আমি আজি ৰাইজৰ সহায়, সহযোগিতা, আশীৰ্বাদ লাভ কৰিছো ৷ আমি পণ লৈছো যে, আগন্তুক সময়ত আমি প্ৰতিটো বুথতে যাতে 10 শতাংশকৈ ভোট বৃদ্ধি কৰি দেশৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মান জনাব পাৰোঁ ৷ ভাৰতীয় জনতা পাৰ্টী একমাত্ৰ দল যিয়ে ভাৰতবৰ্ষক আগুৱাই লৈ যাব ৷’’ এই মন্তব্য বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

‘‘ভাৰতীয় জনতা পাৰ্টীয়ে একমাত্ৰ দল যোনে দুখীয়া ৰাইজৰ চকুৰ পানী মচিব, বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰিব ৷ আজিৰ দিনটোত বহুতো ক্ষেত্ৰত জড়িত লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে ৷ প্ৰভাৱশালী লোকসকলে বিজেপিত যোগদান কৰাৰ ফলত দলটোৰ সাংগঠনিক দিশত যথেষ্ট প্ৰভাৱ পৰিছে ৷’’ বৃহস্পতিবাৰে মধ্য টীয়ক গাঁও পঞ্চায়তত অনুষ্ঠিত বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সভাত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই মত প্ৰকাশ কৰিছে ৷

কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি ৰাতুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, শিক্ষাবিদ ৰাতুল গগৈকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিজেপি দলীয় সাংগঠনিক কাম-কাজৰ ওপৰত মন্তব্য আগবঢ়ায় ।

কলিয়াপানী মণ্ডল বিজেপিৰ সম্পাদক ধৰণী দত্তই আঁতধৰা উক্ত অনুষ্ঠানত কলিয়াপানী মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী নিলীমা বৰুৱা গগৈ, জিলা মহিলা মৰ্চাৰ উপ সভানেত্ৰী বিনীতা শইকীয়াকে ধৰি কেইবাগৰাকীও দলীয় নেতা উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । লক্ষ্যণীয় যে, এই সভাতে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কেইবাগৰাকীও সামাজিক ব্যক্তিয়ে বিজেপিত দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে ৷

লগতে পঢ়ক: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্ৰধানমন্ত্ৰী