ETV Bharat / state

গৰু বিহুৰ দিনা হাতীক মাহ-হালধিৰে নোৱাই-ধুৱাই কামনা কৰা হ’ল সুস্বাস্থ্য - Goru Bihu

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 1:29 PM IST

গৰুবিহুৰ দিনটোত মাহ-হালধি সানি গা ধুৱালে ৰামুক ৷ গৰুৰ সমান্তৰালকৈ ৰামুকো গা ধুওৱা দৃশ্যত আপ্লুত হ’ল প্ৰত্যক্ষদৰ্শী ৷ শান্ত-শিষ্ট ৰামুৰো সুস্বাস্থ্য কামনা কৰিলে সকলোৱে ৷

KANYAKA MULTIPURPOSE FARM
কন্যকা বহুমুখী কৃষিপামত গৰুবিহু
কন্যকা বহুমুখী কৃষিপামত গৰুবিহু

তেজপুৰ, ১৩ এপ্ৰিল : আজি গৰু বিহু ৷ পুৱাতে ৰাজ্যবাসীয়ে, বিশেষকৈ গ্ৰামাঞ্চলত কৃষিজীৱী অসমীয়াই মাহ-হালধিৰে ঘৰৰ গৰুকেইটাক মাহ-হালধিৰে নোৱাই, নদী-পুখুৰী-বিলত গা ধুৱাই পালন কৰিলে সাত বিহুৰ অন্যতম গৰু বিহু ৷ পৰম্পৰা ৰক্ষা কৰি গৰু বিহু পালন কৰি অহাৰ সৈতে এক নতুন সংযোজন প্ৰত্যক্ষ কৰি সৰ্বস্তৰৰ ৰাইজ অভিভূত হোৱা পৰিলক্ষিত হ’ল চতিয়াত ।

অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটোত চহা ৰাইজে গৰুক মাহ-হালধিৰে গা ধুওৱাৰ সমান্তৰালকৈ ৰামুকো মাহ-হালধি সানি গা ধুৱালে কন্যকাত ৷ গোহালিৰ গৰুৰ দৰেই শান্ত-শিষ্ট ৰামুক মাহ-হালধি সানি গা ধুওৱাৰ দৃশ্যত আপ্লুত হ’ল প্ৰত্যক্ষদৰ্শী ৷ আচলতে ৰামু হ’ল এটা পোহনীয়া মৰমলগা হাতী ৷ হাতীটোৰ গৰাকী হ’ল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ৷

ব’হাগৰ দোমাহীৰ দিনা ৰামু নামৰ হাতীটোক মাহ-হালধিৰে নোৱাই-ধুৱাই সুস্বাস্থ্য কামনা কৰে গৰাকী পদ্ম হাজৰিকাই । দৃশ্যটো দেখা গ’ল চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ কন্যাকা বহুমুখী দুগ্ধ পামত । পামখনত থকা উচ্চ জাতৰ গীৰ গাই আৰু স্থানীয় গৰুক গা ধুৱাই গৰুবিহু পালন কৰা দেখা যায় ।

উল্লেখ্য যে বিধায়ক হাজৰিকাৰ বন্যপ্ৰাণীৰ প্ৰতি থকা মহানুভৱতাৰ উদাহৰণ প্ৰায়েই দেখা যায় ৷ পামখনত থকা কৰ্মচাৰীসকলৰ লগত পুৱাই বিধায়ক হাজৰিকাই পালন কৰে গৰু বিহু । উল্লেখ্য যে গৰু বিহুৰ দিনটোত ঘৰখনৰ গৰুকেইটাক মাহ-হালধি সানি গা ধুৱাই বছৰটোৰ বাবে গৰুহালৰ শ্ৰীবৃদ্ধি কামনা কৰা হয় ৷ ৰাজ্যবাসীয়ে শতিকাৰ পিচত শতিকা ধৰি ৰক্ষা কৰি অহা এই পৰম্পৰা শনিবাৰেও দেখা গ’ল সমগ্ৰ ৰাজ্যত ৷

লগতে পঢ়ক: আধুনিকতাৰ ধামখুমীয়াৰ মাজতো চহা অসমীয়াৰ চোতালত আজি গৰু বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.