ETV Bharat / state

ৰাণী-উদয় বাদ, লখিমপুৰত তৃতীয়গৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ চৰ্চা - Lakhimpur Lok Sabha constituency

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 3:21 PM IST

Lok Sabha Election 2024: লোকসভা নির্বাচনলৈ মাজত মাথো কেইদিনমানহে বাকী । সকলো ৰাজনৈতিক দলে সমষ্টিত দলীয় প্রার্থীৰ নাম ঘোষণা কৰি নিৰ্বাচনী প্ৰস্তুতিত জপিয়াই পৰিছে যদিও লখিমপুৰ লোকসভা সমষ্টিত কংগ্রেছে এতিয়াও দলীয় প্রার্থীৰ নাম ঘোষণা কৰিব পৰা নাই । এই সন্দৰ্ভত বিধায়ক মানৱ ডেকাই কংগ্রেছে তৃতীয় বিকল্প বিচৰা বুলিহে সন্দেহ প্ৰকাশ কৰে ।

CONGRESS CANDIDATE IN LAKHIMPUR
ৰাণী-উদয় বাদ, লখিমপুৰত তৃতীয়গৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ চৰ্চা

ৰাণী-উদয় বাদ, লখিমপুৰত তৃতীয়গৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ চৰ্চা

লখিমপুৰ,২২ মাৰ্চ: ৰাণী নৰহ বা উদয় শংকৰ হাজৰিকা বাদ, তৃতীয় ব্যক্তিৰ নামহে চৰ্চালৈ আহিছে লখিমপুৰ সমষ্টিত । বিধায়ক মানৱ ডেকাৰ এই আশংকা । কংগ্রেছৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ পালে । পিছে প্ৰকাশ হলে নহ'ল লখিমপুৰ লোকসভা সমষ্টিৰ দলীয় প্রার্থীৰ নাম । কংগ্রেছৰ শীর্ষ নিৰ্বাচনী সমিতিৰ বৈঠক এখনৰ পাচত এখনকৈ অনুষ্ঠিত হৈ আছে । দেশৰ বিভিন্ন ৰাজ্যৰ সমষ্টিসমূহত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে । পিছে গেঠেলা মাৰি আছে ১২ নং লখিমপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ নাম ।

দলীয় প্ৰাৰ্থীগৰাকীৰ নামটো জানিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ ৰৈ ভাগৰি পৰিছে দলীয় কৰ্মীসকল । প্ৰতিদিনেই আজি হ'ব কালি হ'ব কৰি থকাৰ বাবে এতিয়া মন সেমেকিছে দলীয় কৰ্মীসকলৰ । কি কাৰণত সমষ্টিটোত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই সেয়া দলীয় কৰ্মীৰ বাবে এতিয়া সাঁথৰ হৈ পৰিছে । সমষ্টিটোত প্ৰাৰ্থিত্বৰ দৌৰত আছে উদয় শংকৰ হাজৰিকা আৰু ৰাণী নৰহ ।

দুয়ো শক্তিশালী দাবীদাৰ হোৱাৰ বাবে কংগ্রেছৰ শীর্ষ নিৰ্বাচনী সমিতিয়ে বাৰে বাৰে বৈঠক অনুষ্ঠিত কৰিও নাম ঘোষণা কৰিবলৈ থমকি ৰ'বলগীয়া হৈছে । এনে প্ৰেক্ষাপটত শুকুৰবাৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই সাংবাদিকক দিলে আন এক খবৰ । তেওঁ শুনা মতে হেনো সমষ্টিটোত ৰাণী-উদয় বাদ । দিল্লীৰ কোনোবা এজন অধ্যাপককহে এই সমষ্টিৰ প্ৰাৰ্থী হিচাপে তৃতীয় বিকল্প হিচাপে কংগ্রেছে গুণাগাথা কৰিছে । বিধায়ক মানৱ ডেকাই লগতে কয় যে আচলতে ৰাণী, উদয় আদিয়ে নিৰ্বাচন খেলিব বিচৰা নাই ।

কিয়নো তেওঁলোকে পৰাজয়বৰণ কৰিব লাগিব বুলি জানে আৰু সেই বাবে নিৰ্বাচন খেলিবলৈ অপাৰগতা প্ৰকাশ কৰিছে । বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নী যজ্ঞক পুঁজি হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি তেওঁ কয় । বিধায়ক মানৱ ডেকাই লগতে উল্লেখ কৰে যে লখিমপুৰ লোকসভা সমষ্টিত বিজেপিয়ে এইবাৰ নিৰ্বাচনটো এক উৎসৱ হিচাপে পালন কৰিব আৰু দলীয় প্রার্থীগৰাকী বিপুল ভোটত জয়ী হ'ব ।

লগতে পঢ়ক: উদয় শংকৰ হাজৰিকা নে ৰাণী নৰহ ? কোন হ’ব কংগ্ৰেছৰ লখিমপুৰৰ প্ৰাৰ্থী ? - Lakhimpur Lok Sabha Constituency

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.