ETV Bharat / state

ৰাজহ সংগ্ৰহৰ বাবে চৰকাৰে কোনো উৎস উলিয়াব পৰা নাই: অখিল গগৈ - Liquor Sales In Assam

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 9:30 PM IST

ASSAM excise department : ৰাজহ সংগ্ৰহৰ বাবে যদি চৰকাৰে সুৰাক মূল বস্তু হিচাবে লয়, ৰাজ্যৰ জনতাক যদি সুৰা সেৱন কৰাই তেতিয়া হ’লে সেইখন ৰাজ্যৰ ভৱিষ্যত নাথাকে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ ৷ সুৰাৰ ওপৰতে ৰাজহ সংগ্ৰহৰ দায়িত্ব অৰ্পণ কৰাৰ ফলস্বৰূপে এতিয়া বিক্ৰী বঢ়াবলৈ প্ৰত্যেকখন মদৰ দোকানক নিৰ্দেশ দিবলগীয়া হৈছে বুলি কয় তেওঁ ৷

LIQUOR SALES IN ASSAM
সুৰাৰ বিপণিসমূহক দিয়া নিৰ্দেশকলৈ এতিয়া সৰৱ হৈ পৰিছে বিধায়ক অখিল গগৈ (ETV BHARAT ASSAM)

চৰকাৰৰ নিৰ্দেশ সন্দৰ্ভত বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া (ETV BHARAT ASSAM)

তিনিচুকীয়া, 11 মে’ : চৰকাৰখনে যদি ৰাজহ সংগ্ৰহৰ মূল বস্তু হিচাবে সুৰাক গ্ৰহণ কৰে, তেতিয়াহ’লে সেইখন ৰাজ্যৰ ভৱিষ্যৎ কেতিয়াও নাথাকে ৷" অসমত সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ দিছপুৰে ব্যৱসায়ীক নিৰ্দেশ দিয়াক লৈ এই মন্তব্য কৰিছে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ ৰাজ্যত ৰাজহ বৃদ্ধিৰ বাবে সুৰা বিক্ৰী বৃদ্ধি কৰিবলৈ আবকাৰী বিভাগে সুৰাৰ বিপণিসমূহক দিয়া নিৰ্দেশকলৈ এতিয়া সৰৱ হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিজন ৷

তেওঁ কয় যে, ৰাজহ সংগ্ৰহৰ বাবে যদি চৰকাৰে সুৰাক মূল বস্তু হিচাবে লয়, ৰাজ্যৰ জনতাক যদি সুৰা সেৱন কৰাই তেতিয়া হ’লে সেইখন ৰাজ্যৰ ভৱিষ্যত নাথাকে ৷ আজি মাকুমত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কজনে কয় যে, কেন্দ্ৰীয় চৰকাৰে যেতিয়াৰ জি এছ টি আৰম্ভ কৰিলে তেতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে থকা কৰৰ ব্যৱস্থা থাকে সেইবিলাক ৰাজ্য চৰকাৰৰ হাতৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গুছি গ’ল ৷ কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গুছি যোৱাৰ কাৰণে এতিয়া অসমৰ নিজা ৰাজহ আয় সাংঘাতিক ধৰণে কম হৈ গৈছে ৷ এতিয়া ৰাজ্য চৰকাৰৰ হাতত কোনো উৎস নাই ৷ লগতে ৰাজ্যখনে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া কৰৰ অংশ হয় পাবলৈ দেৰি হৈ যায় ন’হলে কৰৰ অংশ পূৰ্বে যিধৰণে পাই আছিল সেইধৰণে পোৱা নাই বুলি কয় তেওঁ ৷

বিধায়ক অখিল গগৈয়ে কয় যে, ৰাজ্য চৰকাৰখন সাংঘাতিক ধৰণে দেউলীয়া হৈ গৈছে ৷ চৰকাৰ বাধ্য হৈ গৈছে যে তেওঁলোকে ৰাজহ সংগ্ৰহ কৰিব ক’ৰ পৰা ৷ যিহেতু এতিয়া ৰাজহ সংগ্ৰহৰ বাবে তেওঁলোকে কোনো উৎস উলিয়াব পৰা নাই, গতিকে ৰাজ্য চৰকাৰে কেৱল আৰু কেৱল সুৰাৰ ওপৰতে ৰাজহ সংগ্ৰহৰ দায়িত্ব অৰ্পণ কৰাৰ ফলস্বৰূপে এতিয়া বিক্ৰী বঢ়াবলৈ প্ৰত্যেকখন মদৰ দোকানক নিৰ্দেশ দিবলগীয়া হৈছে ৷ হয়তো পৃথিৱীত কোনো এখন দেশ বা ৰাজ্য নাই য’ত এখন চৰকাৰে নিজৰ প্ৰজাসকলক বেছিকৈ মদ খাবলৈ উৎসাহিত কৰে ৷ বেছিকৈ মদ খাব লাগে, বেছিকৈ মদ খালেহে ৰাজহ আহিব, ৰাজহ আহিলেহে চৰকাৰখন চলাব পাৰিব- ইয়াৰ ওপৰত যদি এখন চৰকাৰ চলি থাকে তেনেহ’লে জানিব লাগিব যে, সেই চৰকাৰখনৰ কোনো ভৱিষ্যৎ নাই আৰু সেই চৰকাৰক‘ৰ অধীনত থকা ৰাইজৰো কোনো ভৱিষ্যৎ নাই বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

লগতে পঢ়ক : আজৱ কাণ্ড ! অসমত সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ ব্যৱসায়ীক দিছপুৰৰ নিৰ্দেশ - Liquor Sale In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.