ETV Bharat / state

ৰিবি গাচেঙৰ ৰঙেৰে ৰঙীন হৈ পৰিছে মিচিং মহোৎসৱৰ বাকৰি

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 7:35 AM IST

Mising Youth Festival: উদুলি-মুদুলি ব্ৰহ্মপুত্ৰ-বগীবিলৰ বালিচৰ । মিচিং যুৱ মহোৎসৱলৈ আগমন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী । আজি অন্তিম দিনটোত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Mising Youth Festival in Dhemaji
গুমৰাগ-ঐনিতমৰ সুৰেৰে মুখৰিত কাৰেং চাপৰি
গুমৰাগ-ঐনিতমৰ সুৰেৰে মুখৰিত কাৰেং চাপৰি

ধেমাজি,৭ ফেব্ৰুৱাৰী: মিচিং ডেকা-গাভৰুৰ গুমৰাগ-ঐনিতমৰ সুৰত উখল-মাখল কাৰেং চাপৰি । ৰিবি গাচেঙৰ ৰঙেৰে ৰঙীন হৈ পৰিছে বালিচৰ । ব্ৰহ্মপুত্ৰ-বগীবিলৰ বালিচৰত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱত উদুলি-মুদুলি পৰিৱেশ । মিচিং যুৱ মহোৎসৱৰ তৃতীয় দিনাও ব্যাপক জনসমাগম কাৰেং চাপৰিত । চিলাপাথৰৰ কাৰেং চাপৰিত যোৱা ৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা নৱম বাৰ্ষিক মিচিং যুৱ মহোৎসৱৰ তৃতীয় দিনাও পুৱাৰ পৰা নিশালৈকে ব্যাপক জনসমাগম দেখা গ'ল ।

উদুলি-মুদুলি হৈ পৰিছে সামগ্ৰিক পৰিৱেশ । ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে কাৰেং চাপৰিৰ বিশাল বালিচৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত সমাৰোহত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হ'ল হেজাৰ হেজাৰ লোক । পুৱাৰে পৰা উদযাপনস্থলীত দেখা গ'ল সাংস্কৃতিক দলসমূহৰ বাৰেৰহনীয়া গীত-নৃত্যৰ পয়োভৰ । মন পৰশা ঐনিতম আৰু গুমৰাগৰ সুৰত মুখৰ হৈ ৰয় ব্ৰহ্মপুত্ৰৰ বিশাল বলুকা ।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰে প্ৰতিযোগী দলসমূহে । তৃতীয় দিনাৰ সন্ধিয়া প্ৰথমখন মুকলি সভাত ৰাজ্যৰ আছু, যুৱ ছাত্ৰকে ধৰি ভালেকেইটা জাতি-জনগোষ্ঠীৰ দল-সংগঠনৰ নেতৃত্ব উপস্থিত থাকে ৷ একেটা সময়তে ৰাজ্যৰ প্ৰায় ১০ হেজাৰ প্ৰতিনিধিক তৃপ্তিৰে মাছে-মঙহে এসাঁজ খুৱাবলৈ ৰান্ধনীশালত প্ৰায় ৩০০ লোকে দিনে নিশাই কৰিছে কাম-কাজ । ৬০ টা চৌকাত কৰা হৈছে ৰন্ধন ।

দিনত দুই সাজ খুৱাবলৈ কুইন্টলে কুইন্টলে প্ৰয়োজন হৈছে গাহৰি মাংস । ৯ হেজাৰ প্ৰতিনিধিয়ে একেলগে বহি আহাৰ গ্ৰহণ কৰাৰ আছে ব্যৱস্থা । মহোৎসৱৰ প্ৰেক্ষাগৃহ, সাংস্কৃতিক মঞ্চ, জনগোষ্ঠীয় খাদ্যৰ বিপনীৰ পৰা বস্ত্ৰৰ বিপনীলৈকে সকলোতে কেৱল মানুহৰ সমাগম । আজি অৰ্থাৎ বুধবাৰে এই অনুষ্ঠানৰ শেষৰ দিনটোত দ্বিতীয়খন মুকলি সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ লগতে কেইবাজনো কেবিনেট মন্ত্ৰীও উপস্থিত থাকিব ৷

লগতে পঢ়ক: মিচিং ডেকা-গাভৰুৰ গুমৰাগ-ঐনিঃতমৰ সুৰত উখল-মাখল কাৰেং চাপৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.