ETV Bharat / state

নাবালিকা ধৰ্ষণকাৰীক জৰিমনাসহ ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড - Rapist sentenced punishment

author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 10:08 PM IST

Rapist sentenced to 20 years imprisonment : দুবছৰৰ অন্তত ন্যায় পালে এটি দুৰ্ভগীয়া পৰিয়ালে ৷ নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড লগতে ক্ষতিপূৰণ হিচাপে ভুক্তভোগীক ২ লাখ টকা প্ৰদানৰ নিৰ্দেশ আইন প্ৰাধিকৰণৰ ৷

rapist sentenced to 20 years rigorous imprisonment
নাবালিকা ধৰ্ষণকাৰীক জৰিমনাসহ ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

তেজপুৰ, ৪ এপ্ৰিল : তেজপুৰ আদালতৰ এক গুৰুত্বপূৰ্ণ ৰায়দান । দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত ন্যায় পালে তেজপুৰৰ এটা দুৰ্ভগীয়া পৰিয়ালে ৷ এগৰাকী ১৪ বছৰীয়া নাবালিকাক গোপনে পানীয়ৰ লগত নিচাজাতীয় সামগ্ৰী মিহলাই খুৱাই অচেতন কৰি নিৰ্জন ঠাইলৈ নি ধৰ্ষণ কৰা তেজপুৰৰ সঞ্জীৱ সিঙক বৃহস্পতিবাৰে তেজপুৰৰ ন্যায়িক আদালতে ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে ৷

উল্লেখ্য যে, ২০২২ চনৰ ৪ নৱেম্বৰৰ পুৱা স্কুললৈ বুলি ঘৰৰ পৰা ওলাই অহা এগৰাকী নাবালিকা ছাত্ৰীক চিনাকি সূত্ৰে আদবাটতে সঞ্জীৱ নামৰ এজন যুৱকে স্কুললৈ থৈ অহাৰ চলাহী কথাৰে এখন ই-ৰিস্কাত উঠাই লয় ৷ তাৰ পাচত গোপনে নিচাযুক্ত দ্ৰব্য মিহলি কৰা অ’আৰএছ খাবলৈ দিয়ে ছাত্ৰীগৰাকীক ৷ ছাত্ৰীগৰাকীয়ে সেই পানীয় খোৱাৰ কিছু সময়ৰ পাচতে অচেতন হৈ পৰে ৷

ইয়াৰ পিচত একেখন বাহনতে সঞ্জীৱে ছাত্ৰীগৰাকীক তেজপুৰৰ ঔগুৰি পাহাৰৰ নিৰ্জন ঠাইলৈ নি উপৰ্যুপৰি ধৰ্ষণ কৰে ৷ পাচত লম্পট সঞ্জীৱে দুৰ্ভগীয়া নাবালিকা ছাত্ৰীগৰাকীক তেজপুৰ লাচিত চ’কৰ সমীপত এৰি দিয়ে ৷ ছাত্ৰীগৰাকীয়ে ঘৰলৈ উভতি আহি সমস্ত ঘটনা পৰিয়ালবৰ্গক সদৰী কৰাৰ লগে লগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

সেইদিনাই ঘটনা সন্দৰ্ভত পৰিয়ালটোৱে তেজপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ তেজপুৰ আৰক্ষীয়েও এজাহাৰখন পঞ্জীয়ন কৰি ( পঞ্জীয়ন নং ১১৪৪/২২) পকছ’ আইনৰ অধীনত সঞ্জীৱক গ্ৰেপ্তাৰ কৰে আৰু পৰৱৰ্তীকালত তদন্তসহ আৰক্ষীয়ে গোচৰটো ন্যায়িক আদালতত বিচাৰৰ বাবে প্ৰতিবেদন দাখিল কৰে ৷ আদালতত বিচাৰাধীন গোচৰটোত দুৰ্ভগীয়া নাবালিকাৰ হৈ বিশেষ লোক আদালতৰ (পকছ’) অধিবক্তা শৈবাল মৈত্ৰই আইনী সেৱা আগবঢ়ায় ৷

দীৰ্ঘদিনীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত তেজপুৰস্থ অতিৰিক্ত জিলা ন্যায়াধীশ তথা পকছ’ ন্যায়াধীশ ৰঞ্জু মেধিয়ে আজি গোচৰটো সন্দৰ্ভত ৰায়দান প্ৰদান কৰে ৷ এই ৰায়দানৰ জৰিয়তে সঞ্জীৱক দোষী সাব্যস্ত কৰি ৩০ হাজাৰ জৰিমনাসহ ২০বছৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ভুক্তভোগী নাবালিকাগৰাকীক ক্ষতিপূৰণ হিচাপে ২ লাখ টকা প্ৰদান কৰিবলৈ জিলা আইন প্ৰাধিকৰণৰ শাখাই নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক: ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ গোচৰ: বিপদত সাংসদ নৱ কুমাৰ শৰণীয়া; নোৱাৰিব কোকৰাঝাৰৰ প্ৰাৰ্থী হ’ব ! - Lok Sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.