ETV Bharat / state

ৰাহুলৰ যাত্ৰা অন্যায়; ৰেচন কাৰ্ডৰ যাত্ৰাহে ন্যায়: ৰণজিৎ দাস

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 7:52 PM IST

Ration card distribution
ৰেচন কাৰ্ড বিতৰণ

Ration card distribution: কলগাছিয়াত নতুন হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । অসমত ৰেচন কাৰ্ডৰ যাত্ৰাটোহে ন্যায় যাত্রা বুলি কয় মন্ত্ৰীজনে ৷

ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

জনিয়া, 21 জানুৱাৰী: "অসমত দুটা যাত্ৰা চলি আছে ৷ এটা হ’ল ৰাহুল গান্ধীৰ যাত্ৰা আৰু আনটো ৰেচন কাৰ্ডৰ যাত্ৰা ৷ ৰেচন কাৰ্ডৰ যাত্ৰাটোহে ন্যায় যাত্ৰা, ৰাহুলৰ যাত্ৰাটো অন্যায় যাত্ৰা ৷" এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷

বৰপেটা জিলাৰ কলগাছিয়া মিনি ষ্টেডিয়ামত আজি অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত থাকি 22 নং মন্দিয়া সমষ্টিৰ 10,997 গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰে ৷ প্ৰায় কুৰি গৰাকী দৰিদ্ৰ হিতাধিকাৰৰ হাতত ৰেচন কাৰ্ড প্ৰদান কৰি অনুষ্ঠানটো শুভাৰম্ভ কৰি দিয়া ভাষণত মন্ত্ৰী দাসে কয় যে, এইবেলি অসমত 42,85,745 গৰাকী নতুন হিতাধিকাৰীৰ মাজত মুঠ 10,,73,489 খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰিব চৰকাৰে ৷ সেই হিচাপত বৰপেটা জিলাত 1 লাখ 47 হাজাৰ আৰু মন্দিয়া সমষ্টিত 10,997 গৰাকী নতুন হিতাধিকাৰীয়ে ৰেচন কাৰ্ড লাভ কৰিব বুলি তেওঁ কয় ৷

অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী দাসে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, অসমত এতিয়া দুটা যাত্ৰা চলিছে ৷ এটা কংগ্ৰেছৰ যাত্ৰা আৰু আনটো ৰেচন কাৰ্ডৰ যাত্ৰা ৷ চৰকাৰৰ ৰেচন কাৰ্ডৰ যাত্ৰাহে ন্যায় যাত্ৰা ৷ ৰাহুল গান্ধীৰ যাত্ৰা অন্যায় যাত্ৰা বুলি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ অনুষ্ঠানত বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত খনীন্দ্ৰ দাসো উপস্থিত থাকে ৷ অনুষ্ঠানটোত মন্দিয়া পূব আৰু পশ্চিম, ৰূপসী উত্তৰ আৰু দক্ষিণ, তিতাপানী উত্তৰ আৰু দক্ষিণ, জনীয়া পূব আৰু পশ্চিম, মইনবড়ী, চতলা আৰু তাৰাকান্দি সমবায় সমিতিৰ অন্তৰ্গত কেইবা হাজাৰ হিতাধিকাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক : আঁচনি বিচৰা মহিলাই অংশগ্ৰহণ নকৰে ভাৰত জোড়ো ন্যায় যাত্ৰাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.