ETV Bharat / state

মধ্যযুগৰ অসমৰ অমূল্য বৌদ্ধিক সম্পদ সংৰক্ষণৰ প্ৰয়াস চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 10:01 PM IST

Sanchipatiya puthi portal: সাঁচিপতীয়া পুথিৰ বিশেষ প’ৰ্টেল মুকলি তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ । বৰদোৱাসহ পাঁচ সত্ৰত উপলব্ধ ১০২৫ খন পুৰণি সাঁচিপাতৰ পাণ্ডুলিপিৰ ২৯৬৮৬ পৃষ্ঠাৰ স্কেনিং সম্পন্ন । প’ৰ্টেলত ক্লিক কৰিলেই উপলব্ধ হ’ব ৩৬৭ খন পাণ্ডুলিপি ।

Minister Keshab Mahanta launches_special_portal_for sanchipatiya puthi
প’ৰ্টেল মুকলি

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী : মধ্যযুগৰ অসমৰ অমূল্য বৌদ্ধিক সম্পদৰূপে বিবেচিত সাঁচিপাতৰ পুথিৰ পাণ্ডুলিপিসমূহ বিজ্ঞানসন্মতভাৱে স্থায়ী ৰূপত সংৰক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে । ইয়াৰ অংশ হিচাপে বিভাগটোৰ অধীনৰ অসম ইলেক্ট্ৰনিক্স ডেভেলপমেণ্ট কৰ্পোৰেচন লিমিটেডে (এমট্ৰন) পুৰণি সাঁচিপাতৰ পুথিৰ পাণ্ডুলিপিকলৈ প্ৰস্তুত কৰা এটা বিশেষ প’ৰ্টেল মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই । দিছপুৰস্থিত তথ্য-প্ৰযুক্তি আৰু ইলেকট্ৰনিক সঞ্চালকালয়ত (ডাইটেক) মঙলবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বিশেষ প’ৰ্টেলটো মুকলি কৰে ।

Minister Keshab Mahanta launches_special_portal_for sanchipatiya puthi
অমূল্য বৌদ্ধিক সম্পদ সংৰক্ষণৰ প্ৰয়াস

প’ৰ্টেলটো মুকলি কৰি মন্ত্ৰীগৰ‍াকীয়ে কয়, ‘পাঁচশ বছৰৰ আগৰে পৰা দুয়োজনা গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ লগতে আমাৰ আতাপুৰুষসকলে সাঁচিপাতত ৰচনা কৰি থৈ যোৱা অমূল্য বৌদ্ধিক সম্পদৰাজিয়ে আমাৰ সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যৰ সমৃদ্ধিশালী ৰূপটোকে প্ৰতিফলিত কৰি আহিছে ।’ অসমৰ ভাষা-সাহিত্য-সংস্কৃতিৰ চহকী ঐতিহ্যক প্ৰতিফলিত কৰা এই অনন্য সম্পদৰাজি ডিজিটাইজেছনৰে ভৱিষ্যত প্ৰজন্মৰ বাবে স্থায়ীভাৱে সংৰক্ষণ কৰাৰ লগতে দেশ-বিদেশৰ গৱেষক-পণ্ডিতৰ বাবেও ইণ্টাৰনেটত সুন্দৰকৈ উপলব্ধ হোৱাকৈ তথ্য প্ৰযুক্তি বিভাগে এমট্ৰনৰ তত্বাৱধানত এক বিশেষ প্ৰকল্প কাৰ্য ৰূপায়নৰ ব্যৱস্থা কৰিছে । ইয়াৰ অংশ হিচাপে অসমৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত উপলব্ধ পুৰণি সাঁচিপতীয়া পুথিসমূহ ডিজিটাইজেচনৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে স্থায়ী সংৰক্ষণৰ কাম চলাই থকা হৈছে ।

প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে বৰদোৱা সত্ৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া আন চাৰিখন সত্ৰত থকা সাঁচিপাতৰ পাণ্ডুলিপিসমূহ অত্যাধুনিক স্কেনাৰৰ জৰিয়তে স্কেনিং কৰি ইমেজ প্ৰচেছিং আৰু মেটা ডাটা সৃষ্টিৰে ডিজিটাইজ কৰাৰ কাম সম্পূৰ্ণ হৈ উঠিছে । এনেদৰে ডিজিটাইজ কৰা সাঁচিপাতৰ পুথিৰ পাণ্ডুলিপিসমূহৰ স্থায়ী সংৰক্ষণ আৰু ইণ্টাৰনেটত একত্ৰে উপলব্ধ কৰিবলৈ এই বিশেষ প’ৰ্টেলটো প্ৰস্তুত কৰা হৈছে । ইতিমধ্যে এই প’ৰ্টেলত ৩৬৭ খন সাঁচিপাতৰ পুথিৰ পাণ্ডুলিপি ডিজিটাইজ ৰূপত আপলোড কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

প্ৰকল্পটোৰ পৰৱৰ্তী পৰ্যায়ত বৰ্তমান বৰপেটা সত্ৰ আৰু আশে-পাশে থকা সত্ৰসমূহত সংৰক্ষিত পাণ্ডুলিপিসমূহৰ স্কেনিঙৰ কাম চলাই থকা হৈছে । মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এই প্ৰকল্পৰ জৰিয়তে ইতিমধ্যে এমট্ৰনে ১০২৫খন সাঁচিপাতৰ পুথিৰ পাণ্ডুলিপিৰ মুঠ ২৯,৬৮৬ পৃষ্ঠাৰ স্কেনিং সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে । মন্ত্ৰী মহন্তই লগতে কয় যে অসম চুক্তিৰ ৬নং দফাত অসমৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্যৰ উপযুক্ত সংৰক্ষণ-সংবৰ্দ্ধনৰ বিষয়ে উল্লেখ আছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে এই বিষয়টো কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিছে । চৰকাৰৰ এনে প্ৰয়াসৰে অংশ হৈছে ঐতিহাসিক দৃষ্টিকোণেৰে মহত্ত্বপূৰ্ণ অসমৰ পুৰণি সাঁচিপাতৰ পুথিসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে অক্ষত কৰি ৰখাৰ বাবে এমট্ৰনৰ তত্বাৱধানত চলোৱা এই বিশেষ প্ৰকল্প ।

মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সাঁচিপতীয়া পুথিৰ বিশেষজ্ঞ, পণ্ডিত-গৱেষকসকলক সাঁচিপাতৰ পুথি ডিজিটাইজেছনৰ জৰিয়তে স্থায়ী সংৰক্ষণৰ বাবে তথ্য-প্ৰযুক্তি বিভাগে লোৱা এই প্ৰকল্প সন্দৰ্ভত দিহা-পৰামৰ্শ আগবঢ়াবলৈ অনুৰোধ জনায় । সাঁচিপাতৰ পুথিৰ বিশেষ প’ৰ্টেলটো উন্মোচনৰ সময়ত এমট্ৰনৰ উপাধ্যক্ষ ৰিতুবৰণ শৰ্মা, তথ্য প্ৰযুক্তি বিভাগৰ সচিব অনিতা দত্ত, এমট্ৰনৰ পৰিচালন সঞ্চালক নৰসিং পাৱাৰ, বিজ্ঞান প্ৰযুক্তি ইলেক্ট্ৰনিকছ আৰু যোগাযোগ সঞ্চালকালয়ৰ সঞ্চালক পবন কুমাৰৰ লগতে বিভাগীয় বিষয়াবৰ্গসকল উপস্থিত থাকে ।

লগতে পঢ়ক : মোদী ধামকা ! গুৱাহাটীৰ বজাৰত ২৯ টকাত ভাৰত চাউল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.