ETV Bharat / state

স্বাস্থ্যখণ্ডক অধিক গতিশীল কৰাৰ উদ্দেশ্যে নগাঁৱত এন এই এমৰ শীৰ্ষ বিষয়াৰে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 10:05 AM IST

Keshab Mahanta meeting Nagaon health department : নগাঁৱত স্বাস্থ্য বিভাগৰ বিষয়াৰে গুৰুত্বপূৰ্ণ বৈঠক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ সৈতে আলোচনাত মিলিত হয় স্বাস্থ্যমন্ত্ৰী । বিভাগটোক অধিক গতিশীল কৰাৰ বাবে বৈঠকত কৰা হয় পৰিকল্পনা । চাহ বাগিচাত বিতৰণ কৰা হ’ব ৰোগী কঢ়িওৱা বাহন । চাহ বাগিচাৰ স্বাস্থ্যখণ্ডৰ ওপৰতো আলোচনা ।

Keshab Mahanta meeting Nagaon health department
স্বাস্থ্য বিভাগৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ

নগাঁও, 7 ফেব্ৰুৱাৰী : ৰাজ্যৰ স্বাস্থ্যখণ্ডক অধিক গতিশীল কৰাৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । বিশেষকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ভিতৰুৱা গ্ৰামঞ্চলৰ লোককো বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে চৰকাৰে ।

বিভাগটোৰ পৰ্যালোচনা কৰাৰ লগতে ভিতৰুৱা অঞ্চলৰ স্বাস্থ্যখণ্ড অধিক উন্নত কৰাৰ উদ্দেশ্যে মঙলবাৰে বিয়লি নগাঁৱত স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰে গুৰুত্বপূৰ্ণ বৈঠক মিলিত হয় ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত । মঙলবাৰে সন্ধিয়া নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য বিভাগ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক ।

বৈঠকত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা হোৱা বুলিও জানিব পৰা গৈছে । বিশেষকৈ চাহ বাগিচা এলেকাৰ স্বাস্থ্যখণ্ডৰ ওপৰতো গুৰুত্ব আৰোপ কৰে স্বাস্থ্য বিভাগৰ বৈঠকখনত । চাহ বাগিচা এলেকাৰ স্বাস্থ্যখণ্ড উন্নত কৰাৰ লগতে চাহ বাগিচা এলেকাৰ বাবে ৰোগী কঢ়িওৱা বাহন বিতৰণৰ বাবেও চিন্তা চৰ্চা কৰা হয় বৈঠকখনত ।

চাহ বাগিচাৰ লোকসকলেও যাতে নিজৰ নিজৰ এলেকাতে উন্নত চিকিৎসা লাভ কৰিব পাৰে সেই সন্দৰ্ভতো বৈঠকখনত আলোচনা কৰা হয় বুলিও জানিব পৰা গৈছে । ইয়াৰোপৰি স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত চৰকাৰে গ্ৰহণ কৰা আঁচনি ৰূপায়ণ সন্দৰ্ভতো বিভাগীয় বিষয়া, অভিযন্তাৰ পৰা বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

মঙলবাৰে সন্ধিয়া নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠকত স্বাস্থ্য বিভাগৰ আয়ুক্ত, সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক এম এছ লক্ষ্মীপ্ৰিয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্য্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডিজেন চন্দ্ৰ ৰয়কে প্ৰমুখ কৰি স্বাস্থ্য বিভাগৰ কেইগৰাকী বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক : ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কম খৰচী ড্ৰায়াৰ উদ্ভাৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.