ETV Bharat / state

ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কম খৰচী ড্ৰায়াৰ উদ্ভাৱন

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 9:19 AM IST

Small tea farmers of Assam : অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীৰ অভূতপূৰ্ব সফলতা । ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কম খৰচী ড্ৰায়াৰ উদ্ভাৱন । বিজ্ঞানী দুজন অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ গৱেষক অভিযন্তা তথা অধ্যাপক ড৹ অভিজিৎ বড়া আৰু কনিষ্ঠ বিজ্ঞানী কৌশিক হাজৰিকা ৷

Invention of low cost dryers for small tea farmers
অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীৰ অভূতপূৰ্ব সফলতা

যোৰহাট, 7 ফেব্ৰুৱাৰী : গুণগত মানদণ্ডৰ চাহ উৎপাদনৰ বাবে সহজেই চাহ শুকুৱাই ল'ব পৰা কম খৰচী আৰ্হি প্ৰযুক্তি কৌশল উদ্ভাৱন কৰি চাহ খেতিয়কৰ বাবে আশাৰ বতৰা কঢ়িয়াবলৈ সক্ষম হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীয়ে । অসমৰ চাহৰ চাহিদা আৰু সমাদৰৰ পাছতো সঠিক কম খৰচী যন্ত্ৰপাতি নথকাৰ বাবেই বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকল সমস্যাৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে ৷ গৱেষক বিজ্ঞানীয়ে উদ্ভাৱন কৰি উলিয়াইছে Natural draft gas fired tea dryer ৷ এই Natural draft gas fired tea dryer য়ে চাহ খেতিয়কক সকাহ দিবলৈ আগবাঢ়িছে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্ৰিক বিভাগৰ গৱেষক অভিযন্তা তথা অধ্যাপক ড৹ অভিজিৎ বড়া আৰু কনিষ্ঠ বিজ্ঞানী কৌশিক হাজৰিকাই উদ্ভাৱন কৰা Natural draft gas fired tea dryer for small tea growers ৰ বাবে ইতিমধ্যে পেটেণ্ট লাভ কৰিবলৈ সক্ষম হৈছে ।

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অৰ্থনৈতিক অনুদানেৰে দীৰ্ঘদিন ধৰি সম্পন্ন কৰা গৱেষণা প্ৰকল্পৰ অধীনত এই উদ্ভাৱন সম্পন্ন হয় । এই যন্ত্ৰাংশৰ জৰিয়তে এবাৰত প্ৰায় 100 কিলোগ্ৰামৰ সৰু চাহ শুকুৱাই ল'ব পৰা যাব । ফলত কেঁচা চাহপাত নষ্ট হোৱা বা দাম কমাৰ বাবে হোৱা লোকচান কমাব পৰা যাব ।

উল্লেখ্য যে, উজনি অসমৰ জিলাসমূহৰ বেছিভাগ অঞ্চলতে পাইপ গেছ ব্যৱস্থা উপলব্ধ হোৱাৰ বাবে এই যন্ত্ৰাংশৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকল উপকৃত হ'ব পাৰিব । বিভিন্ন ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে ঈৰ্ষণীয় সফলতা লাভ কৰিছে । কৃষকৰ বাবে বিভিন্ন উন্নত মানদণ্ডৰ বীজ আৰু কাৰিকৰী কৌশল উদ্ভাৱন কৰি গৱেষক বিজ্ঞানীয়ে ইতিমধ্যে নিজৰ স্বকীয়তাৰ পৰিচয় দি আহিছে । ফলত যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইতিমধ্যে বিশেষ সমাদৰ লাভ কৰিছে ।

লগতে পঢ়ক : Jorhat Agriculture Department : যোৰহাট জিলাত 'কিষাণ ড্ৰোন'ৰ সহায়ত জৈৱিক সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগৰ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.