ETV Bharat / state

দীৰ্ঘদিনৰ প্ৰতিদ্বন্দ্বীক দললৈ আদৰণি মন্ত্ৰী যোগেন মহনৰ

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 6:50 PM IST

Minister Jogen Mahan: দীৰ্ঘদিনৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী কংগ্ৰেছ নেতা সূৰুয দিহিঙীয়াক দললৈ আদৰণি মন্ত্ৰী যোগেন মহনৰ । কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰি কংগ্ৰেছত এতিয়া কোনো নাথাকে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

Minister Jogen Mahan welcomes Suruj Dihingia to BJP in Charaideo
দীৰ্ঘদিনৰ প্ৰতিদ্বন্দ্বীক দললৈ আদৰণি মন্ত্ৰী যোগেন মহনৰ

চৰাইদেউ,১৪ মাৰ্চ: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় দল বিজেপিয়ে ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে যদিও ৰাজ্যৰ মূল বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে এটাৰ পিচত এটাকৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । বুধবাৰৰ দিনটোত কংগ্ৰেছৰ পৰা পদত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়াই । বিগত দুটাকৈ বিধানসভা নিৰ্বাচনত মাহমৰা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল সূৰুয দিহিঙীয়াই ।

দুয়োটা বিধানসভা নিৰ্বাচনত কম ভোটৰ ব্যৱধানতহে মন্ত্ৰী যোগেন মহনৰ হাতত পৰাজিত হৈছিল নেতাগৰাকী । দীৰ্ঘদিনৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী কংগ্ৰেছী নেতা সূৰুয দিহিঙীয়াই বিজেপিত যোগদান কৰাক লৈ চৰাইদেউৰ মাহমৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে । মাহমৰাৰ খুমটাইত ৪৪ টাকৈ প্ৰধানমন্ত্ৰী আবাসিক এলেকাৰ হিতাধিকাৰীৰ গৃহ দুৱাৰ আজি মুকলি কৰে মন্ত্ৰী যোগেন মহনে । লগতে মাহমৰা সমষ্টিত এম জি এনৰেগা আঁচনিৰ ৯৭ লাখ টকা ব্যয়েৰে ১৯ টা আঁ‌চনি শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা সূৰুয দিহিঙীয়াক দললৈ আদৰণি জনোৱা বুলি উল্লেখ কৰি কয়, "কংগ্ৰেছত এতিয়া কোনো নাথাকে, কংগ্ৰেছ এতিয়া দুবন্ত নাও । কংগ্ৰেছ দলত এতিয়াও খোৱা কামোৰা সেয়ে কংগ্ৰেছ দল এৰি বিজেপিত যোগদান কৰিছে সূৰুয দিহিঙীয়াই ।" সূৰুয দিহিঙীয়াৰ নেতৃত্বত ১৮ মাৰ্চত কংগ্ৰেছৰ বহু নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী যোগেন মহনে ।

উল্লেখযোগ্য যে উজনি অসমৰ শক্তিশালী কংগ্ৰেছী নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ বিজেপিত যোগদান কৰা পাছতেই চৰাইদেউৰ মাহমৰাত বিজেপি কৰ্মীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । অনাগত সময়ত মন্ত্ৰী যোগেন মহনৰ ৰাজনৈতিক ক্ষেত্ৰত সূৰুয দিহিঙীয়া হেঙাৰ হ'ব বুলিও চৰ্চা চলা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: অৱশেষত অপেক্ষাৰ অন্ত : শোণিতপুৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ প্ৰেমলাল গঞ্জুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.