ETV Bharat / state

ভূপেন বৰা-লুৰীণজ্যোতি গগৈ এজন আনজনৰ পৰিপূৰক: জয়ন্ত মল্লবৰুৱা

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 4:56 PM IST

Updated : Feb 10, 2024, 5:04 PM IST

Jayanta Malla Baruah: নতুন ফটাশিল টাউন হাইস্কুলত ছাত্র-ছাত্রীসকলৰ মাজত পানী, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকাশ কৰা হাতপুথি উন্মোচন মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ । হাতপুথিখনত থকা ২৪ টা বাণীৰ এটাকৈ বাণী প্ৰত্যেক দিনাই পাঠ কৰোৱা হ'ব বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত । বিৰোধীৰ মিত্রতা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া মন্ত্রী বৰুৱাৰ । ইণ্ডিয়া ব্লক আছিল কেইটামান পৰিয়ালৰ পৰিয়ালতন্ত্রক বচাই ৰখাৰ এটা পৰিকল্পনা ।

Jayanta Malla Baruah on INDIA Block
ভূপেন বৰা আৰু লুৰীণজ্যোতি গগৈ এজন আনজনৰ পৰিপূৰক

গুৱাহাটী,১০ ফেব্ৰুৱাৰী: বিৰোধীৰ ইণ্ডিয়া ব্লক আছিল কেইটামান পৰিয়ালৰ পৰিয়ালতন্ত্রক বচাই ৰখাৰ এটা পৰিকল্পনা । এই মন্তব্য মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ । শনিবাৰে গুৱাহাটীৰ ফটাশিলত এক অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে ইণ্ডিয়া ব্লক সন্দৰ্ভত এইদৰে কয় । তেওঁ কয় যে গান্ধী পৰিয়াল, যাদৱ পৰিয়ালকে ধৰি কেইটামান পৰিয়াল লগ হৈছিল তেওঁলোকৰ পৰিয়ালবাদক বচোৱাৰ বাবে । সেই কামটো সকলোৱে মানি নল'ব আৰু যাৰ বাবে এই মিত্রতাত কোনো নথকাটো স্বাভাৱিক । এই মিত্রতা নাথাকে আৰু তাৰ প্ৰতিফলন ইতিমধ্যে প্ৰতিফলিত হৈছে বুলি তেওঁ উল্লেখ কৰে ।

ইফালে অসমৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰসংগত তেওঁ কয় যে ভূপেন বৰা আৰু লুৰীণজ্যোতি গগৈ এজন আনজনৰ পৰিপূৰক । ভূপেন বৰাই জানে লুৰীণজ্যোতি গগৈ নহ'লে নহয় আৰু লুৰীণজ্যোতি গগৈয়ে জানে ভূপেন বৰা নহ'লে নহয় । বিৰোধীয়ে বিচৰা অসমৰ এচাম মানুহৰ ভোট আমাক নালাগে বুলি উল্লেখ কৰি তেওঁ কয় যে আগ্ৰাসনকাৰীসকলৰ ভোট বিজেপিক নালাগে । বৰ্তমান কংগ্ৰেছত শক্তি নাই আৰু সেয়া সকলোৱে দেখিছে বুলি সদৰি কৰি তেওঁ কয় যে মিঞাক বাদ দি কংগ্ৰেছত যি মানুহকে ভাবো সেই মানুহকে বিজেপিলৈ আনিব পাৰে ।

আনহাতে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম তৃতীয় স্থানত থকাৰ প্ৰসংগত তেওঁ কয় যে বৰ্তমান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ‍্যতে নহয় ৰাষ্ট্ৰীয় পৰ্যায়তো জনপ্ৰিয়তা লাভ কৰিছে । মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমখন বিকাশৰ দিশত আগুৱাই যোৱাৰ লগতে ৰাজ্যখনক এখন সুৰক্ষিত ৰাজ্য হিচাপে গঢ় দিয়াৰ প্ৰয়াস কৰিছে মুখ্যমন্ত্রীয়ে ।

মুখ্যমন্ত্রীয়ে ভোটকেন্দ্ৰিক কথা চিন্তা নকৰি ভৱিষ্যৎ প্ৰজন্মৰ কথা চিন্তা কৰি যি প্ৰয়োজন তাকে কৰিছে বুলি তেওঁ কয় ।

উল্লেখ্য যে শনিবাৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই গুৱাহাটীৰ আমবাৰীস্থিত নতুন ফটাশিল টাউন হাইস্কুলত ছাত্র-ছাত্রীসকলৰ মাজত পানী, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকাশ কৰা এখন হাতপুথি আনুষ্ঠানিকভাৱে উন্মোচন কৰে । মুকলি কৰা হাতপুথিখন ৰাজ্যৰ প্ৰতিখন বিদ্যালয় লৈ প্ৰেৰণ কৰা হ'ব । হাতপুথিখনত মুঠ ২৪ টা বাণী আছে আৰু প্ৰত্যেক দিনাই এটাকৈ বাণী পাঠ কৰোৱা হ'ব বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত ।

শিশু-কিশোৰৰ মনত সুৰক্ষিত খোৱা-পানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কে সজাগতাৰ প্ৰচাৰৰ উদ্দেশ্যে এই পুথি প্রস্তুত কৰা হৈছে । কিশোৰৰ মনত সুৰক্ষিত খোৱা-পানী আৰু পৰিচ্ছন্নতা সম্পৰ্কে সজাগতাৰ প্ৰচাৰে এক গুৰুত্বপূৰ্ণ শৈক্ষিক সঁজুলি হিচাপে কাম কৰি নতুন প্ৰজন্মৰ সজাগ আৰু সক্ৰিয় ব্যক্তিত্বৰ বিকাশ কৰিব ।

লগতে পঢ়ক :লুৰীণজ্যোতি গগৈ হ’ব ডিব্ৰুগড়ত বিৰোধীৰ সৰ্বসন্মত প্ৰাৰ্থী !

Last Updated : Feb 10, 2024, 5:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.