ETV Bharat / state

কংগ্ৰেছক তুলাধূনা মন্ত্ৰী অতুল বৰাৰ - LOK SABHA ELECTIONS

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 5:04 PM IST

Updated : Mar 22, 2024, 7:32 PM IST

election campaign in Dhemaji
কংগ্ৰেছক তুলাধূনা মন্ত্ৰী অতুল বৰাৰ

Lok Sabha Election 2024 : এইবাৰ এন ডি এ অপ্ৰতিৰোধ্য ৷ পূৰ্বতকৈ অধিকসংখ্যক আসনত এইবাৰ এন ডি এই সমগ্ৰ ভাৰততে জয়লাভ কৰিব ৷ অসমৰ ১৪ আসনেই লাভ কৰিব এন ডি এই ৷ এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ ৷

কংগ্ৰেছক তুলাধূনা মন্ত্ৰী অতুল বৰাৰ

ধেমাজি, 22 মাৰ্চ : ৰাজ্যজুৰি এতিয়া লোকসভা প্ৰাক নিৰ্বাচনৰ গৰম বতাহ ৷ শাসক বিৰোধী উভয়ে চলাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এন ডি এৰ অংশীদাৰ দল অসম গণ পৰিষদেও চলাইছে সাংগঠনিক কুচকাৱাজ ৷ শুকুৰবাৰে ধেমাজি জিলাৰ অগপ কাৰ্যালয়ত অসম গণ পৰিষদৰ লখিমপুৰ সংসদীয় সমষ্টিৰ অধীনৰ লখিমপুৰ, নাওবৈচা, ৰঙানদী, ঢকুৱাখনা, ধেমাজি, চিচিবৰগাঁও, জোনাই ,ডুমডুমা আদি অগপৰ বিধান পৰিষদত নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷

এই সভাত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি বহু কেইজন শীৰ্ষ বিষয়ববীয়াই অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে লখিমপুৰ লোকসভাৰ অন্তৰ্গত কেওটা বিধান সভা সমষ্টিৰ বিষয়ববীয়াই ভাগ লয় ৷

এই সভা চলি থকা মাজতেই সংবাদ মাধ্যমৰ আগত কংগ্ৰেছক কটাক্ষ কৰি কয় যে, কংগ্ৰেছত বৰ্তমান সময়ত নেতৃত্বৰ অভাৱ ৷ বৰ্তমান সময়ত অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত উন্নয়নৰ বতাহ চলি আছে ৷ কংগ্ৰেছৰ সময়ত উন্নয়ন সপোনস্বৰূপ আছিল ৷ এইবাৰ এন ডি এ অপ্ৰতিৰোধ্য ৷ পূৰ্বতকৈ অধিকসংখ্যক আসনত এইবাৰ এন ডি এই সমগ্ৰ ভাৰততে জয়লাভ কৰিব ৷ অসমৰ ১৪ আসনেই লাভ কৰিব এন ডি এয়ে ৷

মন্ত্ৰী অতুল বৰাই লগতে কয় যে, বিজেপি, অগপ, ইউপিপিএলকে ধৰি মিত্ৰজোঁট এতিয়া শক্তিশালী ৷ কংগ্ৰেছ এতিয়া নিশকতীয়া ৷ কংগ্ৰেছ দুৰ্বল ৷ কংগ্ৰেছে শাসন কৰাৰ সুবিধা পায়ো একো কৰিব নোৱাৰিলে ৷ কংগ্ৰেছেও উন্নয়ন কৰিব পাৰিলেহেতেন ৷ কংগ্ৰেছত ৰাজনৈতিক সদিচ্ছাৰ অভাৱ ৷ ৰাইজ বিজেপিৰ লগত আছে ৷ ৰাইজৰ দলটোৰ প্ৰতি থকা সঁহাৰিয়েই দলটোৰ শক্তি ৷

লগতে পঢ়ক: ৰাইজৰ সঁহাৰি-আশীৰ্বাদ আমাৰ লগত আছে : বিজুলী কলিতা মেধি - Lok Sabha Election 2024

Last Updated :Mar 22, 2024, 7:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.