ETV Bharat / state

মন্ত্ৰী অতুল বৰাৰ উদ্যোগত বোকাখাতৰ ১৩৮৬ শিক্ষাৰ্থীক অভিনন্দন - HSLC and HS exams 2024

HSLC and HS exams 2024: বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ উদ্যোগত মঙলবাৰে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি সমষ্টিটোৰ ১৩৮৬ গৰাকী কৃতীমান ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় ৷

HSLC and HS exams 2024
মন্ত্ৰী অতুল বৰাৰ উদ্যোগত বোকাখাতৰ ১৩৮৬ শিক্ষাৰ্থীক অভিনন্দন (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 28, 2024 at 10:09 PM IST

2 Min Read
Choose ETV Bharat

বোকাখাত, ২৮ মে’: বোকাখাত বিধানসভা সমষ্টিৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক ২০২৪ চনৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীক মঙলবাৰে অভিনন্দন জনোৱা হয় ৷ বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ উদ্যোগত এই অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ বোকাখাত নাট্য মন্দিৰত আয়োজন কৰা হয় এই অভিনন্দন অনুষ্ঠানৰ ৷

মন্ত্ৰী অতুল বৰাৰ উদ্যোগত বোকাখাতৰ ১৩৮৬ শিক্ষাৰ্থীক অভিনন্দন (ETV BHARAT ASSAM)

এই আড়ম্বৰপূৰ্ণ অভিনন্দন অনুষ্ঠানটোত বোকাখাত বিধানসভা সমষ্টিৰ ৮৬ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী শিক্ষাৰ্থীক একোটাকৈ গছপুলি, গামোচা, অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷ মন্ত্ৰী বৰা অনুষ্ঠানত উপস্থিত থাকি আটাইকে শুভেচ্ছা জনায় ৷

মেধাৱী ছাত্র-ছাত্রীসকলক অভিনন্দন জনাই মন্ত্ৰী বৰাই অনাগত দিনত তেওঁলোকক নিজ নিজ ক্ষেত্রত আগবাঢ়ি যাবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে লক্ষ্যমুখী দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ অনুষ্ঠানটোত আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা প্ৰীতিমা কৌশিক বৰুৱা ৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় বক্তব্য আগবঢ়াই তেওঁলোকক অনুপ্ৰাণিত কৰে ।

ইফালে মন্ত্ৰী বৰাই ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জিলাখনৰ বিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক, শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জনায় ৷ তেওঁ লগতে অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক, বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজক ধন্যবাদ জনায় ।

উল্লেখ্য যে ২০১৬ চনৰ পৰা বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত আয়োজন কৰা এই অভিনন্দন অনুষ্ঠানত এইবাৰ উচ্চতৰ মাধ্যমিকৰ ৬৪৫ গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৭৪১ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় । প্ৰতিকূল বতৰক নেওচি ছাত্ৰ-ছাত্ৰীৰ লগতে সহস্ৰাধিক লোক উপস্থিত থাকে অনুষ্ঠানত ।

লগতে পঢ়ক: যোগেন মহনৰ উপস্থিতিত কৃতী শিক্ষাৰ্থী অভিনন্দন অনুষ্ঠান - Assam HS Result 2024