ETV Bharat / state

যোগেন মহনৰ উপস্থিতিত কৃতী শিক্ষাৰ্থী অভিনন্দন অনুষ্ঠান - Assam HS result 2024

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 10:24 AM IST

Assam HS result 2024: মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশেষ অভিনন্দন অনুষ্ঠান ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানটোত ৷ অনুষ্ঠানটোত উপস্থিত থাকে মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন ৷

feliciation programme at moran Dibrugarh of hs passed student
যোগেন মহনৰ উপস্থিতিত কৃতী শিক্ষাৰ্থী অভিনন্দন অনুষ্ঠান (ETV BHARAT ASSAM)

যোগেন মহনৰ উপস্থিতিত কৃতী শিক্ষাৰ্থী অভিনন্দন অনুষ্ঠান (ETV BHARAT ASSAM)

মৰাণ, 12 মে’ : অপেক্ষাৰ অন্ত পেলাই 9 মে’ৰ দিনা ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল । এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল শীৰ্ষ স্থান অবিহনেই ঘোষণা কৰিলে শিক্ষা বিভাগে । শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যদিও নতুন নিয়মেৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলক আদৰণি জনাইছে শিক্ষাৰ্থীসকলে ।

ফলাফল ঘোষণাৰ পাচতে শনিবাৰে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মাহমৰা সমষ্টিৰ অন্তৰ্গত এলেকাৰ সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক মৰাণস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মাহমৰা উন্নয়ন মঞ্চৰ উদ্যোগত আৰু কেবিনেট মন্ত্ৰী যোগেন মহনৰ ব্যৱস্থাপনাত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

এই অভিনন্দন অনুষ্ঠানত মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড৹ অনিল শইকীয়া, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মিতালী কোঁৱৰ, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই, মৰাণ মহিলা মহাবিদ্যলয়ৰ অধ্যক্ষ জয়শ্ৰী ফুকনৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি আৰু শিক্ষাবিদ উপস্থিত থাকে ।

এই অভিনন্দন অনুষ্ঠানত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মাহমৰা অঞ্চলৰ শতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে কয়, "মাহমৰা উন্নয়ন মঞ্চৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক শৈক্ষিক ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব । লগতে এইবাৰৰ পৰা প্ৰতিবছৰে 5 জন দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে সকলো দায়িত্ব লোৱা হ'ব ।"

শিক্ষাৰ্থীসকলক যোগাত্মক চিন্তাৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰী যোগেন মহনে ৷

লগতে পঢ়ক: পিতৃয়েই প্ৰশিক্ষক; কন্যাই আকাশ স্পৰ্শ কৰাৰ সপোন নেদেখিবই বা কিয় - ASSAM HS RESULT 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.