ETV Bharat / state

ধৰ্মীয় উন্মাদনাৰ পৰিৱৰ্তে ভাতৃত্ববোধৰ চিন্তাৰে সমাজ গঢ়িবলৈ আহ্বান লুৰীণজ্যোতিৰ

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 10:10 PM IST

Lurinjyoti Gogoi on Me Dam Me Phi: ৰাজ্যৰ টাই আহোমসকলে পূর্বপুৰুষক পূজা কৰাৰ উদ্দেশ্যে আজি অনুষ্ঠিত কৰিছে মে -ডাম- মে -ফি । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ উদ‍্যোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় মে-ডাম-মে-ফি ।

Lurinjyoti Gogoi on Me Dam Me Phi
অসম জাতীয় পৰিষদৰ মে-ডাম-মে-ফি

অসম জাতীয় পৰিষদৰ মে-ডাম-মে-ফি

মৰাণ, ৩১ জানুৱাৰী : আজি পবিত্ৰ মে-ডাম-মে-ফি । তাই আহোম সকলৰ উপৰিপুৰুষ সকলক তৰ্পণ কৰা অনুষ্ঠান মে-ডাম-মে-ফি । পৰম্পৰা ৰক্ষা কৰি উপৰিপুৰুষ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে আজি সমগ্ৰ ৰাজ‍্যৰ লগতে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ উদ‍্যোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় মে-ডাম-মে-ফি। ডিব্ৰুগড়ৰ বৰপথাৰত অনুষ্ঠিত এই কেন্দ্ৰীয় মে-ডাম-মে-ফিত উপস্থিত থাকে অজাপৰ সভাপতি লুৰীণজ‍্যোতি গগৈ ।

উক্ত অনুষ্ঠানত ধৰ্মীয় কাৰ্যসূচীৰ লগতে ৰাজহুৱা সভা অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ‍্যোতি গগৈয়ে কয়," উপৰিপুৰুষৰ পৰা আশীৰ্বাদ লাভ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে অসম জাতীয় পৰিষদে মে-ডাম-মে-ফি অনুষ্ঠিত কৰি আহিছে । মে-ডাম- মে-ফি কেৱল তাই আহোম সমাজতে সীমাবদ্ধ নাৰাখি সকলো অসমীয়া ৰাইজৰ আধ্যাত্মিক অনুষ্ঠান হিচাপে গঢ়ি তুলিব লাগে । " লগতে সাম্প্ৰদায়িক, ধৰ্মীয় উন্মাদনাৰ পৰিৱৰ্তে ভাতৃত্ববোধৰ চিন্তাৰে সমাজ গঢ়িবলৈ সকলোকে আহ্বান জনাই সভাপতি গৰাকীয়ে ।

উল্লেখযোগ্য যে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় মে ডাম-মে-ফি অনুষ্ঠিত কৰা সমান্তৰাল ভাৱে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্ততো ৰাইজে অনুষ্ঠিত কৰে উক্ত অনুষ্ঠানৰ । মৰাণতো আহোম জনগোষ্ঠী লোক সকলে উদযাপন কৰে মে-ডাম-মে-ফি । মৰাণৰ খোৱাং দামৰিখাটীত আজি স্থানীয় ৰাইজে ৰাজহুৱাকৈ উদযাপন কৰিছে । আৰম্ভণিতে ধৰ্মীয় ৰীতি-নীতিৰে পুৰোহিতৰ দ্বাৰা বানফি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত এখন মুকলি সভা অনুষ্ঠিত হয় । এই সভাত বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড়ৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইয়াৰ সমান্তৰালভাৱে চহৰখনৰ উপকন্ঠ অঞ্চল জকাই কোঁৱৰ গাঁৱৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰে মে-ডাম-মে-ফি । কাৰ্যসুচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

লগতে পঢ়ক:যোৰহাটত কেন্দ্ৰীয়ভাৱে মে-ডাম-মে-ফি উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.