ETV Bharat / state

যোৰহাটত কেন্দ্ৰীয়ভাৱে মে-ডাম-মে-ফি উদযাপন

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 7:41 PM IST

Me-Dam-Me-Phi celebration: ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে টাই আহোমসকলৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফি । টাই আহোম জনগোষ্ঠীয় লোকসকলে আজিৰ এই বিশেষ দিনটোত নিজৰ পূৰ্ব-পুৰুষসকলক স্মৰণ কৰে । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে যোৰহাটতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰে মে-ডাম-মে-ফি ।

Me-Dam-Me-Phi celebration in Jorhat
যোৰহাটত কেন্দ্ৰীয়ভাৱে মে-ডাম-মে-ফি উদযাপন

যোৰহাটত কেন্দ্ৰীয়ভাৱে মে-ডাম-মে-ফি উদযাপন

যোৰহাট,৩১ জানুৱাৰী: টাই আহোমসকলৰ পবিত্ৰ উৎসৱ মে-ডাম-মে-ফি সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটত কেন্দ্ৰীয়ভাৱে টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ জয়া ভৱন বিদ্যালয়ৰ চৌহদত উদযাপন কৰা হয় । কাৰ্যসূচীৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি মঙলবাৰে পুৱা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে টাইচাবৰ সভাপতি অৱনী কুমাৰ চেতিয়াই ।

আনহাতে বিয়লি ফুৰালুং, উৎসৰ্গা আৰু সমূহীয়া জন-মিঙ গ্ৰহণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত সন্ধিয়া অনুষ্ঠিত হয় অন্তৰংগ আলাপ অনুষ্ঠান । অন্তৰংগ আলাপ অনুষ্ঠানৰ শুভাৰম্ভ কৰে টাই সংস্কৃতিৰ বিশিষ্ট গৱেষক মনোজ চাংবুন ফুকনে । আনহাতে বুধবাৰে পুৱা দেওঘৰত বন্তি প্ৰজ্বলন কৰি মে-ডাম-মে-ফি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । বন্তি প্ৰজ্বলন কৰে টাইচাবৰ সাধাৰণ সম্পাদক দিব্যধৰ চেতিয়াই ।

ইয়াৰ পাচতে বাহিৰ কৰা হয় বৰ্ণাঢ্য শোভাযাত্ৰা । শতাধিক লোকৰ অংশগ্ৰহণেৰে বাহিৰ কৰা শোভাযাত্ৰা যোৰহাটৰ জয়াভৱন বিদ্যালয়ৰ প্ৰাংগনৰ পৰা আৰম্ভ হৈ যোৰহাটৰ মূল পথ সমূহ পৰিভ্ৰমণ কৰি ঐতিহাসিক ৰজামৈদামত তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শোভাযাত্ৰাৰ উদ্বোধন কৰে ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ ডীন ড৹ কুশল কুমাৰ বৰুৱাই । আনহাতে ৰজামৈদামত তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে টাইচাবৰ উপ-সভাপতি বিজয় কুমাৰ বৰুৱাই ।

ইয়াৰ পাছত দুপৰীয়া জয়া ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভাৰ । উদযাপন সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ গগৈ বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁই । মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি অসম মহিলা বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড৹ সূৰ্য কুমাৰ চেতিয়াই ভাষণ প্ৰসংগত মে-ডাম-মে-ফিৰ তাৎপৰ্য, এই উৎসৱৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সম্পৰ্কে উল্লেখ কৰে ।

মে-ডাম-মে-ফি আহোমসকলৰ এক পবিত্ৰ উৎসৱ হিচাপে বিবেচিত হৈ আহিছে । এই উৎসৱৰ জৰিয়তে আহোম সম্প্ৰদায়ৰ লোকসকলে নিজৰ পূৰ্ব পুৰুষসকলক স্মৰণ কৰি আহিছে অতীজৰ পৰাই । মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম সৌৰভ বঁটা প্ৰাপ্ত তথা যোৰহাটৰ যুটীয়া স্বাস্থ্য সঞ্চালক ড৹ শশীধৰ ফুকনে । আনহাতে মুকলি সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান ।

লগতে পঢ়ক: তিনিচুকীয়া তাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সৌজন্যত কেন্দ্ৰীয় মে-ডাম-মে-ফি উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.