ETV Bharat / state

অগ্নিকাণ্ডত জাহ গ’ল 8 খনকৈ দোকান : কোটি টকাৰ সা-সম্পত্তি ভষ্মীভূত - Fire Incident

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 10:02 PM IST

Fire Incident in Morigaon : বালিমুখ নতুন বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত দাও-দাওকৈ জ্বলিল 8 খনকৈ দোকান ৷ অগ্নিকাণ্ডৰ ফলত কেবাকোটি টকাৰ সা-সম্পত্তি ভষ্মীভূত হয় বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে ৷

MASSIVE FIRE BREAKS OUT
ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল কেবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান (ETV BHARAT ASSAM)

মৰিগাঁও, 25 মে’ : উৎকট গৰমৰ মাজতে শনিবাৰে মায়ঙত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান ৷ কেবাটাও পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ সম্বল 8 খনকৈ দোকান জাহ যায় এই অগ্নিকাণ্ডত ৷ লগতে পৰিয়াল কেইটাৰ সা-সম্পতি, গুৰুত্বপূৰ্ণ নথি-পত্ৰও জাহ যায় ৷

কেবাকোটি টকাৰ সা-সম্পত্তি ভষ্মীভূত (ETV BHARAT ASSAM)

মৰিগাঁৱৰ মায়ঙৰ বালিমুখ নতুন বজাৰত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডত দাও-দাওকৈ জ্বলিল 8 খনকৈ দোকান ৷ এই অগ্নিকাণ্ডত কেবা কোটি টকাৰ সা-সম্পত্তি ভষ্মীভূত হয় বুলি অনুমান কৰা হৈছে ৷

মায়ঙৰ বালিমুখ নতুন বজাৰত দিন দুপৰতেই সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত 8 খন দোকান জাহ যায় ৷ জানিব পৰা মতে শনিবাৰে বিয়লি ভাগত হঠাতে বালিমুখ নতুন বজাৰত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ স্থানীয় ব্যৱসায়ী সকলে প্ৰকাশ কৰা অনুসৰি বৈদ্যুতিক শ্বৰ্ট-চাৰ্কিটৰ ফলত এই ভয়াৱহ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ লগতে দোকানত মজুত থকা কেইবাটাও ঘৰুৱা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত চকুৰ পচাৰতে আটাইকেইখন দোকানক জুইয়ে ছানি ধৰে ৷ এই অগ্নিকাণ্ডত দোকানৰ লগতে কেবাখনো দুচকীয়া বাহন, ই-ৰিক্সাৰ লগতে এখন সাৰৰ দোকান ভষ্মীভূত হয় ৷

জুইত জাহ যায় দোকান কেইখনৰ সকলো মূল্যৱান সামগ্ৰী তথা নথি-পত্ৰ ৷ ইতিমধ্যে ৰাইজৰ তৎপৰতাত আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে ৷ ইফালে এই ভয়াৱহ অগ্নিকাণ্ডৰ পিচতে সমগ্ৰ আঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ বৰ্তমানলৈ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷ এই অগ্নিকাণ্ডৰ ফলত কেবাকোটি টকাৰ সা-সম্পত্তি ভষ্মীভূত হয় বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল লক্ষাধিক টকাৰ সামগ্ৰী - FIRE INCIDENT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.