ETV Bharat / state

চৰকাৰী আঁচনি, কৃষকৰ অনীহাৰ বাবে অসমত কমিছে নেকি ধানৰ উৎপাদন !

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 1:52 PM IST

Decline in production of paddy in the Assam: অসমত ব্যাপক হাৰত কমিছে ধানৰ উৎপাদন ৷ 2022-23 বৰ্ষত 9,53,250 মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য লোৱা চৰকাৰে 2023-24 বৰ্ষত কৃষকৰ পৰা ক্ৰয় কৰিব 7,04,200 মেট্রিক টন ধান ।

massive decline in the production of paddy in the assam
চৰকাৰী আঁচনি, কৃষকৰ অনীহাৰ বাবে অসমত কমিছে নেকি ধানৰ উৎপাদন

গুৱাহাটী, 31 জানুৱাৰী : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভোটৰ অংকৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টিত অধিক গুৰুত্ব দিয়াত বিভিন্ন ক্ষেত্রত নেতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ বিনামূলীয়া চাউলৰ যোগান আৰু হিতাধিকাৰীমূলক আঁচনিৰ পৰিপ্ৰেক্ষিতত কৃষিপ্রধান ৰাজ্যখনত চিন্তনীয় ৰূপত কমিছে ধানৰ উৎপাদন ।

কৃষকৰ আয় দুগুণ কৰাকে ধৰি কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ চমকৰ মাজতো ধানৰ উৎপাদন উদ্বেগজনকভাৱে হ্রাস পাইছে । ধানৰ উৎপাদন হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ন্যূনতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয়ৰ লক্ষ্যৰ পৰিমাণ হ্ৰাস কৰিবলৈ বাধ্য হৈছে । বিগত বছৰতকৈ এইবাৰ চৰকাৰে 2,49,050 মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য হ্ৰাস কৰিলে ।

2022-23 বৰ্ষত 9,53,250 মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য লোৱা চৰকাৰে 2023-24 বৰ্ষত কৃষকৰ পৰা ক্ৰয় কৰিব 7,04,200 মেট্রিক টনহে ধান । প্রকৃততে ধানৰ অভাৱতে কৃষকৰ পৰা ধান ক্ৰয়ৰ লক্ষ্য হ্রাস কৰা হৈছে ।

উল্লেখ্য যে, 2022-23 বৰ্ষত অসম চৰকাৰে অসম খাদ্য আৰু অসামৰিক যোগান লিমিটেড, অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদ, ভাৰতীয় খাদ্য নিগমসহ ছটাকৈ প্ৰতিষ্ঠানৰ জৰিয়তে মুঠ 9,53,250 মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু সেই বছৰত চৰকাৰী প্ৰতিষ্ঠানকেইটাই লক্ষ্য অনুসৰি ধান ক্রয়ত চূড়ান্তভাৱে ব্যর্থ হয় । 9,53,250 মেট্রিক টন ধান ক্ৰয়ৰ বিপৰীতে ছটাকৈ চৰকাৰী প্ৰতিষ্ঠানকেইটাই কৃষকৰ পৰা ক্ৰয় কৰিবলৈ সমর্থ হৈছে 5,92,846 মেট্রিক টন ধান ।

নিৰ্ধাৰিত লক্ষ্য পূৰণত ব্যৰ্থ হোৱাৰ পিচত 2023-24 বৰ্ষত ধান ক্ৰয়ৰ লক্ষ্য হ্ৰাস কৰি চৰকাৰে নিৰ্ধাৰণ কৰে 7,04,200 মেট্রিক টন ধান । উদ্বেগজনক বিষয়টো হৈছে যে ধানৰ অভাৱতে চৰকাৰীভাৱে ধান ক্ৰয়ৰ লক্ষ্য হ্রাস কৰা হৈছে।

তথ্য অনুসৰি 2022-23 বৰ্ষত ৰাজ্যত 204 টা ধান ক্রয় কেন্দ্র স্থাপন কৰি কৃষকৰ পৰা ধান ক্ৰয়ৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু সজাগতাকে ধৰি বহু প্ৰচেষ্টাৰ পিচতো ধান ক্রয় প্ৰক্ৰিয়াৰ সৈতে জড়িত প্রতিষ্ঠান কেইটাই লক্ষ্যত উপনীত হ'বলৈ সক্ষম নহ'ল । যাৰ বাবে চলিত 2023-24 বৰ্ষত ধান ক্ৰয়ৰ লক্ষ্য হ্রাস কৰা হৈছে ।

কৃষি বিভাগৰ তথ্য অনুসৰি, অসমত বিগত বছৰসমূহত উদ্বেগজনকভাৱে ধানৰ উৎপাদন হ্রাস পাইছে। 2019-20 বৰ্ষত 8.74 শতাংশ, 2020-21 বৰ্ষত .88 শতাংশ আৰু 2021-22 বর্ষত 14.92 শতাংশ পর্যন্ত ধানৰ উৎপাদন হ্রাস পাইছে । বিভাগীয় তথ্য অনুসৰি 2016-17 বৰ্ষত শালি ধানৰ উৎপাদন হৈছিল 57,95,863 টন । একেদৰে 2017-18 বৰ্ষত 59,74,011 টন ধান আৰু 2018-19 বৰ্ষত 67,36,608 টন শালি ধান অসমত উৎপাদন হয় ।

উক্ত তিনিটা বছৰত ধানৰ উৎপাদন বৃদ্ধি পোৱাৰ বিপৰীতে কিন্তু পৰৱৰ্তী তিনিটা বছৰত ক্রমান্বয়ে শালি ধানৰ উৎপাদন হ্রাস পায় । তথ্য অনুসৰি 2019-20 বৰ্ষত ৰাজ্যত শালি ধানৰ উৎপাদন হয় 61,47,518 টন । অৰ্থাৎ উৎপাদন 8.74 শতাংশ ধান হ্রাস পাইছে । সেইদৰে 2020-21 বৰ্ষত উৎপাদন হয় 60,93,153 টন ধান । হ্ৰাসৰ হাৰ .88 শতাংশ ।

আনহাতে 2021-22 বৰ্ষত 51,84,217 টন ধান উৎপাদন হয় । সেই হিচাপত উৎপাদন হ্ৰাস হয় 14.92 শতাংশ। লক্ষণীয় বিষয় যে চৰকাৰী আঁচনিৰ অধীনত প্ৰতিমাহে ৰাজ্যৰ লাখ লাখ লোকে বিনামূলীয়া চাউল লাভ কৰি আহিছে। একেদৰে অৰুণোদয়কে ধৰি বিভিন্ন হিতাধিকাৰীমূলক আঁচনিয়ে সামৰি লৈছে বহু লোকক ।

বিনামূলীয়া আঁচনিৰ চমকৰ লগতে আন কেতবোৰ কাৰণে কৃষি খণ্ডটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। বহু কৃষকৰ মাজত অনীহাই গা কৰি উঠিছে আৰু যাৰ ফলত লাহে লাহে ধানৰ উৎপাদন হ্ৰাস পাবলৈ ধৰিছে । বিনামূলীয়া চাউলে বহুতকে প্ৰত্যক্ষ ভাৱে উপকৃত কৰিছে যদিও ৰাজ্যখনত পৰোক্ষভাৱে নেতিবাচক প্ৰভাৱো পৰিছে । কৃষিপ্রধান ৰাজ্য অসমত ক্রমাগতভাৱে ধানৰ উৎপাদন হ্ৰাস পোৱাটো উদ্বেগৰ বিষয় ।

লগতে পঢ়ক : অসম আৰক্ষীৰ ২০২৩ বৰ্ষৰ অতি উৎকৃষ্ট-উৎকৃষ্ট সেৱা পদক ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.