ETV Bharat / state

নতুনকৈ সজা ঘৰত নোসোমোৱাকৈয়ে চিৰদিনৰ বাবে গুচি গ’ল শ্বহীদ লম্বোদৰ সিংহ

author img

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 7:23 PM IST

CHHATISHGARH NAXAL ATTACK: সকলোৱে কন্দুৱাই গ’লগৈ শ্বহীদ লম্বোদৰ সিংহ ৷ ৰাষ্ট্ৰীয় তথা সামৰিক মৰ্যাদাৰে কাকৰাগাঁও ভাটিপাৰা ৰাজহুৱা শ্মশানত জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

CHHATISHGARH NAXAL ATTACK
শ্বহীদ লম্বোদৰ সিংহৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন

চিৰাং, 1 ফেব্ৰুৱাৰী: পঞ্চভূতত বিলীন হ’ল শ্বহীদ লম্বোদৰ সিংহৰ নশ্বৰ দেহ ৷ বৃহস্পতিবাৰে চিৰাং জিলাৰ কাকৰাগাঁও ভাটিপাৰাত শ্বহীদ লম্বোদৰ সিংহৰ ৰাষ্ট্ৰীয় তথা সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । 30 জানুৱাৰীৰ দুপৰীয়া প্ৰায় 1 বজাত ছত্তীশগড়ৰ বিজাপুৰ আৰু সুকমাৰ সীমান্ত অঞ্চলত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনাত তিনিজন চিআৰপিএফৰ জোৱান নিহত হৈছে । তিনিজন মৃত জোৱানৰে এজন জোৱান অসমৰ চিৰাঙৰ কাকৰাগাঁৱৰ লম্বোদৰ সিংহ ৷

তাৰ পিচতে বুধবাৰে নিশা বৰঝাৰ বিমানবন্দৰলৈ অনা হয় বীৰ শ্বহীদগৰাকীৰ নশ্বৰ দেহ ৷ বৃহস্পতিবাৰে দুপৰীয়া পুষ্পসজ্জিত বাহনেৰে চিৰাঙৰ নিজ বাসগৃহ লৈ যোৱা হয় লম্বোদৰ সিংহৰ নিথৰ দেহ । প্ৰথমেই শ্বহীদজনৰ নশ্বৰ দেহ জিলাখনৰ বাসুগাঁওস্থিত হেকৈপাৰাত নতুনকৈ বনাই থকা বাসগৃহলৈ অনা হয় ।

এইবৰ্ষৰ ফেব্ৰুৱাৰী মাহত ছুটীলৈ আহি এই নৱনিৰ্মিত বাসগৃহটোত পৰিয়ালসহ গৃহ প্ৰৱেশ কৰাৰ কথা আছিল শ্বহীদ জোৱানগৰাকীয়ে । কিন্তু তাৰ পূৰ্বেই নিয়তিয়ে লৈ গ’ল লম্বোদৰক । সেয়ে আজি প্ৰথমেই তেওঁৰ নশ্বৰ দেহ নতুন ঘৰত প্ৰৱেশ কৰোৱা হয় । তাৰ পিচতে কাকৰাগাঁও ভাটিপাৰাস্থিত পিতৃগৃহলৈ অনা হয় লম্বোদৰৰ মৃতদেহ ৷

পৰৱৰ্তী সময়ত অজস্ৰ লোকৰ উপস্থিতিত সামৰিক তথা ৰাষ্ট্ৰীয় মৰ্যাদাৰে স্বহীদ জোৱানগৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই অনুষ্ঠানত চিআৰপিএফৰ আইজি অনুৰাগ আগৰৱাল সহ অন্যান্য বিষয়ববীয়া, জিলা প্ৰশাসনৰ বিষয়ববীয়া, SSB ৰ বিষয়ববীয়া, বিধায়কদ্বয় ক্ৰমে ফণীভূষণ চৌধুৰী আৰু জয়ন্ত বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, কেএচিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, কেএচিৰ মুখ্য গোকুল বৰ্মনসহ চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে শ্ৰদ্ধাঞ্জলি জনায় । তাৰ পিচতে কাকৰাগাঁও ভাটিপাৰা ৰাজহুৱা শ্মশানত জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক: মাওবাদীৰ আক্ৰমণত অসমৰ চিআৰপিএফ জোৱান নিহত, চিৰাঙত শোকাকুল পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.