ETV Bharat / state

কাজি-ৰঙাই হাটলৈ আগমণ ঘটিছে দেশী-বিদেশী পৰ্যটকৰ - Kazi Rangai Haat in Kaziranga

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 8:41 AM IST

Tourists come to Kazi-Rangai Haat Kaziranga
কাজি-ৰঙাই হাটলৈ আগমণ ঘটিছে দেশী-বিদেশী পৰ্যটকৰ

Kazi-Rangai Haat in Kaziranga: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি ম'হপৰা শিপিনী গাঁৱত বসবাস কৰা পৰী গগৈ নামৰ এগৰাকী মহিলাৰ নেতৃত্বতে আৰম্ভ কৰা হৈছে এখন বিশেষ বিপনী ৷ কাজিৰঙালৈ আগমণ ঘটা দেশী-বিদেশী পৰ্যটকে যাতে কম মূল্যৰ বিনিময়ত হাতে-বোৱা সামগ্ৰী লাভ কৰিব পাৰে সেই সুবিধা হোৱাকৈ পৰী গগৈয়ে নিজৰ বাসগৃহতে আৰম্ভ কৰিছে বিপনীখন ৷ নাম ৰখা হৈছে কাজি-ৰঙাই হাট ৷

কাজি-ৰঙাই হাটলৈ আগমণ ঘটিছে দেশী-বিদেশী পৰ্যটকৰ

কাজিৰঙা,৩১ মাৰ্চ: চাৰিকুৰি বছৰ গৰকা কাজিৰঙা পৰ্যটনৰ আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু ম'হপৰা ৷ কাজিৰঙাৰ পৰ্যটন মানচিত্ৰত নাম খোদিত কৰিবলৈ সক্ষম হোৱা ম'হপৰাৰ আছে নিজা ইতিহাস ৷ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃত ম'হপৰা পৰ্যটন গাঁৱত স্থাপন হৈছে পৰ্যটকক আকৰ্ষিত কৰিব পৰা এখন বিপনী ৷ নাম ৰখা হৈছে কাজি-ৰঙাই হাট ৷ পিছে কি আছে এই বিপনীখনিত ?

এগৰাকী উদ্যমী মহিলা পৰী গগৈৰ নেতৃত্বত দীৰ্ঘদিন ধৰি দেখা এটা সপোনে যোৱা নবেম্বৰ মাহত বাস্তৱায়িত হ'ল কাজিৰঙাত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি ম'হপৰা শিপিনী গাঁৱত বসবাস কৰা পৰী গগৈ নামৰ এইগৰাকী মহিলাৰ নেতৃত্বতে আৰম্ভ কৰা হৈছে এইখন বিপনী ৷ কাজিৰঙালৈ আগমণ ঘটা দেশী-বিদেশী পৰ্যটকে যাতে কম মূল্যৰ বিনিময়ত হাতে-বোৱা সামগ্ৰী লাভ কৰিব পাৰে সেই সুবিধা হোৱাকৈ পৰী গগৈয়ে নিজৰ বাসগৃহতে আৰম্ভ কৰিছে বিপনীখন ৷

ইয়াৰোপৰি কাজি-ৰঙাই হাটৰ নামকৰণৰ আঁৰত আছে এক ইতিহাস ৷ আজিৰ তাৰিখত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ সৈতে জড়িত হৈ আছে এই ইতিহাস ৷ কাজি-ৰঙাই হাটলৈ আগমণ ঘটা পৰ্যটকসকল আহে বিশ্বক বিবিন্ন প্ৰান্তৰ পৰা । সাত সাগৰ তেৰ নদী পাৰ হৈ অহা বিভিন্ন পৰ্যটক উপস্থিত হয় কাজি-ৰঙাই হাটত ৷ ইফালে কাজি-ৰঙাই হাটত উপলব্ধ বস্ত্ৰসমূহত তোলা ফুলবোৰত কাজিৰঙাৰ বিভিন্ন বন্যপ্ৰাণীৰ ছবি প্ৰাণ পায় উঠিছে ।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে-পাশে গঢ় লৈ উঠিছে বিভিন্ন থলুৱা উদ্যোগ । বিভিন্ন থলুৱা সমগ্ৰীৰে ভৰি পৰিছে উদ্যানখনৰ কাষৰীয়া বিপনীসমূহ । বিপনীসমূহত উপলব্ধ সামগ্ৰীসমূহে আকৰ্ষিত কৰে দেশী-বিদেশী পৰ্যটকক ।

লগতে পঢ়ক: এড়ী পলু পালনেৰে স্বাৱলম্বিতাৰ বাট বুলিছে শিপিনী অঞ্জলি গগৈয়ে - Self Reliant Weaver In Golaghat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.