ETV Bharat / state

সিদ্ধাৰ্থ বৰগোঁহাইৰ হত্যাৰ আৰঁত আছিল মানস চলিহা; মানস বৰগোঁহাইৰ আন এক বিস্ফোৰক অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 1:51 PM IST

Updated : Feb 6, 2024, 4:21 PM IST

Manash Borgohain in ULFA (I) camp: পুনৰ চাঞ্চল্যকৰ তথ্যৰে ম্যানমাৰত বন্দী হৈ থকা মানস বৰগোঁহাইৰ আন এক ভিডিঅ’ বাৰ্তা ৷ "35 লাখ টকা ঘূৰাই দিব নোৱাৰি বডীবিল্ডাৰ সিদ্ধাৰ্থক মানস চলিহাই হত্যা কৰিছিল বুলি শেহতীয়া ভিডিঅ’টোত অভিযোগ তুলিছে মানস বৰগোঁহায়ে ৷

Manash Chaliha had Killed Bodybuilder Sidhartha
সিদ্ধাৰ্থ বৰগোঁহাইৰ হত্যাৰ আৰঁত আছিল মানস চলিহা

গুৱাহাটী, 6 ফেব্ৰুৱাৰী: আলফালৈ গুপ্তচৰ প্ৰেৰণ কৰা বিতৰ্কত নাম সাঙোৰ খাই পৰা বিতৰ্কিত মানস চলিহাৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক অভিযাগ ৷ চলিহাৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ ৷ চলিহাই সিদ্ধাৰ্থ বৰগোঁহাই নামৰ ধেমাজিৰ এজন যুৱ শৰীৰ চৰ্চাবিদক হত্যা কৰিছিল বুলি অভিযোগ তুলিছে আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত চোৰাংচোৱাগিৰিৰ অভিযোগত বন্দী মানস বৰগোঁহায়ে ।

মঙলবাৰে সংগঠনটোৱে প্ৰেৰণ কৰা এক ভিডিঅ’ত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বন্দী মানস বৰগোঁহায়ে । জানিব পৰা মতে, 2023 চনৰ 3 জানুৱাৰীত এক পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল সিদ্ধাৰ্থ বৰগোঁহাইৰ ৷ অৱশ্যে বডীবিল্ডাৰজনক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল নেকি বুলি সম্প্ৰতি বন্দী অৱস্থাৰ পৰা বৰগোঁহায়ে প্ৰেৰণ কৰা ভিডিঅ’টোৱে কিছু নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

মানস বৰগোঁহায়ে কয়, সিদ্ধাৰ্থ বৰগোহাঁইৰ দুৰ্ঘটনাত মৃত্যু ঘটা নাছিল । তেওঁক হত্যা কৰা হৈছিল ৷ সিদ্ধাৰ্থ বৰগোঁহাইৰ মৃত্যুৰ আঁৰত আছে মানস চলিহা ৷ মানস চলিহাই পৰিকল্পিতভাৱে হত্যা কৰিছিল সিদ্ধাৰ্থ বৰগোঁহাইক ৷ সিদ্ধাৰ্থৰ পৰা ৩৫ লাখ টকা ধাৰলৈ লৈছিল ৷ সেই টকা ঘূৰাই দিব নোৱাৰি ঘোঁৰা ওৰফে মানস চলিহাই পৰিকল্পিতভাৱে সিদ্ধাৰ্থ বৰগোঁহাইক হত্যা কৰিছিল ।"

ম্যানমাৰৰ শিবিৰত বন্দী হৈ থকা মানসে দাবী কৰিছে যে তেওঁৰ হাতত মানস চলিহাৰ বিৰুদ্ধে ভালেমান তথ্য আছে ৷ মানস চলিহাই কমেও এশতকৈ অধিক আলফাৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি নিজৰ প্ৰৱঞ্চনা চলাইছিল বুলি কয় মানস বৰগোঁহায়ে ৷ আনহাতে, সিদ্ধাৰ্থৰ পিতৃ-মাতৃয়েও পুত্ৰৰ মৃত্যুৰ আঁৰত মানস চলিহা ওৰফে ঘোঁৰাৰ হাত থকা বুলি সোমবাৰে সংবাদ মাধ্যমৰ আগত সন্দেহ প্ৰকাশ কৰিছে ৷

এতিয়া আলফা স্বাধীনৰ হাতত বন্দী মানসৰ ভাষ্যই প্ৰয়াত সিদ্ধাৰ্থ বৰগোঁহাইৰ পৰিয়ালৰ অভিযোগকক একপ্ৰকাৰ সত্য বুলি প্ৰতিপন্ন কৰিছে । অৱশ্যে আৰক্ষীৰ তদন্তহে সমগ্ৰ সত্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : ৰহস্যজনকভাৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱকৰ সৈতে নাম সাঙোৰ খাই পৰিল মানস চলিহাৰ

Last Updated : Feb 6, 2024, 4:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.