ETV Bharat / state

মানস বৰগোঁহাইৰ মৃত্যুদণ্ড ৰদ; আনন্দিত মানসৰ পিতৃ-মাতৃ

author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 1:45 PM IST

Etv Bharatmanash borgohain parents thank ulfa i for revoking death sentence of their son
ৰদ মানস বৰগোঁহাইৰ মৃত্যুদণ্ডৰ শাস্তি

আলফা স্বাধীনৰ শিবিৰৰ পৰা আহিল ভাল খবৰ । আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ৰদ কৰিলে মানস বৰগোঁহাইৰ মৃত্যুদণ্ড ৷

পিতৃ-মাতৃৰ ভাষ্য

সৰুপথাৰ, ১৯ ফেব্ৰুৱাৰী : অৱশেষত আহিল এটা ভাল খবৰ । আলফা স্বাধীনৰ শিবিৰৰ পৰা আহিল এই আশাৰ ৰেঙণি । অসম আৰক্ষীৰ গুপ্তচৰ বুলি ধৰা পৰাৰ পিচত আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোঁহাইৰ শাস্তি সন্দৰ্ভত আলফা স্বাধীনে প্ৰেৰণ কৰিছে এক বিবৃতি ৷ মানস বৰগোঁহাইক মৃত্যুদণ্ড বিহা নহয় বুলি আলফা স্বাধীনে প্ৰেছ বিবৃতি যোগে জনাইছে ।

ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ আছে মানস বৰগোঁহাই । ইটোৰ পিচত সিটো ভিডিঅ’ শিবিৰৰ পৰা পঠিয়াই আছে । অসমৰ মানস চলিহাৰ লগতে বহুকেইজন ব্যক্তিৰ বিস্ফোৰক তথ্য ফাদিল কৰিছে মানসে । পিতৃ দেবেন বৰগোহাঁই আৰু মাতৃ ৰঞ্জু বৰগোঁহাইৰ একমাত্ৰ পুত্ৰক সোঁ-শৰীৰে ঘূৰাই পঠিয়াবলৈ আলফা সেনাধ্যক্ষক কাতৰ অনুৰোধ জনাইছিল দুয়োৱে । পিতৃ-মাতৃৰ লগতে অসমবাসীও ৰৈ আছিল আলফা স্বাধীনৰ সিদ্ধান্তলৈ ৷

উল্লেখ্য যে, যোৱা কিছুদিন পূৰ্বে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই মানসৰ পিতৃক ফোনযোগে চিন্তাৰ কোনো কাৰণ নাই বুলি জনাইছিল । নিশ্চিন্ত থাকিবলৈও অৱগত কৰিছিল সেনাধ্যক্ষ পৰেশ বৰুৱাই । অৱশেষত আহিল সেই ভাল খবৰটো । আলফা স্বাধীনে পত্ৰ যোগে জনাইছে যে মানস বৰগোঁহাইক কোনো ধৰণৰ চৰম শাস্তি প্ৰদান কৰা নহয় । পিতৃ-মাতৃয়ে ধন্যবাদ জনাইছে পৰেশ বৰুৱাৰ লগতে আলফা স্বাধীনক । মাতৃয়ে পুত্ৰক সোঁ-শৰীৰে ঘৰলৈ উভতাই পঠাবলৈ প্ৰাৰ্থনা জনাইছে পৰেশ বৰুৱাক ৷

আলফা স্বাধীনৰ সাংগঠনিক নিম্ন সদনত‌ চলা বিচাৰৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে । বিগত ২১ জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল মানস বৰগোহাঁইক ৷ আলফা স্বাধীনে প্ৰেৰণ কৰা বিবৃতিটোত কোৱা হৈছে যে ৫ বছৰলৈ সংগঠনৰ পদৰ বাবে অযোগ্য হৈ থাকিব মানস ৷ অৰ্থাৎ ৫ বছৰলৈ আলফা স্বাধীনৰ সদস্য পদো নাথাকিব মানসৰ ৷ সদস্য পদ অবিহনেই আলফা স্বাধীনৰ শিবিৰত থাকিব লাগিব মানস ৷

লগতে পঢ়ক : মৃত্যুদণ্ডৰে দণ্ডিত নহয় ম্যানমাৰত বন্দী মানস বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.