ETV Bharat / state

আজিৰে পৰা আৰম্ভ হ'ল মানাহ ফেষ্টিভেল

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 6:50 PM IST

Manas festival 2024 will beheld for seven days
আৰম্ভ হৈছে মানাহ ফেষ্টিভেল

Manas festival 2024: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতিবাৰৰে পৰা ৭ দিনীয়াকৈ আৰম্ভ হৈছে মানাহ ফেষ্টিভেল ৷

আৰম্ভ হৈছে মানাহ ফেষ্টিভেল

বাক্সা, ২৫ জানুৱাৰী : বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মানাহ ফেষ্টিভেলৰ আৰম্ভণি ৷ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰত বৃহস্পতিবাৰৰে পৰা ৭ দিনীয়াকৈ প্ৰথমবাৰৰ বাবে আৰম্ভ হয় মানাহ ফেষ্টিভেল । আজি প্ৰথমদিনৰ কাৰ্যসূচীত মানাহ ফেষ্টিভেল পৰিচালনা সমিতিৰ সভাপতি সুভাষ তিৰ্কীয়ে পতাকা উত্তোলন কৰাৰ পিচতে শ্বহীদ তৰ্পন কৰে সম্পাদক প্ৰাঞ্জল ডেকাই ।

শ্বহীদ তৰ্পনৰ পিচতেই ফেষ্টিভেলৰ মুখ্যদ্বাৰ উদ্বোধন কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে । আনহাতে বিটিআৰ টুৰিজিম ষ্ট'ল উদ্বোধন কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ চিএইচডি জয়ন্ত শৰ্মাই । মানাহ ফেষ্টিভেলত বিভিন্ন ধৰণৰ জনগোষ্ঠীয় বিপণিও থাকিব ৷ এই জনগোষ্ঠীয় বিপণি উদ্বোধন কৰে ভাৰতৰ পৰ্যটন বিভাগৰ সহকাৰী মহানিৰ্দেশক বি বি মুখাৰ্জীয়ে । ইয়াৰ সমান্তৰালকৈ মানাহ ফেষ্টিভেল উপলক্ষে আজি এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় । শোভাযাত্ৰা বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে ৷

আনহাতে, মানাহ ফেষ্টিভেলৰ মুখ্যদ্বাৰ উদ্বোধন কৰি ধৰ্মনাৰায়ণ দাসে কয়, আজি আনুষ্ঠানিকভাৱে মানাহ ফেষ্টিভেল আৰম্ভ কৰা হ’ল । ফেষ্টিভেলৰ জৰিয়তে ভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ আদি প্ৰদৰ্শন কৰা হ’ব । দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে মানাহ ফেষ্টিভেললৈ আহিব বুলি আশাবাদী কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস ।

ইফালে ৰাজ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মাজুলী আদিকে ধৰি বিভিন্ন পৰ্যটনথলীসমূহৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সকলোকে আহিবলৈ আহ্বান জনাই কাৰ্যবাহী সদস্য গৰাকীয়ে । উল্লেখ্য যে, আজিৰে পৰা আৰম্ভ হোৱা মানাহ ফেষ্টিভেলত ভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে বুলি জানিবলৈ দিয়ে ফেষ্টিভেল পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় পৰ্যটন দিৱসত কাজিৰঙাত দেখা গ’ল সোণালী বাঘ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.