ETV Bharat / state

বিপদ নিশ্চিত ! শীঘ্ৰেই মানস চলিহাক গ্ৰেপ্তাৰৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Feb 2, 2024, 6:10 PM IST

Manas Chaliha : গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰৱঞ্চক মানস চলিহা ৷ মানস চলিহাৰ বিৰুদ্ধে থকা এক প্ৰৱঞ্চনাৰ গোচৰৰ ফাইল খুলিছে মহানগৰ আৰক্ষীয়ে ৷ অভিযোগ অনুসৰি এগৰাকী ব্যক্তিৰ পৰা 8 লাখ টকা লুটিছিল মানসে ৷

Manas Chaliha May Be Arrested
গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : যি কোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা ৷ 2022 চনত মানস চলিহাৰ বিৰুদ্ধে থকা এক প্ৰৱঞ্চনাৰ গোচৰৰ ফাইল খুলিছে মহানগৰ আৰক্ষীয়ে ৷ ফলত যিকোনো মুহূৰ্ততে মানস চলিহা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷

অভিযোগ অনুসৰি প্ৰদীপ কুমাৰ মেধি নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা 8 লাখ টকা লুটিছিল মানসে ৷ ভুক্তভোগী প্ৰদীপ মেধিয়ে 1361/22 নম্বৰত দিছপুৰ থানাত এই সন্দৰ্ভত মানস চলিহাৰ বিৰুদ্ধে ৰুজু কৰিছিল প্ৰৱঞ্চনাৰ গোচৰ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ বিবৃত্তি সংগ্ৰহ কৰিছে দিছপুৰ আৰক্ষীৰ ৷ কিন্তু তদন্ত প্ৰক্ৰিয়াত অভিযুক্ত মানসে সহযোগ নকৰাৰ কথা উল্লেখ কৰিছে দিছপুৰ আৰক্ষীয়ে ৷

জানিব পৰা মতে জনৈক প্ৰদীপ কুমাৰ মেধি নামৰ লোকজনে ব্যৱসায় কৰাৰ ইচ্ছাৰে চাকৰিৰ পৰা বাধ্যতামূলক অৱসৰ লয় ৷ তেনে সময়ত ফেচবুক যোগে মানস চলিহাৰ সৈতে চিনাকি হয় প্ৰদীপ কুমাৰ মেধি ৷ মানস চলিহাই আলু ব্যৱসায়ৰ প্ৰলোভন দিয়ে মেধিক ৷ প্ৰলোভনত পৰি প্ৰদীপ কুমাৰ মেধিয়ে ব্যৱসায়ৰ বাবে 8.5 লাখ টকা মানস চলিহাক দিয়ে ৷ কিন্তু টকা পোৱাৰ পাছতেই মানস চলিহাই মেধিক প্ৰৱঞ্চনা কৰে ৷

এই ঘটনা সন্দৰ্ভত 2022 চনতে ভুক্তভোগী প্ৰদীপ কুমাৰ মেধিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷ সেই সময়ত গোচৰটো সন্দৰ্ভত আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ কিন্তু সম্প্ৰতি এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ ইফালে গুপ্তচৰৰ অভিযোগত আলফাই বন্দী কৰা মানস বৰগোহাঁয়ে গোলাঘাটৰ নিৱাসী মানস চলিহাই মহানগৰীৰ বেলতলাৰ ৰয়েল এনক্লেভত আলফাৰ বিৰুদ্ধে প্ৰশিক্ষণ দিয়াৰ অভিযোগ কৰিছিল ৷ সেইজন মানস চলিহাৰ ঠগ-প্ৰৱঞ্চনাৰ কু-কৃতী বিভিন্নজনে সামাজিক মাধ্যমত তথ্য প্ৰমাণ সহকাৰে ফাদিল কৰা দেখা গৈছে ৷

তদুপৰি মানস চলিহাই এগৰাকী প্ৰবাসী অসমীয়া মহিলাৰ পৰা 50 হাজাৰ টকা লৈ প্ৰৱঞ্চনা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ইফালে অভিযোগ অনুসৰি প্ৰদীপ কুমাৰ মেধিৰ পৰা 8.5 লাখ টকা প্ৰৱঞ্চনাৰে লুটিছিল মানস চলিহাই ৷

লগতে পঢ়ক : অসমীয়া যুৱতীক যৌন প্ৰশিক্ষণ দিয়ে মানস চলিহাই; মানস বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.