ETV Bharat / state

হাতী-মানুহৰ সংঘাতৰ পৰিণতিত পুনৰ যুৱকৰ মৃত্যু - Man Elephant Conflict

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 1:00 PM IST

Etv Bharat
Etv Bharat

Man Elephant Conflict : বনৰীয়া হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যু । গোলাঘাটৰ 1 নং চেঁচাবিল ম’হখুঁটিত সংঘটিত হৈছে এই ঘটনা ৷

হাতী মানুহৰ সংঘাতৰ পৰিণতিত পুনৰ যুৱকৰ মৃত্যু

গোলাঘাট, 6 এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত । গোলাঘাটত পুনৰ বন্যহস্তীৰ আক্ৰমণত মৃত্যু ঘটিল এজন যুৱকৰ । গোলাঘাট বন সংমণ্ডলৰ অধীনৰ মৰঙি ৰাজহ চক্ৰৰ 1 নং চেঁচাবিল ম’হখুঁটিত শুকুৰবাৰৰ নিশা এক কৰুণ ঘটনা সংঘটিত হয় ৷

বনৰীয়া হাতীৰ এটা জাক অঞ্চলটোত প্ৰৱেশ কৰাৰ পিছতে গাঁওখনত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ ৷ গাঁৱৰ ৰাইজে হাতীৰ জাকটোক খেদাৰ বাবে আগবাঢ়ি যোৱাৰ সময়তে বাহিৰত থকা সুভাষ কৰুৱা নামৰ যুৱকজনক হাতীয়ে আক্ৰমণ কৰে ৷ যাৰ ফলত থিতাতে মৃত্যু হয় সুভাষ কৰুৱাৰ ৷

ইতিমধ্যে ঘটনাস্থলীত বকিয়াল খণ্ড বন বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

উল্লেখযোগ্য যে, খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে বৃহত্তৰ মৰঙী মৌজাৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰি আহিছে ত্ৰাসৰ । গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাৰ থুৰামুখ, তেল গৰম, পংকা, দৈগ্ৰং, ধলাগুৰি, পুৰাবাংলা, চিনাতলী, আধাৰ সত্ৰ, জামুগুৰি, ওৱাটিং, গাড়ীগাঁও, আঠগাঁও, আইটননিয়া মিৰি গাঁও, শাওতলি, আৱৰঘাট, ৰঙাজান আদিকে ধৰি বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকে দিনে নিশাই প্ৰৱেশ কৰি ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ ৷

অৱশ্যে ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপন হৈছে বিয়াগোম বন বিভাগটোৰ বিৰুদ্ধে । স্থানীয় ৰাইজে বাৰম্বাৰ এই হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ স্থানীয় জনপ্ৰতিনিধি আৰু বন বিভাগক অনুৰোধ জনাই আহিছে যদিও আজিলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: খাদ্য বিচাৰি গোহালিত সোমাল হাতী; ভিডিঅ' ভাইৰেল - Elephant viral video

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.