ETV Bharat / state

উদণ্ড বাইক চালকে প্ৰাণ কাঢ়িলে শিক্ষকৰ

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 9:29 AM IST

Road accident in Gourisagar : শিৱসাগৰ জিলাৰ গৌৰীসাগৰত শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা ৷ উদণ্ড বাইক চালকে প্ৰাণ ল’লে এগৰাকী শিক্ষকৰ ।

Road accident in Gourisagar
উদণ্ড বাইক চালকে প্ৰাণ কাঢ়িলে শিক্ষকৰ
উদণ্ড বাইক চালকে প্ৰাণ কাঢ়িলে শিক্ষকৰ

আমগুৰি, 5 ফেব্ৰুৱাৰী : শিৱসাগৰ জিলাৰ গৌৰীসাগৰত দেওবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । উদণ্ড বাইক চালকে প্ৰাণ কাঢ়িলে এগৰাকী শিক্ষকৰ । তীব্ৰ বেগেৰে অহা এখন বাইকে মহতিয়াই লৈ গ’ল এখন স্কুটী । ফলত মৃত্যুক আঁকোৱালি লয় স্কুটী আৰোহীগৰাকীয়ে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, গৌৰীসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে । AS 04 R 6516 নম্বৰৰ বাইকখনে মহতিয়াই নিয়ে AS 04 W 7017 নম্বৰৰ স্কুটীখনক । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা স্কুটী আৰোহী যতীন বৰাক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে ।

এই ঘটনাৰ পিচতে বাইকৰ চালক আৰু আৰোহীগৰাকী বৰ্তমান গৌৰীসাগৰ আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাত সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী কেইগৰাকী ৷ আহত কেইজনক চিকিৎসাৰ বাবে গৌৰীসাগৰ খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ।

ইফালে মৃত যতীন বৰা কোঁৱৰপুৰ অঞ্চলৰ মাটিয়াঘাটৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে । বলিয়াঘাট শংকৰদেৱ শিশু নিকেতনত শিক্ষকতা কৰিছিল যতীন বৰাই । যুৱকজনৰ মৃত্যুত সমগ্র অঞ্চলতে শোকৰ ছাঁ পৰিছে । উদণ্ড বাইক চালকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন ৰাইজে ৷

পিতৃ-মাতৃহীন দৰিদ্ৰ ঘৰৰ সন্তান যতীন বৰাই বিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে ঘৰুৱা টিউশ্যন কৰি জীৱিকা নিৰ্বাহ কৰিছিল । ইতিমধ্যে উদ্ধাৰ কৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিচতে পৰিয়ালৰ লোকক চমজাই দিয়ে ৷

লগতে পঢ়ক: আঠমঙলা খাই ওভতাৰ পথত দুৰ্বৃত্তই প্ৰহাৰ কৰিলে নৱ বিবাহিত দম্পত্তিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.