ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে আৰক্ষী প্ৰশাসনত ব্যাপক ৰদ বদল

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 5:49 PM IST

Reshuffle in Assam Police
আৰক্ষীত ৰদ বদল

Reshuffle in Assam Police : মঙলবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এক নিৰ্দেশ ৷ এই নিৰ্দেশ অনুসৰি ব্যাপক ৰদ বদল কৰা হৈছে অসম আৰক্ষী প্ৰশাসনত ৷

গুৱাহাটী, 20 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ পূৰ্বে আৰক্ষী প্ৰশাসনত ব্যাপক ৰদ বদল । কেইবাগৰাকীও আৰক্ষী অধীক্ষকক কৰা হৈছে বদলি । গোৱালপাৰাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীক ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক হিচাপে বদলি কৰা হৈছে । লগতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক শ্বেতাংক মিশ্ৰাক যোৰহাটৰ আৰক্ষী অধীক্ষক ৰূপে দিয়া হৈছে দায়িত্ব ।

Reshuffle in Assam Police
আৰক্ষীত ৰদ বদল

ইফালে যোৰহাটৰ আৰক্ষী অধীক্ষকক মোহনলাল মিনা হ'ব বঙাইগাঁৱৰ নতুন আৰক্ষী অধীক্ষক । তামুলপুৰৰ আৰক্ষী অধীক্ষকক পংকজ যাদৱ হ'ব বৰপেটাৰ নতুন আৰক্ষী অধীক্ষক । জানিব পৰা মতে, গুৱাহাটী পূবৰ উপ আৰক্ষী আয়ুক্ত অক্ষত গাৰ্গক RPF আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । ধেমাজিৰ আৰক্ষী অধীক্ষকক ৰঞ্জন ভূঞাক কামৰূপৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।

এওঁলোকৰ লগতে বঙাইগাঁৱৰ আৰক্ষী অধীক্ষকক স্বপ্ননীল ডেকাক গোৱালপাৰাৰ আৰক্ষী অধীক্ষকক হিচাপে বদলি কৰা হৈছে । আনহাতে, দিগন্ত কুমাৰ চৌধুৰী হ'ব তামুলপুৰৰ নতুন আৰক্ষী অধীক্ষক । কামৰূপৰ আৰক্ষী অধীক্ষকক হিতেশ চন্দ্ৰ ৰয় হ'ব ধেমাজিৰ নতুন আৰক্ষী অধীক্ষক । ইফালে শদিয়াৰ নতুন আৰক্ষী অধীক্ষক হ'ব জগদীশ দাস ।

Reshuffle in Assam Police
আৰক্ষীত ৰদ বদল

শদিয়াৰ আৰক্ষী অধীক্ষক মৃণাল ডেকা হ'ব গুৱাহাটী পূবৰ নতুন উপ আৰক্ষী আয়ুক্ত । আনহাতে নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) দিনেশ কুমাৰক পঞ্চম আৰক্ষী বাহিনীৰ অধিনায়কলৈ বদলি কৰা হৈছে । ১৬ আৰক্ষী বাহিনীৰ অধিনায়কলৈ অৰ্ণৱ ডেকাক ১৭ আৰক্ষী বাহিনীৰ অধিনায়কলৈ বদলি কৰা হৈছে । ১৭ আৰক্ষী বাহিনীৰ অধিনায়ক জয়শ্ৰী খেৰশ্বাহক ২৮ আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ।

Reshuffle in Assam Police
আৰক্ষীত ৰদ বদল

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক আৰক্ষী মহাপৰিদৰ্শক (প্ৰশাসন) হিচাবে বদলি কৰা হৈছে । ২৮ আৰক্ষী বাহিনীৰ অধিনায়ক ধৰ্মেন্দ্ৰ কুমাৰ দাসক ১৪ আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে । ৫ আৰক্ষী বাহিনীৰ অধিনায়ক লামহাও ডাউংগেল (Lamhao Doungel) ক প্ৰথম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ।

ইফালে ১৪ আৰক্ষী বাহিনীৰ অধিনায়ক অঞ্জন পণ্ডিতক ৭ আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে । লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিন্দ্ৰ নাথ দেউৰীক চি আই ডিৰ আৰক্ষী অধীক্ষক (আইন) হিচাপে বদলি কৰা হৈছে । আনকি ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়াক লাচিত বৰফুকন পুলিচ একাডেমীৰ অধ্যক্ষ হিচাপে বদলি কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : কংগ্ৰেছ ত্যাগ কৰিলে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.