ETV Bharat / state

ইতিহাস প্ৰসিদ্ধ পাৰ্বতী পাহাৰত মহামেলা - Parbati Pahar

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 11:00 PM IST

আজি গৰু বিহু । চ'ত-বহাগৰ সংক্ৰান্তিৰ দিনা তথা গৰু বিহুৰ দিনা চৰ্চালৈ আহে এক বিশেষ উপাসনাস্থলীৰ নাম । মনোৰম পৰিৱেশৰ মাজত অৱস্থিত এই স্থান কিয় বিশেষ ? ক'ত অৱস্থিত এই বিশেষ উপাসনাস্থলী ।

ইতিহাস প্ৰসিদ্ধ পাৰ্বতী পাহাৰত মহামেলা
ইতিহাস প্ৰসিদ্ধ পাৰ্বতী পাহাৰত মহামেলা
ইতিহাস প্ৰসিদ্ধ পাৰ্বতী পাহাৰত মহামেলা

বকো,১৩ এপ্ৰিল: চৌদিশে ৰঙালীৰ ৰং । বছৰেকৰ বিহুৰ দিনা সেৱা লৈছে ভিন্ন ধৰ্মীয় স্থানত । ইয়াৰ মাজতে চৰ্চাত এক বিশেষ ধৰ্মীয় স্থান । অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে বছৰটোৰ বাবে কুশল-কামনা কৰি ভক্তসকলে ভিৰ কৰিছে ভিন্ন মঠ-মন্দিৰ, সত্ৰ-নামঘৰত । চ'ত-বহাগৰ সংক্ৰান্তিৰ দিনা তথা গৰু বিহুৰ দিনা এক বিশেষ স্থানলৈ ৰাওনা হয় অগণন লোক । কিয়নো সেই স্থানৰ আছে অনেক মাহাত্ম ।

ইতিহাস বিজড়িত পীঠস্থান পাৰ্বতী পাহাৰ । গৰু বিহুৰ দিনা পাৰ্বতী পাহাৰত উখল-মাখল পৰিৱেশ । মা পাৰ্বতীৰ আশিস বিচাৰি ভক্তৰ আগমন । হয়, দক্ষিণ কামৰূপৰ উল্লেখনীয় ইতিহাস প্ৰসিদ্ধ পীঠস্থান হ'ল বকো পাৰ্বতী পাহাৰৰ মা পাৰ্বতী দেৱীৰ মন্দিৰ । বকো চহৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত এই ঐতিহ্যমণ্ডিত পাৰ্বতী পাহাৰলৈ চ'ত-বহাগৰ সংক্ৰান্তিৰ দিনা তথা গৰু বিহুৰ দিনা সমাগম ঘটে লক্ষাধিক ভক্তৰ । সমতলৰ পৰা প্ৰায় ১৫০০ ফুট উচ্চতাত অৱস্থিত এই শক্তিপীঠলৈ বয় লানি নিছিগা সোঁত । চৌপাশ সেউজীয়া আভাৰে পৰিপূৰ্ণ লুংলুঙীয়া পথৰে পাহাৰ বগাই ভক্তপ্ৰাণ ৰাইজে বিচাৰি যায় মা পাৰ্বতীৰ আৰ্শীবাদ ।

প্ৰধানতঃ গৰু বিহুৰ দিনা যুৱক-যুৱতীয়ে ভিৰ কৰে পাৰ্বতী পাহাৰত । জনবিশ্বাস অনুসৰি দেৱীক দৰ্শন কৰিলে নিঃসন্তানে সন্তান লাভ কৰাৰ লগতে শিপিনীয়ে বোৱা-কটাত পাৰ্গত হোৱাৰ লগতে পূৰ্ণ হয় মনোবাঞ্চা । পাৰ্বতী পাহাৰৰ মহামেলা অথবা এই উৎসৱত অসমৰ ভিন্ন প্ৰান্তৰ পৰা সমাৱেশ ঘটে লক্ষাধিক ভক্তপ্ৰাণ ৰাইজৰ । ইতিহাসৰ সমল বহনকাৰী বহুলোকৰ আৰাধনাস্থলী পাৰ্বতী পাহাৰৰ উন্নয়ন আৰু সংৰক্ষণৰ প্ৰতি চৰকাৰে গুৰুত্ব প্ৰদান কৰিলে ৰাজ্যৰ ভিতৰতে এক উল্লেখনীয় পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিব বকোৰ এই পীঠস্থান ।

লগতে পঢ়ক: অযোধ্যাৰ ৰাম মন্দিৰ বিনামূল্যে দৰ্শনৰ বাবে অসম চৰকাৰৰ বিশেষ আঁচনি - Ayodhya Ram Mandir

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.