ETV Bharat / state

অযোধ্যাৰ ৰাম মন্দিৰ বিনামূল্যে দৰ্শনৰ বাবে অসম চৰকাৰৰ বিশেষ আঁচনি - Ayodhya Ram Mandir

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 3:05 PM IST

Ram Mandir Ayodhya : অসম চৰকাৰৰ এখন বিশেষ আঁচনি - 'অসম পুণ্য তীৰ্থ যোজনা' ৷ অযোধ্যাৰ ৰাম মন্দিৰ বিনামূল্যে দৰ্শন কৰিবৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে এই আঁচনিৰ ৷ পিছে কোনে কোনে পাব এই আঁচনিৰ সুবিধা ?

অযোধ্যাৰ ৰাম মন্দিৰ বিনামূল্যে দৰ্শনৰ বাবে অসম চৰকাৰৰ বিশেষ আঁচনি

গুৱাহাটী, ১৩ এপ্ৰিল : অযোধ্যাত ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা ৰাম মন্দিৰ দৰ্শনৰ ইচ্ছা আৰ্থিক সংকটৰ বাবে পূৰণ কৰিব পৰা নাই নেকি ? তেন্তে চিন্তা নাই । কোনো ধৰণৰ খৰচ নোহোৱাকৈ চৰকাৰী সাহায্যত দৰ্শন কৰিব পৰা যাব অযোধ্যাৰ ৰাম মন্দিৰ ।

25000 devotees to be facilitated for Ayodhya Ram Mandir visit

অসম চৰকাৰে ৰাম মন্দিৰ দৰ্শনৰ বাবে 'অসম পুণ্য তীৰ্থ যোজনা'ৰ ব্যৱস্থা কৰিছে । প্ৰতিজন যোগ্য হিতাধিকাৰীয়ে অসম চৰকাৰৰ 'পুণ্য তীৰ্থ যোজনা' অধীনত বিনামূলীয়াকৈ অযোধ্যা ধামৰ শ্ৰীৰাম মন্দিৰ ভ্ৰমণৰ সুবিধা লাভ কৰিব পাৰিব ।

প্ৰাৰম্ভিক পৰ্যায়ত ২৫ হাজাৰ হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে । ৰাম মন্দিৰ ভ্ৰমণৰ সময়ত খাদ্য আৰু থকা খৰচ অসম চৰকাৰে বহন কৰিব । অযোধ্যা ধাম ভ্ৰমণৰ বাবে হিতাধিকাৰীয়ে কোনো ধৰণৰ ধন দিব নালাগে । এই আঁচনিৰ সুবিধা ল'বৰ বাবে হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ।

এই আঁচনিৰ ন'ডেল বিভাগ হৈছে অসম চৰকাৰৰ পৰ্যটন বিভাগ । এই আঁচনি গ্ৰহণৰ বাবে পুণ্য তীৰ্থ যোজনা এপ্লিকেচন ফৰ্মৰ মাধ্যমত অনলাইন আবেদন কৰিব পাৰিব ।

চলিত বিত্তীয় বৰ্ষৰ পৰাই সমগ্ৰ অসমতে এই আঁচনি কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰা হৈছে । আঁচনিখনৰ অধীনত দৰ্শনাৰ্থী সকলৰ ভ্ৰমণ, খাদ্য আৰু থকাৰ সকলো খৰচ অসম চৰকাৰে বহন কৰিব । এই আঁচনিৰ অধীনত অযোধ্যা ধামৰ ৰাম মন্দিৰ ভ্ৰমণ কৰিবলৈ যোৱাসকলে কোনো ধৰণৰ ধন দিব নালাগে ।

অসম চৰকাৰে ২০২৪-২০২৫ বৰ্ষত পুণ্য তীৰ্থ যোজনাৰ সঠিক ৰূপায়ণৰ বাবে ২৫ কোটি টকাৰ বাজেট আবণ্টন কৰিছে ।অসম চৰকাৰে আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে এপ্লিকেচন ফৰ্ম আৰু বাকী থকা যোগ্যতাৰ চৰ্তৰ লগতে পুণ্য তীৰ্থ যাত্ৰা যোজনাৰ চৰকাৰী গাইডলাইনৰ ব্যৱস্থা কৰিছে ।

অসম পুণ্য তীৰ্থ যোজনাৰ অনলাইন এপ্লিকেচন ফৰ্ম বা অফলাইন এপ্লিকেচন ফৰ্ম বা ৱেবছাইট উপলব্ধ কৰাৰ দায়িত্বত আছে পৰ্যটন বিভাগ ।

আঁচনিৰ সুবিধাসমূহ আৰু যোগ্যতা মানদণ্ড :

প্ৰতিজন যোগ্য হিতাধিকাৰীয়ে অসম চৰকাৰৰ "পুণ্য তীৰ্থ যোজনা"ৰ অধীনত লাভ কৰিব বিনামূলীয়াকৈ অযোধ্যা ধামৰ শ্ৰীৰাম মন্দিৰ ভ্ৰমণ । প্ৰাৰম্ভিক পৰ্যায়ত ২৫ হাজাৰ হিতাধিকাৰীয়ে এই সুবিধা লাভ কৰিব । ভ্ৰমণৰ সময়ত খাদ্য আৰু থকা খৰচ অসম চৰকাৰে বহন কৰিব ।

অযোধ্যা ধাম ভ্ৰমণৰ বাবে হিতাধিকাৰীয়ে কোনো ধৰণৰ ধন দিব নালাগে । অসম চৰকাৰৰ পুণ্য তীৰ্থ যোজনাৰ অধীনত অযোধ্যাৰ শ্ৰীৰাম মন্দিৰ বিনামূল্যয়াকৈ দৰ্শন কৰিবলৈ কেতবোৰ চৰ্ত পূৰণ কৰিব লাগিব । হিতাধিকাৰীসকলক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ।

হিতাধিকাৰীৰ বয়স ১৮ বছৰ বা তাতকৈ অধিক হ’ব লাগিব । হিতাধিকাৰীসকলক শাৰীৰিকভাৱে উপযুক্ত হ'ব লাগিব আৰু স্বাস্থ্যৰ কোনো সমস্যা থাকিব নালাগিব ।

প্ৰয়োজনীয় প্ৰমাণপত্ৰ :

অসম চৰকাৰৰ পুণ্য তীৰ্থ যোজনাৰ অধীনত অযোধ্যাৰ শ্ৰীৰাম মন্দিৰ দৰ্শনৰ বাবে আবেদন কৰাৰ সময়ত কেতবোৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন । সেইসমূহ হৈছে - অসমৰ বাসিন্দাৰ প্ৰমাণপত্ৰ। আধাৰ কাৰ্ড আৰু উপাৰ্জনৰ চাৰ্টিফিকেট । সেইদৰে বয়সৰ প্ৰমাণপত্ৰ আৰু জাতিগত প্ৰমাণপত্ৰ । তদুপৰি প্ৰয়োজন হ'ব সুস্থতাৰ চিকিৎসকৰ প্ৰমাণপত্ৰ । আবেদনৰ সময়ত দিব লাগিব ম’বাইল নম্বৰ।

ইফালে আঁচনিখনৰ সুবিধা লাভৰ বাবে অনলাইন আবেদনৰ ক্ষেত্রত পুণ্য তীৰ্থ যোজনাৰ ৱেবছাইট উপলব্ধ হ’ব । গাঁও পঞ্চায়ত বা পৰ্যটন বিভাগৰ জিলা কাৰ্যালয়ত অসম পুণ্য তীৰ্থ যাত্ৰা যোজনাৰ অফলাইন আবেদন কৰাৰ ফৰ্ম উপলব্ধ কৰা হ'ব ।

অসম পুণ্য তীৰ্থ যোজনাৰ আনুষ্ঠানিক গাইডলাইন প্ৰকাশ পোৱাৰ পিচত আবেদন পদ্ধতি মুকলি কৰা হ’ব । পৰ্যটন বিভাগৰ সূত্ৰই জনোৱা মতে অসম পুণ্য তীৰ্থ যোজনাৰ এপ্লিকেচন ফৰ্ম আৰু গাইডলাইন শীঘ্ৰেই মুকলি কৰা হ'ব । ইয়াক অসম পৰ্যটন বিভাগৰ ৱেবছাইটত উপলব্ধ কৰা হ'ব ।

লগতে পঢ়ক : কেনেকৈ উপাসনা কৰিলে জাগ্ৰত হ'ব ৰাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.