ETV Bharat / state

ভোট বিচাৰি গ’লেই জনপ্ৰতিনিধিয়ে খাব পহুখেদা

author img

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 7:36 PM IST

locals boycott vote
ভোট বিচাৰি গ’লেই জনপ্ৰতিনিধিয়ে খাব পহু খেদা

Vote boycott: উন্নয়নৰ পোহৰ নেদেখা এখন গাঁও ৷ গাঁওখনৰ ৰাস্তা-ঘাটে আজি পৰ্যন্তও দেখা নাপালে চৰকাৰী শিল-বালি ৷ পঢ়ক সবিশেষ...

ভোট বিচাৰি গ’লেই জনপ্ৰতিনিধিয়ে খাব পহু খেদা

তিনিচুকীয়া, ২২ জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ৷ ৰাজ্যৰ গাঁৱে ভূঞে শাসকীয় দলে যদি নিজ দলৰ গুণগান গাবলৈ আৰম্ভ কৰিছে বিৰোধীয়ে আকৌ শাসকপক্ষৰ এই দাবী নস্যাৎ কৰিছে ৷

ইয়াৰ মাজতে এতিয়া পোহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ এখন অৱহেলিত গাঁও । লখিমপুৰ লোকসভা সমষ্টি তথা তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত এইখন গাঁও । গাঁওখনৰ নাম হৈছে ফিল'বাৰীৰ টিংখাং-শীতলপুৰ গাঁও ৷ এইখন গাঁৱৰ বাট-পথে আজি পৰ্যন্তও নেদেখিলে এটাও শিল অথবা ইটা । চৰকাৰ আহিছে গৈছে, তথাপিও কাৰো চকুত পৰা নাই গাঁওখনৰ বাট-পথ ৷ গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি জনপ্ৰতিনিধিক পথটো পকী কৰিবলৈ অনুৰোধ কৰেহে কৰে তাৰ পিচতো কাৰো যেন কাণসাৰ নাই ৷

ইয়াৰ পিচতে বৃহস্পতিবাৰে গাঁৱৰ ৰাইজে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈ গাঁৱৰ প্ৰৱেশদ্বাৰত আঁৰিলে ৰাজনৈতিক দল তথা ব্যক্তিৰ প্ৰৱেশ নিষেধ আৰু নিৰ্বাচন বৰ্জনৰ বেনাৰ । ১৯৭৫ চনত প্ৰতিষ্ঠা কৰা গাঁওখনত অধিকাংশই অনুসূচীত জাতিৰ লোকসকলে বাস কৰে ৷ গাঁওখনৰ সমস্যাই হ'ল যাতায়ত ব্যৱস্থা । গাঁ‌ৱলৈ প্ৰৱেশ কৰা মূল পথত বৰষুণ দিলেই হয় একাঠু বোকা ৷ বাৰিষা দিনত খোজেই কাঢ়িব নোৱাৰে গঞাই । ফলত গাঁওখনৰ লোকৰ লগতে শিক্ষাৰ্থী, ৰোগীয়ে বিভিন্ন সময়ত অসুবিধাৰ সন্মুখীন হৈ আহিছে । গঞাই চৰকাৰলৈ বিভিন্ন সময়ত আবেদন নিবেদন জনাই আহিছে যদিও গুৰুত্বই নিদিয়ে চৰকাৰ তথা ৰাইজৰ প্ৰতিনিধিয়ে । ফলত ৰাইজে ক্ষোভিত হৈ ৰাজনৈতিক দলৰ সাংসদ, বিধায়ক, পঞ্চায়ত প্ৰতিনিধি, দলৰ নেতা-পালিনেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ।

গাঁ‌ওখনত প্ৰৱেশ কৰি ভোট বিচাৰি আহিলেই ইয়াৰ পৰিণিতি বিষম হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে ৰাইজে । ৰাইজৰ এটাই কথা, তেওঁলোকক ৰাস্তা লাগে ৷ ৰাস্তা পকী কৰক তাৰ পিচত তেওঁলোকৰ ওচৰলৈ আহক ৷ অন্যথা পহু খেদা খাবলৈ প্ৰস্তুত থাকক ।

লগতে পঢ়ক: অসমতো কেজৰিৱাল; ১ মাৰ্চৰ পৰা ৰাজ্যত আপৰ নিৰ্বাচনী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.