ETV Bharat / state

যোৰহাটৰ ৰাজপথত নামিল উকীল সন্থা - যোৰহাট উকীল সন্থা

Protest in Jorhat: যোৰহাটত উকীল সন্থাৰ তীব্ৰ প্ৰতিবাদ ৷ যোৰহাটৰ জিলা আয়ুক্ত আৰু সহ-আয়ুক্তক বদলি কৰাৰ দাবীত যোৰহাটৰ ৰাজপথত নামিল উকীল সন্থা ৷

lawyer association protest in jorhat
যোৰহাট উকীল সন্থাৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : February 2, 2024 at 3:53 PM IST

2 Min Read
যোৰহাট উকীল সন্থাৰ প্ৰতিবাদ

যোৰহাট, 2 ফেব্ৰুৱাৰী : যোৰহাট উকীল সন্থাই শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৷ যোৰহাটৰ আয়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ কাম-কাজৰ লেহেমীয়া গতিৰ ফলত যোৰহাট জিলাৰ সাধাৰণ ৰাইজে বহুদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল ৷ কাম-কাজৰ লেহেমীয়া গতিৰ বিৰুদ্ধে সমজুৱাকৈ ৰাজপথলৈ ওলাই আহিল যোৰহাট জিলা উকীল সন্থা ৷ সাধাৰণ ৰাইজে যি দুৰ্ভোগ ভুগিবলগীয়া হৈছে তাৰেই প্ৰতিবাদত যোৰহাটৰ ৰাজপথত উকীল সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ প্ৰতিবাদৰ সমান্তৰালকৈ যোৰহাট জিলাৰ আয়ুক্ত আৰু সহ-আয়ুক্তক যোৰহাট জিলাৰ পৰা অতি শীঘ্ৰে বদলি কৰিবলৈ দাবী জনায় উকীল সন্থাই ।

যোৰহাট উকীল সন্থাই প্ৰতিবাদস্থলীৰ পৰা কয় যে যোৰহাট জিলাৰ আয়ুক্তই কাৰ্যালয়ৰ কামসমূহ সময়মতে কৰাটো বাদেই তেওঁ মন্ত্ৰীৰ পাচত বা মন্ত্ৰীৰ পৰিবাৰৰ লগতহে ব্যস্ত থাকে । আজি এই প্ৰতিবাদৰ জৰিয়তে যোৰহাট জিলা প্ৰশাসনৰ যি সকল ব্যক্তিয়ে এইদৰে সাধাৰণ ৰাইজক জীয়াতু ভুগাইছে অতি শীঘ্ৰে যোৰহাট জিলাৰ এই বিষয়াসকলক যোৰহাট জিলাৰ পৰা বদলি কৰি নতুন দক্ষ বিষয়া নিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে প্ৰতিবাদকাৰীয়ে ।

তাৎপৰ্যপূৰ্ণ যে বৰ্তমান সময়ত জিলাখনৰ পূৱ আৰু পশ্চিম ৰাজহ চক্ৰৰ কাৰ্যালয়ত মাটি বাৰী সংক্ৰান্তীয় কাম কাজ কৰিবলৈ অধিবক্তাৰ পৰা সকলো পৰ্যায়ৰ লোকে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু তাৰ লগতে দালালৰাজো পুনৰ গা কৰি উঠিছে বুলি একাংশই ক’ব বিচাৰে । তাৰ পিচতো জিলা আয়ুক্ত গৰাকীয়ে এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীৰ মংগল কামনাৰে যোৰহাটত এক লাখৰো অধিক বন্তি প্ৰজ্বলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.