ETV Bharat / state

লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:15 PM IST

Lakhimpur Girls College : তিনি ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ সোমবাৰে অন্ত পৰে । অন্তিম দিনটোত মহাবিদ্যালয়খনৰ ছাত্রী সকলে বাহিৰ কৰা সাংস্কৃতিক শোভাযাত্রাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

Lakhimpur Girls College
লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী
লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ

লখিমপুৰ, 5 ফেব্ৰুৱাৰী : সোমবাৰে সামৰণি পৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ ৷ তিনিদিনীয়াকৈ আয়োজন কৰা এই সমাৰোহৰ সামৰণিৰ দিনা শ শ ছাত্ৰীৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই লখিমপুৰত সৃষ্টি কৰে এক অনন্য পৰিৱেশ ৷ বিভিন্ন ধৰ্মীয় আখ্যানৰ দৃশ্য, লোকাচাৰ, কলা-সংস্কৃতি, বুৰঞ্জীৰ ঘটনা প্ৰৱাহ, দেশপ্ৰেম আদিক উপস্থাপন কৰি শোভাযাত্ৰাক অনন্য মাত্ৰা দিয়ে ছাত্ৰী সকলে ৷ বিহুৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া নৃত্য-গীতৰ সমাহাৰ ঘটা এই শোভাযাত্ৰাই লখিমপুৰ নগৰক উচ্চল কৰি তোলে ৷

শোভাযাত্ৰাত ডি ৱাই বিহুৰাণী খ্যাত মৃদুস্মিতা দিহিঙীয়াই অংশগ্ৰহণ কৰে ৷ অন্তিম দিনাৰ অন্যতম কাৰ্যসূচী মুকলি সভাত অসম উচ্চতৰ শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞিবৰুৱা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ নিৰোদ বৰুৱা, অসম পাঠ্যপুথি নিগমৰ সঞ্চালক দেৱানন্দ হাজৰিকা আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ চৌহদত থকা দুটা পুখুৰীয়ে বিশেষকৈ বাৰিষা কালত মহাবিদ্যালয়খনৰ চৌহদত কৃত্ৰিম বানৰ সৃষ্টি কৰি আহিছিল ৷ সোণালী জয়ন্তী সমাৰোহ উপলক্ষে স্থানীয় বিধায়ক মানৱ ডেকাই উদ্যোগ লৈ পুখুৰী দুটা পুতি দিয়াৰ ফলত মহাবিদ্যালয়খনে এক ডাঙৰ সংকটৰ পৰা পৰিত্ৰাণ পায় ৷ বিধায়ক গৰাকীৰ এই পদক্ষেৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত ভূঞাই বিধায়ক মানৱ ডেকাক ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে, তিনি দিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আৰম্ভ হোৱা এই সমাৰোহৰ প্ৰথম দিনা পুৱা উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড৹ সুৰজিত ভূঞাই ৷ লগতে লখিমপুৰৰ আন 50 গৰাকী বিশিষ্ট ব্যক্তিয়ে সোণালী জয়ন্তীৰ 50 খন পতাকা উত্তোলন কৰে ৷ গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ দিপাঞ্জলী দত্তই ৷ সোণালী জয়ন্তী সমাৰোহৰ প্ৰথম দিনা এক বিশেষ বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয় ৷ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে শিশু সাহিত্য ন্যাস অসমৰ সচিব তথা বিশিষ্ট সাহিত্যিক হৃষিকেশ গোস্বামীয়ে ৷ দ্বিতীয় দিনা প্ৰাক্তন ছাত্ৰী সকলে নিজৰ দিন পালন কৰাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে এক জীপাল পৰিবেশ সৃষ্টি কৰে ৷

লগতে পঢ়ক : হাফলঙত উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.