ETV Bharat / state

হাফলঙত উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 9:07 PM IST

Haflong News : সোমবাৰৰ পৰা হাফলঙত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী তথা 42 সংখ্যক সাধাৰণ অধিবেশন । লোদিৰাম গাঁৱত এই অনুষ্ঠানৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।

হাফলঙত উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী
হাফলঙত উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী
হাফলঙত উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী

হাফলং, 5 ফেব্ৰুৱাৰী : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী তথা 42 সংখ্যক সাধাৰণ অধিবেশন । সোমবাৰে হাফলঙৰ লোদিৰাম গাঁৱত জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তীৰ উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ।

উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে মুখ্য অতিথি হিচাপে উপস্থিত থাকি দেৱলাল গাৰ্লোচাই স্বাধীনতা সংগ্ৰামী ৰাণী মা গাইদিলিউ আৰু হাইপু যাদুনাঙক শ্ৰদ্ধা নিবেদন কৰে । ইয়াৰ পিচতে তেওঁ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । আনহাতে, এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অখিল ভাৰতীয় বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰী সভাপতি আলোক কুমাৰ, বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ সাংগঠনিক সম্পাদক ডঃ দীনেশ তিৱাৰী, পদ্মশ্ৰী ৰামকুয়াংবে জেমি, মেঘালয়ৰ জয়ন্তীয়া ৰজা পুৰামন কেঞ্জিং ।

অনুষ্ঠানৰ উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, 1974 চনত জেলিয়াংৰং হেৰেককা এছোচিয়েচন স্থাপিত হয় । 2024 চনত এই জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ 50 বছৰ পূৰ্ণ হৈছে । এই সংগঠনটো আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাণী মা গাইদিলিউ আৰু হাইপু যাদুনাঙে নেতৃত্ব দি আগবঢ়াই লৈ যায় ।

5 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব জেলিয়াংৰং হেৰেককা এছোচিয়েচনৰ সোণালী জয়ন্তী অনুষ্ঠান তথা 42 সংখ্যক সাধাৰণ অধিবেশন অনুষ্ঠিত কৰা হৈছে । আনহাতে, মঙলবাৰে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল গোলাবচান্দ কাটাৰিয়া । ইয়াৰ উপৰি 7 ফেব্ৰুৱাৰীৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ পোহৰেৰে অসমৰ উন্নয়নৰ জয়গান গাব খোজে কমল মেধিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.