ETV Bharat / state

অসমৰ শ্ৰমিকক অৰুণাচলী মালিকে বন্দী কৰাৰ অভিযোগ - Assam workers tortured

Labourers stranded in Arunachal: পুনৰ অসমৰ শ্ৰমিকক বহিঃৰাজ্যত বন্দী কৰি ৰখাৰ অভিযোগ মালিকৰ বিৰুদ্ধে । ডুমডুমাৰ এহাল স্বামী-স্ত্ৰীৰ অৰুণাচলৰ অনিনিলৈ কাম কৰিবলৈ গৈ সন্ধানহীন । পৰিয়াললৈ দম্পতীটোৰ অসহায় অৱস্থাৰ ফটো প্ৰেৰণ ।

Labourers from Assam stranded in Arunachal
অসমৰ শ্ৰমিকক অৰুণাচলী মালিকে বন্দী কৰাৰ অভিযোগ
author img

By ETV Bharat Assamese Team

Published : February 7, 2024 at 11:27 AM IST

2 Min Read
অসমৰ শ্ৰমিকক অৰুণাচলী মালিকে বন্দী কৰাৰ অভিযোগ

তিনিচুকীয়া, ৭ ফেব্ৰুৱাৰী: বহিঃৰাজ্য বিশেষকৈ অৰুণাচল প্ৰদেশত অসমৰ শ্ৰমিকসকল কাম কৰিবলৈ গৈ বন্দী হোৱা বা শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হোৱা ঘটনা কোনো নতুন ঘটনা নহয় । তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ ৰাইডাং চাহ বাগিচাৰ পালং লাইনৰ মনু বাহাদুৰ ছেত্ৰী আৰু তেওঁৰ দ্বিতীয় পত্নী পূৰ্ণিমা তাঁতী নামৰ এটা দম্পতী ২০২১ চনতেই দুজনমান মধ্যভোগীৰ নেতৃত্বত কাম কৰিবলৈ অৰুণাচল প্ৰদেশৰ অনিনিলৈ বুলি গৈছিল ।

বিগত বৰ্ষসমূহত সকলো ঠিকেই আছিল যদিও প্ৰায় ১০/১১ দিন পূৰ্বে এক বিশেষ ম’বাইল নম্বৰৰ পৰা মনু বাহাদুৰৰ ঘৰত থকা পৰিয়ালৰ সদস্যলৈ ফোন আহে । মনুক মালিকে বিভিন্ন ধৰণৰ শাৰিৰীক-মানসিক অত্যাচাৰ চলোৱা বুলি ফোনযোগে পৰিয়ালক জানিবলৈ দিয়াৰ লগতে দম্পতীহালৰ অসহায় অৱস্থাৰ ফটো প্ৰেৰণ কৰে । ইয়াৰ পাচতেই চিন্তিত হৈ পৰে মনু বাহাদুৰৰ পৰিয়ালৰ লোকসকল ।

পৰৱৰ্তী সময়ত ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকে ডুমডুমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । কিন্তু, এজাহাৰ দিয়া কেইবাটাও দিন অতিক্ৰম কৰাৰ পাচতো এই দম্পতীহালক উদ্ধাৰৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । অন্যহাতে, বহিঃৰাজ্যত বিশেষকৈ অৰুণাচল প্ৰদেশত অসমৰ শ্ৰমিকসকলৰ ওপৰত মালিক পক্ষই আতিহাৰ্য চলোৱাৰ ঘটনা এইয়াই প্ৰথম নহয় ।

সময়ে-সময়ে এনেদৰে অসমৰ শ্ৰমিকক অৰুণাচলৰ বিভিন্ন ঠাইত বন্দী কৰি মালিক পক্ষই নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহে । ইফালে, একাংশ মধ্যভোগী দালালে মোটা অংকৰ কমিচনত গাঁও তথা চাহ বাগিচা অঞ্চলৰ দুখীয়া সহজ-সৰল শ্ৰমিকক বিভিন্ন প্ৰলোভন দি অৰুণাচল প্ৰদেশলৈ প্ৰেৰণৰ ব্যৱসায় চলাই আহিছে । এইক্ষেত্ৰত তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলা আয়ুক্তৰ হস্তক্ষেপ দাবী কৰে বীৰ লাচিত সেনা অসমে ।

লগতে পঢ়ক: ৰাজ্যৰ দুই স্থানত ভয়ংকৰ পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.