ETV Bharat / state

গিবন অভয়াৰণ্য গৌৰৱ আৰু আৱেগক ধ্বংস কৰিবলৈ দিয়া নহ’ব: অৰিন্দম গগৈ

গিবনত তেল আৰু গেছ খননৰ বাবে অনুমতি দিয়া অভিযোগত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । কি দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

KMSS protest over alleged permission to mine oil and gas in Gibbon
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 22, 2025 at 11:00 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: নেচনেল বৰ্ড অৱ ৱাইল্ড লাইফৰ ষ্টেণ্ডিং কমিটিয়ে বেদান্ত গ্ৰুপৰ কেইৰ্ণ ইণ্ডিয়াক গিবনৰ ইক' ছেনছিটিভ জ'নত তেল আৰু গেছ খননৰ বাবে অনুমতি দিয়া অভিযোগ উত্থাপন কৰি বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

চৰকাৰ বিৰোধী শ্ল'গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । "গিবন আমাৰ গৌৰৱ আৰু আৱেগ, ইয়াক আমি ধ্বংস কৰিবলৈ দিব নোৱাৰো'' ইত্যাদি শ্ল'গানেৰে কঁপাই তোলে প্ৰতিবাদস্থলী । বুধবাৰে জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত প্ৰতিবাদত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সভাপতি অৰিন্দম গগৈয়ে কয়, “আগতে আমি কৰা প্ৰথম পৰ্যায়ৰ প্ৰৱল প্ৰতিবাদত তেল খননৰ প্ৰক্ৰিয়া স্থগিত ৰাখিছিল । কিন্তু পুনৰ নেচনেল বৰ্ড অৱ ৱাইল্ড লাইফৰ ষ্টেডিং কমিটিয়ে তেল আৰু গেছ অন্বেষণৰ বাবে অনুমতি দিছে । ইয়াৰ পুনৰ বিৰোধিতা কৰি আমি প্ৰতিবাদ কৰিছোঁ ।"

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ (ETV Bharat Assam)

তেওঁ লগতে কয়,"আমাৰ স্পষ্ট মত গিবনক কোনো কাৰণতে ধ্বংস হ’বলৈ দিব নোৱাৰোঁ । কাৰণ গিবন আমাৰ কাৰণে গৌৰৱ আৰু আৱেগ । এই গৌৰৱ আৰু আৱেগক নষ্ট কৰি পুঁজিপতিৰ হাতত গতাই দিব নোৱাৰো আৰু গিবনক সমুলঞ্চে ধ্বংস কৰা চেষ্টা চলাইছে বিজেপি চৰকাৰে ।”

ইক' ছেনছিটিভ জ'ন ভূমিকম্প প্ৰৱণ আৰু হাতী চলাচলৰ পথ:

কৃষক মুক্তি যোৰহাট জিলা সমিতি সভাপতি অৰিন্দম গগৈয়ে পুনৰ কয়, “গিবন এলেকা যি ইক' ছেনছিটিভ জ'নৰ ৪.৪৯ হেক্টৰ ভূমিত বেদান্ত গ্ৰুপৰ কেইৰ্ণ ইণ্ডিয়াক খননৰ অনুমতি দিছে, সেই অঞ্চল ভূমিকম্প প্ৰৱণ আৰু হাতী চলাচলৰ পথ । সেয়েহে এই কাৰ্য শীঘ্ৰে বন্ধ কৰক অনাথ্য চৰকাৰে কঠোৰ পৰিস্থিতি বাবে সাজু থাকক ।”

উল্লেখ্য যে হোলোঙাপাৰাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ ইক’ ছেন্সিটিভ জনৰ অন্তৰ্গত দিচৈ, দিচৈ ভেলী আৰু তিৰুহিলচ সংৰক্ষিত বনাঞ্চলত তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণৰ বাবে অনুমতি দি অসম আৰু নাগালেণ্ডৰ কাষৰীয়া বনাঞ্চলৰ সৈতে সংযোগ থকা ইক' ছেন্সিটিভ জ'নৰ ২২ কিলোমিটাৰ জোৰা অঞ্চলত তেল আৰু প্ৰাকৃতিক গেছ খনন কৰি পৰিৱেশৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব বুলি অভিযোগ তুলি বিগত সময়তো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰিছিল ।

কিন্তু কৃষক মুক্তি অভিযোগ মৰিয়নি স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নাকচ কৰিছিল আৰু গিবনত কোনো তেল আৰু গেছ খনন নহয় বুলি দাবী কৰি আহিছে ।

লগতে পঢ়ক: বন্যহস্তীলৈ কলগছ, শৰাই-নৈবদ্য - PUBLIC PROVIDED FOOD TO ELEPHANTS

ৰেট হোল মাইনিং এৰি লিডু-মাৰ্ঘেৰিটাৰ পৰা দলে দলে পলাইছে শ্ৰমিক - DRIVE AGAINST RAT HOLE MINING